ইণ্টাৰনেট কৰ্তন, লেনদেনত বিড়ম্বনা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ডিজিটেল ইণ্ডিয়া’ৰ প্ৰচাৰ চলোৱাৰ সময়তে অসম মুলুকত দিনটোৰ বাবে মোবাইল ইণ্টাৰনেট ডাটা সেৱা কৰ্তন কৰি দেওবাৰে অনুষ্ঠিত কৰা হ’ল চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষা৷ এডিআৰ পৰীক্ষাৰ নামত পুৱা প্ৰায় ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ মোবাইল ইণ্টাৰনেট আৰু ডাটা-ৱাই ফাই সেৱা স্থগিত ৰখাত কাৰ্যতঃ দিনটোৰ বাবে স্তব্ধ হৈ পৰে ডিজিটেল লেনদেন৷ পুৱাৰ পৰা গধূলিলৈ ইণ্টাৰনেট নথকাত সৰ্বত্ৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ বিশেষকৈ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়াত গুগল পে’, ফোন পে’, ইউন’ পেটিএম আদি ইউ পি আই লেনদেন স্তব্ধ হৈ পৰা ব্যৱসায়ীৰ লগতে গ্ৰাহকসকলে ইণ্টাৰনেট কৰ্তন, লেনদেনত ভয়ংকৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ আনকি বজাৰ-সমাৰৰ বাবে ওলাই অহা লোকসকলে নগদ ধনৰ বাবে এটিএমলৈ ঢপলীয়াই যায় যদিও ইণ্টাৰনেট নথকাত এটিএমতো টকা উলিয়াব নোৱাৰি বিড়ম্বনাৰ মুখত পৰে৷ ইফালে নগদ ধনৰ অভাৱত ৰোগী তথা ৰোগীৰ অভিভাৱকে ঔষধ ক্ৰয় কৰিবলৈকো হাহাকাৰ কৰিবলগীয়া হয়৷ এক কথাত ডিজিটেল লেনদেন স্তব্ধ হৈ পৰাত দেওবাৰে ভয়ংকৰ দুৰ্যোগৰ মুখামুখি হয় একাংশ লোকে৷ ইণ্টাৰনেট সেৱা বন্ধৰ ফলত শ্বেয়াৰ টেক্সী-বাইক সেৱাৰ লগতে অনলাইন খাদ্য যোগানকাৰী প্লেটফৰ্মসমূহো অচল হৈ পৰে৷ ফলত ৰেপিড’, অ’লা, উবেৰত বাইক-টেক্সী চলাই পৰিয়াল পোহপাল দিয়া লোকসকলে আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰে৷
ইফালে জ’মট’, ছুইগী ইত্যাদি অনলাইন খাদ্য যোগান ধৰা প্লেটফৰ্মসমূহ অচল হৈ পৰাত হোটেল-ৰেস্তোৰাঁসমূহত খাদ্য সামগ্ৰী বিক্ৰী নোহোৱাকৈ থাকি যোৱাৰ অভিযোগ উঠিছে৷ একমাত্ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ভয়তে চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰাইজক পণবন্দী কৰাৰো অভিযোগ উঠিছে৷ সাধাৰণ এটা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বেমেজালি নোহোৱাকৈ অনুষ্ঠিত কৰিব নোৱৰাৰ আশংকাত ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হোৱাত এতিয়া চৰকাৰৰ কাৰ্য দক্ষতাক লৈয়ো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কৈ আহিছে, ঠিক তেনেসময়ত সাধাৰণ পিয়ন-চকীদাৰৰ চাকৰিৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা কাৰ্য হাস্যকৰ আৰু দুৰ্ভাগ্যজনক বুলিও বিভিন্নজনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমালোচনা কৰা দেখা গৈছে৷ কেৱল মোবাইল ইণ্টাৰনেট সেৱা কৰ্তনেই নহয়, ৰাজ্যৰ সৰ্বত্ৰ পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে থকা সকলো সাপ্তাহিক আৰু দৈনিক বজাৰসমূহো প্ৰশাসনে দেওবাৰে বন্ধ কৰি দিয়ে৷ বজাৰ বন্ধ কৰি দিয়াত খাটিখোৱা ব্যৱসায়ীসকলে অহা-বাটে উভটি যাবলগীয়া হয়৷ ইফালে চতুৰ্থবৰ্গৰ উক্ত পৰীক্ষাক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানত শনিবাৰে নিশাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ৰাজ্যিক ঘাইপথতো ট্ৰাক তথা গধূৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে প্ৰশাসনে৷ ডিমা হাচাও যোৱা ট্ৰাকসমূহ কাৰ্বি আংলঙৰ পৰা চলাচল কৰাত প্ৰশাসনে বাধা দিয়াত শনিবাৰে সন্ধিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকৰ লানি লাগে৷ প্ৰশাসনৰ এনে কাৰ্যত ক্ষুব্ধ হৈ পৰা দেখা যায় ট্ৰাক চালকসকলক৷ হাফলং অভিমুখী এজন ট্ৰাক চালকে সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰি কয়– ‘দেশৰ সকলো ৰাজ্যতে মই অহা-যোৱা কৰিছো আৰু ট্ৰাক চলাইছো৷ কিন্তু জীৱনত প্ৰথমবাৰ পৰীক্ষাৰ বাবে প্ৰশাসনে ট্ৰাক চলাচল বন্ধ কৰি দিয়া অসমত দেখিলো৷ সাধাৰণ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ১৮-২০ ঘণ্টাৰ বাবে ট্ৰাকৰ চলাচল বন্ধ কৰাৰ যুক্তিযুক্ততা ক’ত আমি বিচাৰি নাপালো৷ ইফালে কাছাৰতো পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়া পৰিলক্ষিত হয়৷