Logo
image

মুখ্যমন্ত্ৰীৰ আশ্বাসতো আশ্বস্ত নহয় বৃক্ষপ্ৰেমী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩১ অক্টোবৰ : গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ নামত গুৱাহাটীৰ দীঘলীপুখুৰীৰ ঐতিহ্য আৰু সৌন্দৰ্যক ক্ষতিগ্ৰস্থ কৰি তাত থকা ২৫ জোপা গছ কটাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰেও অব্যাহত আছে প্ৰতিবাদ৷ বুধবাৰে দীঘলীপুখুৰীপাৰত বৃক্ষধবংসৰ ব্যাপক প্ৰতিবাদ সবাস্ত কৰে গুৱাহাটীৰ ছাত্ৰ সমাজৰ লগতে বিভিন্ন দল-সংগঠন আৰু সচেতন ৰাইজে৷  প্ৰতিবাদী কাৰ্যসূচীত শতাধিক ছাত্ৰ-ছাত্ৰীযে অংশ গ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে অঞ্চল টোৰ আকাশ বতাহ মুখৰিত কৰি তোলে৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ, পোষ্টাৰ, প্লে কাৰ্ড লৈ দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে গছতকৈ মামা ডাঙৰ নহয়, মামা আজি এ চি ৰূমত, ভাগিন আজি ৰাজ পথত আদি বিভিন্ন শ্লোগানৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটী ছাত্ৰ সমাজৰ নেতৃত্বত প্ৰতিবাদ স্থলীত আয়োজিত সভাত ৰাজদ্বীপ মহন্ত, উৎপলা দাস, অনুজা ডেকা সহ কেইবাজনো বক্তাই বক্তব্য আগবঢ়ায়৷ ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে সমদল কৰি দীঘলীপুখুৰীৰ পাৰৰ পৰা কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় হৈ পুনৰ দীঘলীপুখুৰী পাৰলৈ এক প্ৰতিবাদী সমদল উলিয়ায়৷ এছ এফ আই, চিৰিয়াখানা সুৰক্ষা সমিতি, ছাত্ৰ সমাজ আৰু স্থানীয় দল-সংগঠন আৰু সচেতন ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ উৰণ সেতু নিৰ্মাণৰ নামত জধে মধে গছ কটা, দীঘলীপুখুৰীপাৰৰ গছ কাটিবলৈ সিদ্ধান্ত লোৱা তথা দীঘলীপুখুৰীৰ ঐতিহ্য ৰক্ষাৰ নামত বিভিন্ন দল সংগঠন তথা সচেতন ৰাইজে মঙলবাৰেও দিন তথা নিশাৰ ভাগত উক্ত স্থানতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ মঙলবাৰে নিশাৰ ভাগত গছ ৰক্ষাৰ বাবে কটনিয়ানেও৷ প্ৰতিবাদ সাব্যত কৰে৷ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ২৩-২৪ বৰ্ষৰ সভাপতি হিমাংশু কুমাৰ দাস, ছাত্ৰ কুলদীপ গৌতম শৰ্মাৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ নিশা ৯ বজাৰ পৰা পুৱতি নিশালৈ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ ‘শিল ইটা ৰ’ড চিমেণ্টে যদি অক্সিজেন দিব পাৰে তেন্তে গোটেই গছ কাটি পেলাওঁক, যদি নোৱাৰে তেন্তে অতিশিঘ্ৰেই এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক৷’– এই মন্তব্য হিমাংশু কুমাৰ দাসৰ৷ ওৰেতো নিশা জাগ্ৰত প্ৰহৰীৰ ৰূপত দেখা যায় একাংশ কটনিয়ানক৷ বুধবাৰে নিশাও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে বুধবাৰে প্ৰতিবাদকাৰীসকলে কটন বিশ্ববিদ্যালয়ৰ খাওঁ গলি হৈ সমদল কৰি গৈ থকা অৱস্থাত চেচন আদালতৰ সন্মুখ তথা তিনি আলি পইণ্টত কৰ্তব্যৰত আৰক্ষীৰ লোকে সমদলত বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় আৰু প্ৰতিবাদকাৰীসকলে প্ৰায় ২০ মিনিট সময় সেই স্থানতে বহি দিয়ে৷


