কংগ্ৰেছ-বিজেপি ইপিঠি-সিপিঠি
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ অক্টোবৰ : ছয় বছৰীয়া অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰ হ’ল৷ এই অসম চুক্তি স্বাক্ষৰ হৈছিল স্বয়ং দেশৰ তদানীন্তন প্ৰয়াত ৰাজীব গান্ধীৰ উপস্থিতিত৷ চুক্তিৰ স্বাক্ষৰ কৰিছিল অসম চৰকাৰৰ মুখ্য সচিবো৷ কিন্তু সুদীৰ্ঘ ৪০ বছৰ পাছতো আজি পৰ্যন্ত আখৰে আখৰে কাৰ্যকৰী নহ’ল চুক্তিৰ অধিকাংশ দফা ৷বিশেষকৈ বিদেশী বহিষ্কৰণৰ বিষয়টোক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ যদি আৰম্ভণিৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিলেহেতেন তেন্তে ভিত্তিবৰ্ষক লৈ প্ৰশ্ন উত্থাপনৰ কোনো অবকাশেই নাছিল৷ কি কংগ্ৰেছ কি বিজেপি ক্ষমতাত থকা কোনো এখন চৰকাৰেই অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিগত ৪০ বছৰে আন্তৰিকতা প্ৰদৰ্শন নকৰিলে৷ অসম চুক্তি কেৱল ৰাজনৈতিক মুনাফা লাভৰ আহিলা হিচাপেহে ব্যৱহাৰ কৰি থাকিল শাসনত থকা প্ৰতিটো ৰাজনৈতিক দলে৷ অৱশ্যে এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম আছিল দেশৰ দুই প্ৰয়াত প্ৰধানমন্ত্ৰী ক্ৰমে ৰাজীৱ গান্ধী আৰু অটল বিহাৰী বাজপেয়ী৷ ছয় বছৰীয়া অসম আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উদ্যোগত স্বাক্ষৰিত হৈছিল অসম চুক্তি৷ কিন্তু সেই কংগ্ৰেছ দলে সুদীৰ্ঘ সময় শাসনত থকাৰ পাছতো অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মুঠেই আগ্ৰহ প্ৰদৰ্শন নকৰিলে৷ বৰং অসমৰ ওপৰত আই এম ডি টিৰ দৰে এখন আইনহে জাপি দিছিল যাৰ দ্বাৰা খিলঞ্জীয়া অসমীয়াৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হয়৷ ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ অসম চুক্তি স্বাক্ষৰ হ’লেও আই এম ডি টিৰ দৰে কুখ্যাত আইন ৰচনা কৰি কংগ্ৰেছ দলে অসম চুক্তিকে হত্যা কৰিব বিচাৰিলে৷ অথচ সেই কংগ্ৰেছ দলৰে এজন প্ৰধানমন্ত্ৰীৰ উদ্যোগত স্বাক্ষৰিত হৈছিল অসম চুক্তি৷ কেৱল কংগ্ৰেছে নহয়, বিজেপি দলেও অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত একেই ভূমিকা পালন কৰিলে৷
অসম আন্দোলনৰ সৈতে অতি ঘনিষ্টভাৱে জড়িত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত অসম চুক্তি ৰূপায়ণৰ বিষয়টোৱে কিছু গুৰুত্ব লাভ কৰিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিগত দুটা কাৰ্যকালত অসম চুক্তি ৰূপায়ণৰ বিষয়টোৱে নুন্যতমো গুৰুত্ব লাভ নকৰিলে৷ বৰং অসম চুক্তিৰ পৰিপন্থী নাগৰিকত্ব আইন [সংশোধনী] বিধেয়কহে সমগ্ৰ দেশত বলবৎ কৰা হয় একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত৷ অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ হোৱাৰ বিপৰীতে ‘কা’ৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ভিত্তিবৰ্ষ ২০১৪ চনৰ ৩১ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হয়৷ ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে অসম চুক্তিক লৈ বিজেপি নেতৃত্বাধীন চৰকাৰ কিমান উদাসীন৷ বিজেপি দলে ৰাজনৈতিকভাৱে ১৯৫১ চনক ভিত্তিবৰ্ষ কৰাৰ সপক্ষে ৰাজহুৱাভাৱে মন্তব্য কৰাৰ বিপৰীতে উচ্ছতম ন্যায়ালয়ত কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১৯৭১ চনৰ ভিত্তিবৰ্ষকে সমৰ্থন কৰি শপতনামা দাখিল কৰে৷ বিজেপিৰ এনে দুমুখীয়া নীতিৰ ফলত সৰ্বসাধাৰণ ৰাইজক ভিত্তিবৰ্ষক লৈ আজিও বিভ্ৰান্ত হৈ আছে৷ কংগ্ৰেছ দলে বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ ভিত্তিবৰ্ষ ১৯৭১ চনক মানি লৈ চুক্তি স্বাক্ষৰ কৰিলেও পৰৱৰ্তী সময়ছোৱাত আই এম ডি টিৰ দৰে আইনৰ জৰিয়তে বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈহে উঠিপৰি লাগে৷ মুখেৰে অসম চুক্তি সমৰ্থন কৰিলেও এই চুক্তি কাৰ্যকৰী কৰি খিলঞ্জীয়া অসমীয়াক ৰক্ষা কৰাৰ কোনো পদক্ষেপেই কংগ্ৰেছ চৰকাৰ সমূহে গ্ৰহণ নকৰিলে৷ কংগ্ৰেছ চৰকাৰ সমূহৰ দিনত বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ বিষয়টো ধোৱাচাঙত উঠে৷ বিজেপিৰ পীতামহস্বৰূপ যি অটল বিহাৰী বাজপেয়ীয়ে অসম আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল তেওঁৰে উত্তৰসুৰী সকলে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত নুন্যতমো আন্তৰিকতা প্ৰদৰ্শন নকৰিলে৷ বৰং ১৯১৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি হুংকাৰ দিছিল বিগত দুটা কাৰ্যকালত এই হুংকাৰৰ এটা শব্দও কাৰ্যকৰী নকৰিলে৷ মোদীয়ে উদ্দাত কণ্ঠৰে হুংকাৰ দি কৈছিল–১৬ মে’ কে বাদ আসাম মে এক ভি বাংলাদেশী নেহি ৰহেংগে... সব কুছ সামান লেকৰ যানা পৰেগা...য়ে লিখকৰ ৰাখিয়ে... বিজেপি চৰকাৰৰ শাসনত অসমত কিমানজনে বাংলাদেশী নাগৰিকক চিনাক্ত কৰা হ’ল কিমানজনক বহিষ্কাৰ কৰা হ’ল সেই বিষয়ে বিজেপি দল আৰু চৰকাৰ নীৰব৷ অসম বিদেশীৰ নিৰাপদ আশ্ৰয়স্থল হৈয়ে থাকিল৷ ১৬ মে’ৰ পাছত বাংলাদেশীয়ে অসম এৰিব লাগিব বুলি হুংকাৰ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী সময়ত অসম চুক্তিৰ ভিত্তিবৰ্ষ উলংঘা কৰি সমগ্ৰ দেশতে কা বলবৎ কৰি বাংলাদেশী হিন্দুক ৰঙা দলিছা পাৰি দিয়ে৷ অসম চুক্তিৰ ক্ষেত্ৰত যে কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ কংগ্ৰেছে যিদৰে আই এম ডি টি আইন জাপি দিছিল ঠিক তেনেদৰে বিজেপিয়ে কা জাপি দিয়ে৷ অথচ দুয়োখন আইনে অসম চুক্তিৰ পৰিপন্থী৷ অথচ অসম চুক্তিৰ ভিত্তি বৰ্ষকলৈ উচ্ছতম ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছত এতিয়া দল দুটাই আৰম্ভ কৰিছে নতুন ৰাজনৈতিক খেল৷