প্ৰস্তুতি খেলৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ টীম ইণ্ডিয়াৰ
কেনবেৰা, ২৯ নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰস্তুতি খেলখনৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানেছে ভাৰতীয় ক্ৰিকেট দলটোৰ সন্মানাৰ্থে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷ ভাৰতীয় দলে মানুকা অ’ভেলত প্ৰস্তুতি খেলখন খেলিব প্ৰধানমন্ত্ৰী একাদশৰ বিৰুদ্ধে৷ গুলপীয়া ৰঙৰ বলৰে হ’বলগীয়া দিবা-নৈশ খেলখন অষ্ট্ৰেলিয়াৰ আৰু ভাৰতৰ মাজত ৬-১০ ডিচেম্বৰত এডিলেইডত হ’বলগীয়া দ্বিতীয় টেষ্টৰ প্ৰস্তুতি হিচাপে গণ্য কৰা হৈছে৷ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ পাৰ্থত অনুষ্ঠিত প্ৰথম টেষ্টত ২৯৫ ৰানত জয়ী হোৱাৰ সূত্ৰে ভাৰতে ১-০ ৰ অগ্ৰগতি লাভ কৰিছে৷ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাতৰ সময়ত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰটোকল অনুসৰি দলটোৰ সকলো সদস্যক পৰিচয় কৰাই দিয়ে৷
প্ৰধানমন্ত্ৰী আলবানেছে পাৰ্থৰ প্ৰথম টেষ্টত ভাৰতৰ জয়ত বিশেষ ভূমিকা লোৱা যশপ্ৰীত বুমৰা আৰু বিৰাট কোহলিৰ প্ৰশংসা কৰে৷ অষ্ট্ৰেলিয়াৰ সংসদৰ বৈঠকৰ পাছত প্ৰধানমন্ত্ৰী আলবানেছে ছ’চিয়েল মিডিয়াত লিখিছে–‘মানুকা অ’ভেলত শক্তিশালী ভাৰতীয় দলৰ সন্মুখত প্ৰধানমন্ত্ৰী একাদশ কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ জেক এডৱাৰ্ডছ নেতৃত্বাধীন প্ৰধানমন্ত্ৰী একাদশৰ সদস্যসকলেও প্ৰধামন্ত্ৰীক সাক্ষাৎ কৰে৷ উল্লেখ্য, আলবানেছে যোৱা বছৰ ভাৰত ভ্ৰমণৰ সময়ত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আহমেদাবাদ টেষ্টৰ সময়তো দুয়ো দলৰ ক্ৰিকেটাৰসকলক সাক্ষাৎ কৰিছিল৷