ৰাজহ লাগে পৰ্যটন বিভাগক! কাজিৰঙা হ’ব ৱেডিং ডেষ্টিনেচন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ নৱেম্বৰ : ৰাজকোষৰ তলি উদং ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ঋণ লোৱাটো কোনো নতুন কথা নহয়৷ ৰাজহৰ লক্ষ্যৰে চৰকাৰে সৰ্বসাধাৰণ জনতাৰ ওপৰত বোজা সৃষ্টি কৰি বিভিন্ন ক্ষেত্ৰত কৰ-কাটলৰ পৰিমাণ বৃদ্ধি কৰাও দেখা গৈছে৷ কিন্তু এইবাৰ ৰাজহৰ স্বাৰ্থত কাজিৰঙাৰ বন্য জীৱ-জন্তুকো বলিৰ পঠা সজাবলৈকো কুণ্ঠাবোধ নকৰিলে অসম পৰ্যটন উন্নয়ন নিগমে৷ একমাত্ৰ ৰাজহ সংগ্ৰহৰ আশাৰে পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে চিহ্নিত বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বাধীন অসম পৰ্যটন উন্নয়ন নিগমে ৱেডিং ডেষ্টিনেচন হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে৷ পৰ্যটন উন্নয়ন নিগমৰ এই পৰিকল্পনাক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ অসম পৰ্যটন উন্নয়ন নিগমে কাজিৰঙাৰ কহৰাস্থিত নিগমৰ ‘অৰণ্য টুৰিষ্ট লজ’ক বিবাহ-বাহৰ হিচাপে ব্যৱহাৰৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ অসমৰ লগতে দেশ-বিদেশৰ যিকোনো লোকে কাজিৰঙাক ৱেডিং ডেষ্টিনেচন অৰ্থাৎ বিবাহৰ স্থান হিচাপে লৈ পৰ্যটন নিগমৰ চৰকাৰী অতিথিশালাটোক ব্যৱহাৰ কৰাৰ বাবে মুকলি কৰি দিছে৷
এই বিজ্ঞাপনটোক লৈ এতিয়া প্ৰকৃতিপ্ৰেমীৰ লগতে সচেতন লোকসকলো খৰ্গহস্ত হৈ পৰা দেখা গৈছে৷ অসম পৰ্যটন উন্নয়ন নিগমে কাজিৰঙা পৰ্যটন অতিথিশালাটোক ৱেডিং ডেষ্টিনেচন হিচাপে ব্যৱহাৰৰ বাবে বুকিং নম্বৰ মুকলি কৰি সামাজিক মাধ্যমৰ পেজত শ্বেয়াৰ কৰা বিজ্ঞাপনটোক উল্লেখ কৰিছে যে– অসমক ৱেডিং ডেষ্টিনেচন হিচাপে যদি পৰিকল্পনা কৰিছে কাজিৰঙাৰ অৰণ্য টুৰিষ্ট লজটোক আপুনি বিবেচনা কৰিব পাৰে৷ পক্ষীকূলৰ কোলাহলৰ লগতে গছৰ পাতৰ খিলখিল শব্দ আৰু মৃদু বতাহৰ মাজত প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যত নিজকে নিমজ্জিত কৰি বিশেষ দিনটোক যাদুকৰী কৰি তুলিব পাৰিব বুলিও নিগমৰ বিজ্ঞাপনটোত উল্লেখ কৰিছে৷ বিজ্ঞাপনটোত লগতে পৰ্যটন নিগমৰ অতিথিশালাটোৰ কেইবাখনো ফটোও আপলোড কৰিছে৷ কিন্তু পৰ্যটন উন্নয়ন নিগমৰ এই সিদ্ধান্তক লৈ প্ৰকৃতিপ্ৰেমীসকল জাঙুৰ খাই উঠাই নহয়, সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে৷ ৰাজহ সংগ্ৰহ স্বাৰ্থত কাজিৰঙাৰ মাজমজিয়াত থকা কহৰাৰ অৰণ্য টুৰিষ্ট লজটোক বিবাহ ভৱন হিচাপে গঢ়ি তুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণী আৰু পক্ষীকূলকো শান্তিত থাকিবলৈ নিদিব নেকি বুলিও প্ৰশ্ন কৰিছে৷ বন্যপ্ৰাণীৰ বাবে পৰিৱেশ সংবেদনশীল এলেকা হিচাপে চিহ্নিত কাজিৰঙাত হুলস্থূলীয়া পৰিৱেশৰ মাজত উচ্ছস্বৰত গান আৰু বেণ্ডপাৰ্টী বজাই, ফটকা-আতচবাজী ফুটাই বিবাহ অনুষ্ঠানৰ আয়োজনৰ অনুমতিৰ কথা কেনেকৈ ভাৱিব পাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে৷ কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকাত থকা চৰকাৰী অতিথিশালাটোত বিবাহ অনুষ্ঠানৰ আয়োজনৰ বাবে পৰ্যটন উন্নয়ন নিগমে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ লগতে কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ অনুমতি লৈছে নাই বুলিও প্ৰশ্ন কৰিছে৷ লক্ষণীয়ভাৱে কিছুদিন পূৰ্বে দেশৰ প্ৰখ্যাত লেখিকা, সমাজসেৱিকা সুধা মূৰ্তিয়ে বিশ্ব ঐতিহ্য মাজুলীক দেশৰ অন্যতম ৱেডিং ডেষ্টিনেচন হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছিল৷ কিন্তু বিশিষ্ট সমাজকৰ্মী গৰাকীৰ পৰামৰ্শৰ পৰিৱৰ্তে এতিয়া ওলোটাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বাধীন পৰ্যটন উন্নয়ন নিগমে বন্যপ্ৰাণী আৱাসস্থলী কাজিৰঙাকহে ৱেডিং ডেষ্টিনেচন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে৷ একমাত্ৰ ৰাজহ বৃদ্ধিৰ আশাতে পৰ্যটন নিগমে এই সিদ্ধান্ত লোৱা বুলিও চৰ্চা লাভ কৰিছে৷