পিছত তেওঁলোকক সমদল কৰিবলৈ অনুমতি প্ৰদান কৰাত, আকৌ সেই স্থানৰ পৰা গুৱাহাটী উচ্ছ ন্যায়ালয় হৈ  দীঘলীপুখুৰী পাৰত কাৰ্যসূচীৰ সমাপ্ত কৰে৷ উল্লেখ্য অনুৰূপ ধৰণে বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে দিনৰ ভাগত এই কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু পৰ্যায় ক্ৰমে ৰাজভৱন ঘেৰাও কাৰ্যসূচী হাতত ল’ব বুলি চিৰিয়াখানা সুৰক্ষা সমিতিৰ সভাপতি ৰাজকুমাৰ বৈশ্যই জানিবলৈ দিয়ে৷ বাকী ছাত্ৰ সমাজেও নিশা এই কাৰ্যসূচীত সহযোগ কৰিব বুলি জানিব পৰা যায়৷ এই প্ৰতিবাদ স্থলীত চিৰিয়াখানা সুৰক্ষা সমিতিৰ সভাপতি ৰাজ কুমাৰ বৈশ্য, সদস্যা সুজাতা শৰ্মা, আপ অসমৰ উপ-সভাপতি সৌমিক সেন গুপ্তা, কাৰ্যকৰী সদস্য জিতুল বৰুৱা, কামৰূপ মহানগৰ মটৰ শ্ৰমিক সন্থাৰ সভাপতি বীৰেন শৰ্মা, স্থায়ী বাসিন্দা তথা বিশিষ্ট কবি নীলিম কুমাৰ, দি ৱাই এফ আইৰ সম্পাদিকা উৎপলা দাস, জিলা উপ সভানেত্ৰী অনুজা ডেকা, এছ এফ আইৰ সম্পাদক ৰাজদ্বীপ মহন্ত, ছাত্ৰ সমাজৰ কটন বিশ্ববিদ্যালয়ৰ এছ এফ আই গোটৰ সম্পাদক জিত পাঠক, বি বৰুৱা সহকাৰী সম্পাদক আলোক নৰহ, শ্বাহিদুল ইছলাম, নেহা দাস, নবমি নাথ, সন্দিকৈ মহাবিদ্যালয়ৰ ভূপালি দত্ত, দিপশিখা দত্ত, ডাউন টাউন ইউনিভাৰ্চিটিৰ জোন মণ্ডল, মুস্তাক আহমেদ, শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অন্তৰিকা চেতিয়া, প্ৰবালি গগৈকে আদি কৰি প্ৰায় শতাধিক লোক উপস্থিত থাকে৷ ইফালে উন্নয়নৰ নামত গছ কটাৰ বিৰোধিতা কৰিছে ৰাজ্যৰ শিল্পী-সাহিত্যিকে৷ প্ৰকৃতি ধবংস নকৰিলৈ শিল্প-সাহিত্য ক্ষেত্ৰৰ অনেকগৰাকী সৰব হৈ পৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই যদিওবা দীঘলীপুখুৰীৰ পাৰৰ পৰা নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণ কাৰ্য আগবঢ়াই নিয়াৰ সময়ত অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বিকল্প প্ৰস্তাৱৰ সন্ধানৰ বিষয়ে সদৰী কৰিছে, তথাপি মুখ্যমন্ত্ৰীৰ মন্তব্যই যেন আশ্বস্ত কৰিব পৰা নাই সচেতন মহলক৷ যাৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ লগতে বিভিন্ন স্তৰত সচেতন মহল গছ ৰক্ষাৰ পক্ষত সৰব হোৱা পৰিলক্ষিত হৈছে৷ আনকি এইক্ষেত্ৰত সোচ্ছাৰ হৈছে ৰাজ্যৰ কেইবাগৰাকীও শিল্পী-সাহিত্যিকো৷

