Logo
image

আতিশীক মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা উলিয়াই দিলে উপৰাজ্যপালে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ অক্টোবৰ : ৪৮ ঘণ্টাও চৰকাৰী বাসভৱনত থাকিব নোৱাৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা৷ আজি বুধবাৰে বেলবোধনৰ দিনাই চৰকাৰী বাসভৱনৰ পৰা মাৰ্লেনাক উচ্ছেদ কৰে পৌৰ বিভাগে৷ দিল্লীৰ উপ-ৰাজ্যপাল বি কে ছাক্সেনাৰ নিৰ্দেশতে আতিশীক এনেদৰে উচ্ছেদ কৰা বুলি আম আদমি পাৰ্টীৰ নেতৃত্বই অভিযোগ কৰিছে৷ তেওঁলোকে সাক্সেনাক বিজেপিৰ দালালো আখ্যা দিয়ে৷ অৱশ্যে এই সন্দৰ্ভত দিল্লীৰ উপ-ৰাজ্যপাল         


ছাক্সেনা বা ৰাজভৱনৰ তৰফৰ পৰা কোনো মন্তব্য কৰা নাই৷ উল্লেখ্য, দিল্লীৰ সুৰা কেলেংকাৰি গোচৰ সন্দৰ্ভত জামিনত মুক্তি পোৱা অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদ এৰাৰ পাছতে সুদীৰ্ঘ ৯ বছৰ ধৰি থকা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনো ত্যাগ কৰিছিল৷ নতুন দিল্লীৰ ৬নং ফ্লেগ ষ্টাফ ৰোডৰ এই বাসভৱনত যোৱা ৭ অক্টোবৰত নতুন মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ প্ৰৱেশ ঘটিছিল৷ কিন্তু আজি দুপৰীয়া মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনলৈ পৌৰ বিভাগৰ চৰকাৰী বিষয়াসকল আহি চৰকাৰী আৱাস খালী কৰাবলৈ নিৰ্দেশ অহা বুলি কয়৷ পৌৰ বিভাগে চৰকাৰী বাসভৱনৰ পৰা আচবাব-পত্ৰসহ অন্যান্য সা-সামগ্ৰী লৈ গুচি যায়৷ বিতত আৰু উপায়ন্তৰ মুখ্যমন্ত্ৰী আতিশীয়ে সামাজিক মাধ্যমযোগেই উচ্ছেদৰ একাধিক ভিডিঅ’ প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা পাছত এক বিবৃতিৰ জৰিয়তে কোৱা হৈছে– স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে এনেদৰে এগৰাকী মুখ্যমন্ত্ৰীক চৰকাৰী বাসভৱনৰ পৰা উচ্ছেদ কৰা হ’ল৷ বিজেপিৰ পক্ষত এনে চৰম লজ্জাজনক ঘটনা সংঘটিত কৰিছে দিল্লীৰ উপ-ৰাজ্যপালে৷ উল্লেখ্য, যোৱা ২১ ছেপ্টেম্বৰত মাৰ্লেনাই দিল্লীৰ অষ্টমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল৷