Logo
image

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰলৈ শপত ল’লে ওমৰ আব্দুল্লাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ অক্টোবৰ : ২০১৪ চনৰ পাছত অনুষ্ঠিত প্ৰথম নিৰ্বাচনত বিজয়ী হৈ আৰু ৰাজ্যৰ পৰা কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ অৱনমিত হোৱাৰ পাছত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ওমৰ আব্দুল্লাই৷ নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাৰ এয়া মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় কাৰ্যকাল৷ ২০০৯ পৰা ২০১৪ চনলৈ পূৰ্ণাংগ ৰাজ্য জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল ফাৰুক আব্দুল্লাৰ পুত্ৰ ওমৰ আব্দুল্লা৷ তেতিয়া জম্মু-কাশ্মীৰৰ চৰকাৰৰ কাৰ্যকাল আছিল ৬ বছৰীয়া৷ ৬ বছৰীয়া কাৰ্যকালৰ শেষজন মুখ্যমন্ত্ৰী আৰু জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা হ্ৰাসৰ পাছত তথা কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ ৰচনা কৰা বুলি মন্তব্য কৰিছে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই৷ বুধবাৰে একেলগে নেচনেল কনফাৰেন্সৰ পৰা নিৰ্বাচিত সুৰিন্দৰ কুমাৰ চৌধুৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে৷ ইয়াৰ উপৰি আন চাৰিজন বিধায়ক ক্ৰমে– সতীশ শৰ্মা, ছাকিনা য়াটো, জাভিদ ডাৰ আৰু জাভিদ ৰাণাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ কংগ্ৰেছ দলৰ ৬জন বিধায়ক থাকিলেও দলটোৰ কোনো বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ নকৰিলে৷


জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা মোদী চৰকাৰে ঘূৰাই নিদিয়াৰ প্ৰতিবাদতে কংগ্ৰেছে মন্ত্ৰীসভাত অংশগ্ৰহণ নকৰা বুলি বিধায়িনী দলৰ নেতা গোলাম আহমেদ মিৰে প্ৰকাশ কৰিছে৷ অৱশ্যে কংগ্ৰেছে নেচনেল কনফাৰেন্স চৰকাৰক বাহিৰৰ পৰা সমৰ্থন আগবঢ়াব৷ বুধবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ, চিপিএমৰ নেতা প্ৰকাশ কাৰাট, ডিএমকেৰ সাংসদ কানিমোজি কৰুণানিধি, এনচিপিৰ সাংসদ সুপ্ৰিয়া ছুলে, আপৰ সাংসদ সঞ্জয় সিং উপস্থিত আছিল৷ উল্লেখ্য, ৯০খন আসনৰ বিধানসভাত নেচনেল কনফাৰেন্স ৪২খন আসনত বিজয়ী হৈছিল৷ সহযোগী কংগ্ৰেছ দল ৬খনত তথা চিপিএম এখনত বিজয়ী হয়৷ আনহাতে, বিজেপিয়ে ২৯ আসনত, মেহবুবা মুফটিৰ পিডিপিয়ে ৩, আপ তথা পিপল্‌ছ কনফাৰেন্সে এখনকৈ আসনত আৰু জ্জজন নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হয়৷ইপিনে, একেলগে ফলাফল প্ৰকাশ পোৱা হাৰিয়ানাত নায়াব সিং ছাইনীয়েই পুনৰ মুখ্যমন্ত্ৰী হ’ব৷ বৃহস্পতিবাৰে তেওঁ শপতগ্ৰহণ কৰিব৷