ঝাৰখণ্ডত ৩ হাজাৰ কোটি টকা খৰচ কৰিলে হিমন্তই! অখিলৰ দাবী
‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি, ২৬ নৱেম্বৰ : উজনিৰ ৰাইজে বিজেপিক খেদিছে৷ কিয়নো খিলঞ্জীয়া মানুহে বিজেপিক এতিয়া এৰিলে৷ বিগত লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা একেবাৰে বাহিৰ কৰি দিয়া হৈছিল বিজেপিক৷ খিলঞ্জীয়াৰ ভোট নাপাই এতিয়া মিঞাৰ ভোট লাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্তই ২০২৬ৰ নিৰ্বাচনত ৫ সংখ্যালঘু সমষ্টিকলৈ মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী কৰিছে৷ বিজেপিৰ লাহৰিঘাট, ৰূপহীহাট, চামগুৰি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জত ভাল ফল হ’ব বুলি কৈছে৷ অথচ কেইদিনমান আগতে মিঞাৰ ভোট নালাগে বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই৷ বিহালীত খিলঞ্জীয়া মানুহে বিজেপিক ভোট দিয়া নাই৷ চামগুৰিত খিলঞ্জীয়া মানুহে বিজেপিক ভোট দিয়া নাই৷ কংগ্ৰেছক ভোট দিলে৷ যোৱা লোকসভা নিৰ্বাচনত কৰিমগঞ্জ বিজেপি জিকিছে মিঞাৰ ভোটত৷ এতিয়া চাচা আৰু মামাৰ খেল খেলিছে হিমন্তবিশ্বই৷ সোমবাৰে শিলচৰৰ বিলাসী ৰেষ্টহাউছ কাছাৰ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এনেদৰে কয় ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈয়ে৷ অখিল গগৈয়ে কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা লুণ্ঠন কৰি নিয়া তিনি হাজাৰ কোটি টকা ঝাৰখণ্ডৰ নিৰ্বাচনত খৰচ কৰিও বিজেপিক জয়ী কৰিব পৰা নাই৷ ঝাৰখণ্ডত বিজেপি চৰকাৰ গঠন কৰিব পাৰিলে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছিল হিমন্তবিশ্বই৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীআদিত্য নাথ হ’ব বিচাৰিছিল হিমন্তই৷ কিন্তু ঝাৰখণ্ডৰ মানুহে খেদিছে৷ ঝাৰখণ্ডত বিজেপি এইবাৰ চাৰিটা সমষ্টি কম পাইছে৷ বাংলাদেশী ইছু্য ঝাৰখণ্ডত ফ্লপ হৈছে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত কোনো ছাৰ্ভে নকৰাকৈ ভাৰতীয় মানুহক বাংলাদেশী বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁলোক আচলতে বাংলাদেশী নহয়৷ অখিলে কয়, ভোট গণনাৰ পিছত ঝাৰখণ্ডত বিজেপি পৰাস্ত হোৱাৰ বাতৰি পাই গোটেই দিন ঘৰত সোমাই কান্দি থাকিবলগীয়া হৈছিল মুখ্যমন্ত্ৰী হিমন্ত৷ লাজত ওলাব পৰা নাছিল৷ ফেচবুক লাইভত ঝাৰখণ্ডৰ ভোট গণনাক লৈ একো ক’ব পৰা নাই৷ তেওঁ কয়– মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাত থকা বঙালীসকলৈ কোনো ধৰণৰ প্ৰীতি নাই৷ গুৱাহাটীত বাঙালী প্ৰীতি দেখা যায় যদিও বঙালী সকলৰ পৰা ৰাজনীতিৰ ফায়দা লৈছে৷ আৰু বঙালী আৰু অসমীয়াৰ মাজত কাজিয়া লগাইছে বিজেপিয়ে৷ বৰাক উপত্যকাৰ ৰাইজৰ বাবে বিজেপিয়ে একো কৰা নাই৷ বিজেপি আমোলত বৰাকৰ উন্নয়ন জিৰো৷ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত ৰে’ল সঘনে ব্যহত হৈছে৷ সুদীৰ্ঘ বছৰ ধৰি মহাচড়ক হোৱা নাই৷ শিলচৰ -জোৱাই ৰাস্তাৰ অৱস্থা শোচনীয়৷ সৰ্বানন্দ সোণোৱালে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ উন্নয়নৰ শ্লোগান দিছিল যদিও বৰাক নদীৰ খনন হোৱা নাই৷ বাংলাদেশ হৈ কলকাতালৈ জাহাজ চলাচল নহ’ল৷ বৰাকত চিৰিয়াখানা চাব আহিছিলো৷ কিন্তু ক’ত চিৰিয়াখানা৷ মিনি সচিবালয় নিৰ্মাণ নহ’ল৷ ৯ বছৰে মিনি সচিবালয় নহ’ল৷ হিমন্ত বিশ্ব শৰ্মাক ফ্লাইওভাৰ মুখ্যমন্ত্ৰী বুলি কোৱা হয়৷ কিন্তু শিলচৰৰ যান-জঁট সমস্যা সমাধানৰ বাবে এলিভেটৰ ফ্লাইওভাৰ নহ’ল৷ গ্ৰীণফিল্ড এয়াৰপোৰ্ট নহ’ল৷ বিজেপি চৰকাৰে বৰাক উপত্যকাৰ কেঁচা চুপাৰী ব্যৱসায় বন্ধ কৰি দিছে৷ কেঁচা চুপাৰী ব্যৱসায় বন্ধ কৰি বৰাক উপত্যকাৰ ৰাইজৰ পেটত হাত দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ অখিল গগৈয়ে কয়, বৰাকত এজনো ভাল নেতা নাই৷ বিজেপিৰ যিসকল বিধায়ক নেতা আছে তেওঁলোক দুই নম্বৰী নেতা৷ ভাল বঙালী লোকক দেখা পোৱা নাযায়৷ সংবাদ মেলত অখিল গগৈয়ে ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ কয়, গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আজি প্তখন আসনতে বিজেপি জিকিল৷ বিজেপিক হৰুৱাবলৈ সকলো পুনৰ এক লগ হ’ব লাগিব৷ কিন্তু তাৰ পূৰ্বে গৌৰৱ গগৈয়ে অহংকাৰ ত্যাগ কৰিব লাগিব৷ লিলি হোটেলত মিটিং আমি কৰা নাছিলো, ভূপেন বৰাই, জিতেন্দ্ৰে সিঙে মাতি নিছিল আমাক৷ এইবোৰ কংগ্ৰেছৰ অফিছিয়েল বৈঠক নাছিল নেকি? গৌৰৱ গগৈয়ে বিহালীৰ ধাবাত মিটিং হ’ব বুলি কোৱা ক্ষেত্ৰত গৌৰৱ গগৈৰ এনে মন্তব্যৰ উত্তৰ দিব লাগিব ভূপেন বৰাই৷ আমাক ভূপেন বৰাই অপমান কৰিছে৷ এই প্ৰশ্নবোৰৰ উত্তৰ নিদিয়ালৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা নাই৷ গৌৰৱ গগৈৰ বাবে সংকটত পৰিছে কংগ্ৰেছ দল৷ মুৰ্খামিৰ বাবে প্তখন আসন হেৰুৱালে গৌৰৱ গগৈয়ে৷ আনকি ৰকিবুল হুছেইন নিজেও বিপদত পৰিছে৷ বৰাক উপত্যকালৈ তিনিদিনীয়া ভ্ৰমণলৈ অহাৰ তৃতীয় দিনা সংবাদ মেলত এনেদৰে মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ আনকি কংগ্ৰেছ দলে বিজেপিক সহযোগ কৰা বুলিও অভিযোগ উত্থাপন কৰে তেওঁ৷