Logo
image

অভিনন্দন বন্ধু মোদীৰ মন্ত্ৰী হ’ব এলন মাস্ক!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ নৱেম্বৰ : ২০২০ চনত কৌশলেৰে ড’নাল্ড ট্ৰাম্পৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাই আহিছিল আমেৰিকাত৷ এইবাৰ শাসনত জোছেফ বাইডেন আছিল বাবে তেনে সুযোগ নাহিল৷ কিন্তু ড’নাল্ড ট্ৰাম্প পুনৰ নিৰ্বাচিত হোৱাৰ পূৰ্বাভাষ পাওতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিলে আমেৰিকাৰ ভাবী ৰাষ্ট˜পতিক৷ আনন্দত উৎফুল্লিত হৈ বন্ধু বুলি সম্বোধন কৰি অভিনন্দন জ্ঞাপন কৰিলে ট্ৰাম্পক৷ এক্স হেণ্ডলত মোদীয়ে ট্ৰাম্পক শুভেচ্ছা জনাই লিখিলে– ‘ঐতিহাসিক নিৰ্বাচনত বিজয়ৰ বাবে বন্ধু ড’নাল্ড ট্ৰাম্পক আন্তৰিক অভিনন্দন জনাইছোঁ৷ আহক, একেলগে জনগণৰ কল্যাণৰ বাবে আৰু বিশ্বশান্তি, স্থিতিশিলতা, সমৃদ্ধিৰ বাবে কাম কৰোঁ৷’ পিছে ট্ৰাম্পৰ হৈ কৌশলী প্ৰচাৰ কৰিবলৈ এইবাৰো এৰা নাছিল মোদীয়ে৷ ভাৰতীয় মাৰ্কিন ভোটাৰৰ যাতে ট্ৰাম্পে সমৰ্থন লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ মোদীৰ প্ৰচেষ্টাত মহেন্দ্ৰ সিং ধোনিক ট্ৰাম্পৰ সৈতে গ'ল্ফ খেলিবলৈ পঠিওৱা হৈছিল৷কেৱল মোদীয়েই নহয়, ট্ৰাম্পৰ বিজয়ত উল্লসিত হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু৷ কিয়নো নেতান্যাহুৰ দৰে ট্ৰাম্পো কঠোৰ সোঁপন্থী৷ তদুপৰি কমলা হেৰিছৰ দেশবাসীলৈ চূড়ান্ত প্ৰতিশ্ৰুতি আছিল ইজৰাইলৰ গাজা আক্ৰমণ বন্ধ কৰা৷ কিন্তু কমলা হেৰিছৰ পৰাজয়ৰ লগে লগে তেনে সম্ভাৱনা শূন্য হ’ল৷ নেতান্যাহুৱে ভাবিছে, তেওঁ এতিয়া মুকলি মনেৰে যুদ্ধ কৰিব পাৰিব৷ তেওঁ ট্ৰাম্পক উচ্ছসিতভাৱেই অভিনন্দন জনাইছে৷ কিন্তু নিজৰ কাৰ্যকালত কোনো যুদ্ধ নোহোৱা ট্ৰাম্পে ইজৰাইলৰ যুদ্ধবাজ নীতি আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰতি কি নীতি গ্ৰহণ কৰে, সেয়া এতিয়াও অনিৰ্ণীত৷