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব কণ্ঠশিল্পী জুবিন গাৰ্গে গছৰ সপক্ষত সৰৱ হৈ ‘গছ নেকাটিব, নাপায়’ বুলি মুকলি আহ৩ান জনায়৷ একেদৰে ‘নতুনত্বৰ নামত যদি পুৰণিসমূহক নিঃশেষ কৰা হয় আমাৰ উন্নয়ন হ’ব ঠিকেই কিন্তু ইতিহাস বুলিবলৈ আমাৰ একো নাথাকিব’ বুলি মতপোষণ কৰে অংগৰাগ পাপন মহন্তই৷ আভাসী মাধ্যমত পাপনে এই সম্পৰ্কত নিজৰ অনুভৱ ব্যক্ত কৰে এইদৰে,  ‘যদি আমি পুৰণি সকলো বস্তু ভাঙি কেৱল ‘নতুন’ নিৰ্মাণত গুৰুত্ব দিওঁ, তেন্তে আমি ঐতিহাসিকভাৱে অতি কম বয়সীয়া ঠাই হৈ পৰিম! পুৰণি ঘৰ হওক বা পুৰণি গছ হওক– আমাৰ কোনো ইতিহাস দেখুৱাবলৈ নাথাকিব!  আমি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰোঁ আৰু সেউজীয়া আৰু ঐতিহাসিক স্থাপত্যৰ সৈতে ধুনীয়া চহৰসমূহৰ শলাগ লওঁ! আৰু ইয়াত আমি গুৱাহাটী চহৰৰ ‘উন্নয়ন’ৰ বাবে প্ৰায় ঐতিহ্য— যেনে ১৫০ বছৰতকৈও অধিক পুৰণি গছ হেৰুৱাই পেলাইছো! গছৰ প্ৰতি মোৰ প্ৰেমৰ বাবেই বছৰ বছৰ ধৰি মই অহৰহ আঘাত পাই আহিছোঁ, যেতিয়া মই দেখিছোঁ যে শতিকা পুৰণি গছবোৰ পথ আদিলৈ নমাই অনা হৈছে৷ পুৰণিখিনি ৰক্ষা কৰি নতুনটো কিয় নিৰ্মাণ কৰিব নোৱাৰোঁ? ইয়াৰ চাৰিওফালে অলপ ডিজাইন কৰি আমাৰ ইতিহাস ৰক্ষা কৰিব লাগে, যদিও ইয়াৰ খৰচ বেছি!  আৰু তাৰ পিছত আমি আমাৰ চহৰবোৰত উত্তাপ বঢ়াৰ কথা পাতি থাকোঁ! গুৱাহাটীৰ পুৰণি অঞ্চল মনোমোহা গছৰ আৱৰণ!  আমাৰ সংস্কৃতিৰ অংশ! পুৰণিখিনি আমাৰ লগত ৰখাৰ উপায় বিচাৰি নাপাওঁ কিয়? ‘উন্নয়নৰ নামত দীঘলীপুখুৰীৰ পাৰৰ গছ কাটিব বুলি প্ৰচাৰ হোৱাত এই কাৰ্যৰ বিৰোধিতা কৰিছে কণ্ঠশিল্পী দীপলিনা ডেকায়ো৷ তেওঁৰ মতে, ‘সেতু নিৰ্মাণ কৰক, ধবংস নহয়৷ প্ৰাচীন গছবোৰ থাকক আমাৰ ভৱিষ্যতৰ মূল ৰূপে৷’ সংগীতৰ ক্ষেত্ৰখনৰ অনেকৰ লেখিয়াকৈয়ে সাহিত্যৰ জগতৰো কেইবাগৰাকীও লোকে প্ৰকৃতিৰ তাগিদাত সৰৱ হোৱা পৰিলক্ষিত হৈছে৷ সমাজ সচেতক তথা জনপ্ৰিয় লেখিকা স্বপ্না দাসে এইক্ষেত্ৰত কয়, ‘গছ নহ’লে আমি কেনেকৈ থাকিম৷ আমাক উন্নয়ন লাগে, প্ৰকৃতিৰ বিনন্দীয়া ৰূপো লাগে৷ প্ৰকৃতি ধবংসৰে উন্নয়নৰ স্বপ্ন দেখা ভুল৷ তেনেদৰে প্ৰকৃত উন্নয়ন অসম্ভৱ৷’ একেদৰে, অসমীয়াৰ লগতে ভাৰতীয় ইংৰাজী সাহিত্যতো সবল আত্মপ্ৰকাশ কৰা তৰুণ ঔপন্যাসিক নীলিম আকাশ কাশ্যপে কয়, ‘গছ আমাৰ উশাহ৷ উশাহ কাঢ়ি আমি আমাকেই মাৰি পেলাওঁ কিয়!’ জনপ্ৰিয় ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে সামাজিক মাধ্যমত ‘‘আমি জকাইচুকৰ গছ এজোপা কাটিলেও বেয়া পাওঁ‘‘ বুলি লিখিছে৷ জনপ্ৰিয় কবি ৰশ্মিৰীয়া গগৈয়ে এই প্ৰসংগত কয়, ‘‘উৰণীয়া সেতু বা ফ’ৰলাইন নিৰ্মাণৰ বাবে অগণন গছৰ ধবংস বিশেষ চিন্তাৰ বিষয়৷যি গছবোৰে বায়ুৰ মান নিয়ন্ত্ৰণত সহায় কৰিছিল, আজিৰ উন্নয়নৰ নামত সেইবোৰেই কাটি পেলোৱা হৈছে৷ উন্নয়ন স্বাভাৱিক, কিন্তু প্ৰকৃতিবান্ধৱ নীতি অনুসৰণ কৰাটো একান্ত জৰুৰি৷ সেয়া নকৰিলে ভৱিষ্যত