Logo
image

আজি কাতি বিহু, তুলসী তল-পথাৰত জ্বলিব চাকি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৭ অক্টোবৰ : তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে...৷ বৃহস্পতিবাৰে কাতি বিহু৷ অসমীয়াৰ প্ৰণৰো প্ৰাণ তিনিটা বিহুৰ অন্যতম কাতি বিহু৷ চহা জীৱনৰ সৈতে সংপৃক্ত  হৈ আছে অসমীয়াৰ জাতীয় উৎসৱ সমূহ৷ বিহুয়ে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰে৷ সমগ্ৰ ৰাজ্যজুৰি কৃষিজীৱী অসমীয়াৰ কৃষ্টি আৰু পৰম্পৰাৰ অনন্য অংশস্বৰূপ বাপতিসাহোন তিনিটা বিহুৰ অন্যতম কাতি বিহু বৃহস্পতিবাৰে পালন কৰা হ’ব৷ শ্যামলী শইচৰ শ্ৰীবৃদ্ধি কামনা কৰি অসমীয়া কৃষিজীৱী ৰাইজে আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰে৷  অসমৰ কৃষিজীৱী লোকে খেতি পথাৰত আৰু ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসী তলত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে বন্তিৰ পোহৰেৰে অশুভ শক্তিৰ বিনাশ কামনা কৰে৷ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত পৰম্পৰাগ ৰীতি-নীতিৰে কাতি বিহু পালনৰ কৰা হ’ব৷ কৃষিজীৱী অসমীয়াই এতিয়া কঙালী বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালনৰ প্ৰস্তুতি চলাইছে৷ বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে৷ জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ৷ কপালৰ ঘাম মাটিত পেলাই হাড়ভঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰত ভূঁই ৰুই অন্ত কৰে৷ শস্যডৰা নদন বদন হ’ব৷ অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, সকলো অভাৱ অনাটন দূৰ হ’ব সেই আশা বুকুট বান্ধে কৃষিজীৱী অসমীয়াই৷ এনে সময়ত শস্য নষ্টকাৰী কীট-পতংগ, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে নকৈ ফুলাম হৈ পৰা ধাননিডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়কে কাতি বিহুৰ দিনাই আকাশবন্তি জ্বলাই নিজৰ খেতিডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰে৷ অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত অনাড়ম্বৰভাৱে পালন কৰি আহিছে৷


এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ : অনাটনে কৃষক ৰাইজক হেঁচি ধৰে৷ সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে৷ লোকবিশ্বাস অনুসৰি কাতি বিহুৰ দিনা ঘৰ দুৱাৰ, চোতাল পদূলি পৰিষ্কাৰ হৈ থাকিলেহে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে৷ আহিন মাহৰ শেষ দিনটোত প্ৰতিজন কৃষকেই নিজৰ নিজৰ কামত ব্যস্ত হয়৷ চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন ৰঙা মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে৷ এটি সুন্দৰ তুলসী পুলি ৰুই মচি-কাচি নিকা কৰি থয়৷ কোনো কোনোৱে তুলসী  ভেটিৰ চাৰিও ফালে চাৰিটা কলৰ পুলিও ৰোৱে৷ সন্ধিয়া এই তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ-ছাগলীৰ গৰালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয়৷ চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয়৷ বিশেষকৈ গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি অমিতা ফালি বা ঔটেঙাৰ বকলা ব্যৱহাৰ কৰে৷ কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়৷ তুলসীৰ তলত চাকি জ্বলাই সকলোৰে মঙল কামনা কৰে৷ অসমীয়া ৰাইজে তুলসীক লখিমী হিচাপে গণ্য কৰে৷ 