আনহাতে, ড’নাল্ড ট্ৰাম্পৰ বিজয়ত জঁপিয়াই আছে তেওঁৰ নিৰ্বাচনী সভাত জঁপিয়াই জঁপিয়াই প্ৰচাৰ চলোৱা টেছলা, এক্সৰ মালিক এলন মাস্ক৷ হাতত এটা বেছিন লৈ হোৱাইট হাউছত প্ৰৱেশ কৰাৰ ‘মিম’ আপলোড কৰা মাস্ক ট্ৰাম্প মন্ত্ৰীসভাৰ এজন দায়িত্বপূৰ্ণ মন্ত্ৰী হ’ব বুলি তীব্ৰ প্ৰচাৰ আৰম্ভ হৈছে৷ এসময়ৰ ব্যৱসায়ী ট্ৰাম্পে ব্যৱসায়ীৰ গুৰুত্ব জানে আৰু তেওঁৰ পৰা দেশৰ কি উপকাৰ হ’ব, তাকো উপলব্ধি কৰিব পাৰে৷ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতে মাস্কে এ আইৰ দ্বাৰা প্ৰস্তুত কৰা এখন ফটোত নিজকে আমেৰিকাৰ মন্ত্ৰীৰূপে দেখুৱাই এক্সত পোষ্ট কৰিছিল৷ আজি বিজয় নিশ্চিত হোৱাৰ সময়তে ট্ৰাম্পে যিদৰে মাস্কক আৰু তেওঁৰ অৱদানক প্ৰশংসা কৰিলে, তালৈ চাই বহুতেই টেছলাৰ স্বত্বাধিকাৰীক ট্ৰাম্পৰ কেবিনেট সতীৰ্থ হিচাপেই গণ্য কৰিছে৷ অৱশ্যে মন্ত্ৰী পদ নিদি ট্ৰাম্পে তেওঁক কোনো এক বিত্তীয় কমিছনৰ মুৰব্বীৰ দায়িত্বও দিব পাৰে বুলি চৰ্চা হৈছে, যাতে দেশৰ প্ৰতিটো ডলাৰ যথাযথভাৱে ব্যয় হোৱাটো মাস্কে নিৰীক্ষণ কৰে৷ আনহাতে, বিশ্বৰ সকলো ৰাষ্ট্ৰপ্ৰধানৰ দৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এতিয়াও ট্ৰাম্পক অভিনন্দন জনোৱা নাই৷ কিন্তু শত্ৰু দেশ হোৱা সত্ত্বেও ট্ৰাম্প-পুটিনৰ ‘বন্ধু’ত্ব বিশ্বজুৰি বিতৰ্কিত৷ ২০১৬ৰ নিৰ্বাচনত পুটিনৰ ৰাছিয়াই ট্ৰাম্পক বিজয়ী হোৱাত গোপনে সহায় কৰিছিল৷ সেই গোচৰত দেশৰ আদালতত অভিযুক্ত ট্ৰাম্পৰ বিচাৰ চলি আছে৷ কিন্তু ট্ৰাম্প পুনৰ নিৰ্বাচিত হোৱাত নিশ্চিতভাৱেই উশাহ লৈছে পুটিনে৷ ইপিনে, ট্ৰাম্পেই আছিল প্ৰথম মাৰ্কিন ৰাষ্ট˜পতি, যি বিশ্বৰ প্ৰায় সকলো দেশৰ নিষেধাজ্ঞাৰ কবলত থকা উত্তৰ কোৰিয়াৰ চৰকাৰী প্ৰতিনিধিৰ সৈতে মুখামুখি বৈঠকত মিলিত হৈছিল৷ সেয়ে ট্ৰাম্পৰ বিজয়ে একেই স্বভাৱৰ কিম জং উনৰ মুখতো হাঁহি বিৰিঙিছে৷ আনহাতে, কূটনৈতিক সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা নাই বাংলাদেশৰ৷ অলপতে ট্ৰাম্পে বাংলাদেশত সংখ্যালঘূক অত্যাচাৰ কৰা বুলি বিবৃতি দিছিল৷ এতিয়া বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে পূৰ্বে ট্ৰাম্প বিজয়ী হোৱাটো সূৰ্যগ্ৰহণৰ দৰে বুলি প্ৰবন্ধ লিখিছিল৷ অথচ বাংলাদেশৰ বিতাড়িত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক আছিল মধুৰ৷ সেয়ে মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশ ট্ৰাম্পৰ জৰিয়তে লাভান্বিত নহ’ব বুলিয়েই ধাৰণা কৰা হৈছে৷