Logo
image

শীতকালত ‘হাৰ্টএটেক’ৰ ঘটনা কিয় বৃদ্ধি পায়?

অন্য ঋতুৰ তুলনাত শীতকালত কিছুমান ৰোগৰ আশংকা তুলনামূলকভাৱে বৃদ্ধি পায়৷ তাৰ ভিতৰত হাৰ্টএটেক অন্যতম৷ নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে শীতৰ আমেজ অনুভৱ হয়৷ শীতকালত এজমা, বাতবিষ আদিৰ সমস্যা বৃদ্ধি পোৱাৰ দৰে হাৰ্টএটেকৰ আশংকাও বাঢ়ে৷ গৱেষকসকলৰ মতে গ্ৰীষ্মকালৰ তুলনাত শীতকালত হাৰ্টএটেকৰ ঘটনা বেছি হয়৷ তাপমাত্ৰাৰ পৰিৱৰ্তন, বতাহৰ গতিবেগ, আদ্ৰৰ্তা আদিৰ বাবেই গ্ৰীষ্মকালৰ তুলনাত শীতত হাৰ্টএটেকৰ আশংকা বৃদ্ধি পায়৷ এই সময়ছোৱাত তাপমাত্ৰাৰ তাৰতম্য হোৱাৰ ফলত হৃদযন্ত্ৰলৈ অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায়৷ তাৰ লগে লগে ৰক্তচাপ, কলেষ্ট’ৰেলসহ নানা সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ সেয়ে শীতকালত সুস্থ আৰু নিয়ন্ত্ৰিত জীৱনশৈলীৰ প্ৰয়োজন৷ শীতকালত শ্বাসনলীত হোৱা সংক্ৰমণ বা ইনফ্লুৱেঞ্জাইও হাৰ্টএটেকৰ আশংকা বঢ়ায়৷ উল্লেখ্য যে শীতত শৰীৰচৰ্চা বা শাৰীৰিক পৰিশ্ৰম হ্ৰাস পোৱাত ইয়াৰ প্ৰভাৱ হৃদযন্ত্ৰত পৰে৷ গতিকে শীতকালত হাৰ্টএটেকৰ পৰা সাৰি থাকিবলৈ এইকেইটা বিষয়ত গুৰুত্ব দিয়ক–

শৰীৰ চৰ্চাঃ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে আৰু হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকাৰ পৰা মুক্ত হ’বৰ বাবে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰক৷  



খাদ্য গ্ৰহণঃ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো এই সময়ত অত্যন্ত প্ৰয়োজন৷ হাৰ্ট ভালে ৰাখিবৰ বাবে এণ্টি অক্সিডেণ্ট সমৃদ্ধ খাদ্য  গ্ৰহণ কৰা উচিত৷ এই সময়ত সতেজ ফলমূল, শাক-পাচলি খাদ্য তালিকাত ৰখাটো অত্যন্ত প্ৰয়োজন৷ 

ধুমপান পৰিহাৰঃ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে ধঁপাতজনিত দ্ৰব্য পৰিহাৰ কৰি চলা উচিত৷ বিশেষকৈ হৃদযন্ত্ৰক সবল কৰি ৰখাৰ বাবে ধুমপান পৰিহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়৷

তদুপৰি শীতকালছোৱাত ছুগাৰ, ৰক্তচাপ, কলেষ্টে’ৰলৰ মাত্ৰা নিয়নন্ত্ৰণত ৰখাৰ বাবে চেষ্টা কৰা উচিত৷ এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে বিভিন্ন ৰোগৰ আশংকাৰ পৰা হাত সাৰি থাকিব পাৰি৷