এই লখিমী দেৱী সন্তষ্ট হঅলেই সকলো দুখ : দুৰ্দশাৰ পৰা গৃহস্থই পৰিত্ৰাণ পায় বুলি গঞাই বিশ্বাস কৰে৷ কাতি মাহ হিন্দু দৰ্শনমতে পবিত্ৰ মাহ৷  কঙাল বা অভাৱ-অনাটনৰ দিনত এই বিহু উদ্‌যাপিত হঅলেও ইয়াৰ প্ৰাসঙ্গিকতা এৰাই চলিব নোৱাৰি৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো কাতি বিহু পালনৰ প্ৰস্তুতি চলিছে৷ কাতি বিহু উপলক্ষে অসমীয়াই ঘৰ, পদূলি, নামঘৰ আদি চিকুনাই তুলিছে৷ ইফালে গুৱাহাটীৰ পাশ্ববৰ্তী ঠাই সমূহৰ পৰা অহা থলুৱা ব্যসায়ী সকলে কাতি বিহুৰ সামগ্ৰীলৈ ভিৰ কৰিছে৷ কাতি বিহু উপলক্ষে প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে প্ৰতি বছৰে কাতি বিহুক এক পৰিৱেশ সংৰক্ষণ মূলক উৎসৱ হিচাপে পালন কৰি আহিছে৷ এই বেলিও সমিতিয়ে সমিতিৰ জিলা তথা শাখা সমিতি সমূহৰ উদ্যোগত অসমৰ বিভিন্ন স্থানত কাতি বিহু পালন কৰিব৷ এই উপলক্ষে সমিতিয়ে বায়ু প্ৰদূষণ প্ৰতিৰোধী উদ্ভিদ হিচাপে বিশেষভাবে তুলসী পুলি ৰোপণ কৰাৰ উপৰিও, সাঁচি, জামু আদি গছৰ পুলিও ৰোপণ কৰিব আৰু পৰিৱেশ সজাগতা মূলক আলোচনা সভা আদি অনুষ্ঠিত কৰিব৷ সমিতিৰ অবিভক্ত শিৱসাগৰ জিলা সমিতিয়ে বৰহাটত, মাজুলী জিলা সমিতিয়ে দক্ষিপাটত, নগাওঁ জিলা সমিতিয়ে পুৰণিগুদামত কামৰূপ জিলা সমিতিয়ে শুৱালকুছিত, শোণিতপুৰ জিলা সমিতিয়ে ভেৰগাৱঁত, ওদালগুৰি জিলা সমিতিয়ে ধনশ্ৰীঘাটত, দৰং জিলা সমিতিয়ে ছিপাঝাৰত, কোকৰাঝাৰ জিলাৰ বগৰীবাৰীত, ধুবুৰী জিলা সমিতিয়ে বিলাসীপাৰাত আৰু যোৰহাট জিলা সমিতিয়ে নআলি ঢেকীয়াজুলিত কাতি বিহু উৎদ্‌যাপন কৰিব বুলি অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড॰ হৰিচৰণ দাসে জানিবলৈ দিছে৷ সমগ্ৰ ৰাজ্যৰ লগতে কংক্ৰিটৰ মহানগৰীতো কাতি বিহু পালনৰ প্ৰস্তুতি তুংগত উঠিছে৷ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ উদ্যোগত আৰু খাৰঘুলি বিহু সন্মিলনৰ সহযোগত এই বেলিও কাতি বিহুটি খাৰঘুলি বিহুতলীত বৃহস্পতিবাৰে উদ্‌যাপন কৰিবলৈ যোজা চলাইছে৷ কাতি বিহু উপলক্ষে এখন কৃত্ৰিম ধাননি পথাৰৰ লগতে সম্পূৰ্ণ এক গাঁৱৰ পৰিবেশৰ সৃষ্টি কৰা হ’ব৷ কাতি বিহু উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰিব বৃহত্তৰ বিহু সমন্বয় সমিতিৰ সভাপতি ৰঞ্জন বৰাই৷ এইবেলি বিহুতলীৰ বাকৰিত কামৰূপ জিলাৰ হাজো ৰামদিয়াৰ আৰ্দশবান খেতিয়ক কনক ডেকাক প্ৰাক্তন সাংসদ ধীৰেশ্বৰ কলিতা সোঁৱৰণী বটাৰে সন্মানিত জনোৱা হ’ব৷ অনুষ্ঠানত গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধিয়ে মুখ্য অতিথি হিচাবে উপস্থিত থাকিব আৰু মেয়ৰ মৃগেন শৰনীয়া, বিধায়ক সিদ্বাৰ্থ ভট্টাচাৰ্য, প্ৰদুষণ পৰিষদৰ ক্ৰমে অধ্যক্ষ অৰূপ মিশ্ৰ আৰু সদস্য সচিব শান্তনু দত্ত, বিশিষ্ট কণ্ঠ শিল্পী তৰালি শৰ্মাকে ধৰি বহুতো গণ্যমান্য ব্যাক্তিয়ে উপস্থিত থাকিব বুলি সমিতিৰ কাৰ্যকৰী সভাপতি মধু ৰঞ্জন নাথ আৰু সাধৰণ সম্পাদক অজয় তালুকদাৰে জানিবলৈ দিয়ে৷ লগতে সমূহ গুৱাহাটীবাসীৰাইজক উপস্থিত থাকি বিহুৰ কায্যসূচী সাফল্য মণ্ডিত কৰাৰ আহ৩ান জনায়৷ উল্লেখ্য, কংক্ৰিটৰ মহানগৰীত জন্মগ্ৰহণ কৰা শিশু তথা নৱ প্ৰজন্মক অসমীয়াৰ অন্যতম বিহু কাতি বিহুৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে বৃহস্পতিবাৰে কাতি বিহুৰ আয়োজন কৰা হৈছে৷