প্ৰজন্মক অসহনীয় পৰিৱেশৰ মুখামুখি হ’ব লগা হ’ব৷ গছ ধবংস নহয়, সঠিক পৰিকল্পনাই হ’ব লাগে আমাৰ প্ৰকৃত প্ৰগতিৰ দিশ৷’ আনহাতে, চিত্ৰশিল্পী দিগন্ত বৰ্মনে কয়, ‘গছ কাটি উন্নয়ন—ভাবিবলৈয়েই শংকা জন্মেচোন৷’ এওঁলোকৰ উপৰি বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাৰ লগতে অনেক সমাজ সচেতন বিভিন্ন মাধ্যমত সোচ্ছাৰ হোৱা দেখা গৈছে প্ৰকৃতিৰ স্বাৰ্থত৷

তদুপৰি অসমীয়া যুৱ মঞ্চই এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে৷ উৰণীয়া সেতু নিৰ্মাণৰকল্পে অসম লোকনিৰ্মাণ বিভাগে ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ পাৰৰ শ শ বছৰীয়া পুৰণি গছ কাটিবলৈ লোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত কয়– ‘মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ৷ দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ৩ান জনাইছোঁ৷’ উল্লেখঁ, ৰাজ্যত মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা বহুত৷ তেওঁৰ অগণিত অনুৰাগী আৰু অনুগামী আছে৷ কিন্তু তাৰ পাছতো কিছু শিক্ষাৰ্থী আৰু নাগৰিকে যে ৰাতি গছ-পহৰা দিছে সেয়াই চাগে তেওঁৰ ব্যৰ্থতা বুলি সমাজৰ একংশ সচেতন ৰাইজে মত প্ৰকাশ কৰিছে৷ লগতে ৰাজ্যৰ বাকী প্ৰান্তৰ কথা বাদেই গুৱাহাটীৰ,  জু-ৰোড, ৰুক্মিণী গাঁৱত উৰণ সেতু নিৰ্মাণৰ নামত যিদৰে নিশাৰ অন্ধকাৰত গছ কাটি পেলোৱা হ’ল, বিধানসভা ভৱনৰ নামতো নিশা গছ কাটি পেলোৱা হ’ল তাৰ পৰাই নি(য় সেই অবিশ্বাসৰ জন্ম হৈছে বুলিও মত প্ৰকাশ কৰে৷ ইফালে, গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি নিৰ্মীয়মান উৰণ সেতুৰ নামত নিউ গুৱাহাটী, বামুণীমৈদামত গছৰ ঠাল ঠেঙুলি কটা পৰ্বও আৰম্ভ হৈছে৷ নাৰেঙ্গী -বোন্দা, গুৱাহাটী শোধনাগাৰৰ সমীপকে ধৰি গুৱাহাটীৰ কেবা ঠাইতো বছৰ দিন আগতেই পথ বহলোৱা হ’ল৷ পিছে এডালো গছ পুলি তাত ৰোৱা নহ’ল৷ মানুহৰ অবিশ্বাসৰ জন্ম তাৰ পৰাই আৰম্ভ হয়৷ প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে আজি ‘গছতকৈ মোমাই ডাঙৰ নহয়’ বুলি ক’বলগীয়া হোৱাটোও চাগে মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাত থাকি যোৱা এটা প্ৰশ্নবোধক৷  মুখ্যমন্ত্ৰীয়ে নি(য় কথা কেইটা গুৰুত্ব সহকাৰে লব৷ মাথোঁ দীঘলীপুখুৰীৰেই নহয়, কতো গছ কাটি পথ বহলাব নালাগে, উৰণ সেতু কৰিব নালাগে৷ কাৰণ ৰাষ্টা, দলং নিৰ্মাণৰ বিজ্ঞানসন্মত অনেক পথ আছে বুলিও মত প্ৰকাশ কৰে৷ উল্লেখ্য, সৌন্দৰ্যবৰ্ধনৰ নামত গছৰ গুৰিটোও পকী কৰি দিয়াত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা খানাপাৰালৈ বহু পুৰণি গছ মৰিবলৈ ধৰিছে৷ এই কথাটো ৰজাঘৰে গুৰুত্ব সহকাৰে ল’ব বুলি সমাজৰ সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে৷