Logo
image

প্ৰতি ৬ মিনিটত এটা অকালমৃত্যু!

'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক ৯ আগষ্টঃ  দুৰ্ঘটনাৰ বাবে নহয়। পথত চলাচল কৰা যান-বাহনৰ পৰা নিৰ্গত বিষাক্ত বায়ু প্ৰদূষণৰ বাবেই ভাৰতত প্ৰতিদিনে ২০০ৰো অধিক লোকৰ অকালমৃত্যু ঘটে। আন্তঃৰাষ্ট্ৰীয় সংস্থা ইণ্টাৰনেচনেল কাউন্সিল অন ক্লিন ট্ৰান্সপ’ৰ্টেচন (ICCT)-ৰ এক প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।  ‘Health Benefits of Zero-Emission Transport Through 2050’  শীৰ্ষক প্ৰতিবেদন অনুসৰি, যান-বাহনৰ প্ৰদূষণৰ ফলত ভাৰতত প্ৰতি ৬ মিনিটত এজনকৈ লোকৰ অকালমৃত্যু ঘটিছে। একে সময়তে প্ৰতি ৩৪ মিনিটত এটি শিশুৱে যান-বাহনৰ প্ৰদূষণৰ সৈতে জড়িত হাঁপানিৰ সমস্যাত ভুগিছে।  বিশ্বৰ বিভিন্ন দেশত যান-বাহনৰ ধোঁৱাৰ প্ৰদূষণৰ ফলত হোৱা অকালমৃত্যুৰ প্ৰায় ১৩ শতাংশই ভাৰতত সংঘটিত হয়। পৰিস্থিতিৰ ভয়াবহতা ২০২৪ চনৰ তথ্যতো স্পষ্ট হৈছে। ICCT-ৰ জ্যেষ্ঠ গৱেষক লিংঝি জিনৰ মতে, পথ পৰিবহণৰ পৰা নিৰ্গত বিষাক্ত পদাৰ্থৰ আটাইতকৈ গুৰুতৰ প্ৰভাৱ পৰিছে শিশুসকলৰ ওপৰত। স্কুললৈ যোৱা-অহা অথবা দৈনন্দিন কাম-কাজৰ সময়ত তেওঁলোকে নিয়মীয়াকৈ এই প্ৰদূষিত বায়ু সেৱন কৰিবলগীয়া হৈছে।  কেৱল দিল্লীতে ২০২৪ চনত পথ পৰিবহণৰ প্ৰদূষণৰ সৈতে জড়িত কাৰণত প্ৰায় ২,৮০০ লোকৰ অকালমৃত্যু ঘটিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। একে সময়তে প্ৰায় ১,৫০০ শিশু হাঁপানিৰ সমস্যাত আক্ৰান্ত হৈছে।


ICCT-ৰ বিশ্লেষণত পথ পৰিবহণৰ প্ৰদূষণৰ অন্যতম বৃহৎ উৎস হিচাপে গধুৰ যান-বাহন—বাছ, ল’ৰী আৰু ট্ৰাক আদিক চিহ্নিত কৰা হৈছে। ২০২৪ চনৰ হিচাপ অনুসৰি, পথ পৰিবহণৰ পৰা নিৰ্গত ক্ষতিকাৰক নাইট্ৰ’জেন অক্সাইডৰ ৭৯ শতাংশ আৰু সূক্ষ্ম ধূলিকণাৰ ৬৪ শতাংশ গধুৰ যান-বাহনৰ পৰা আহিছে। গৱেষকসকলৰ মতে, পৰীক্ষাগাৰত যান-বাহনৰ নিৰ্গমন যিমান পৰিমাণৰ বুলি ধৰা হয়, বাস্তৱ ক্ষেত্ৰত পথত চলাচলৰ সময়ত তাতকৈ অধিক পৰিমাণৰ বিষাক্ত পদাৰ্থ বায়ুমণ্ডললৈ নিৰ্গত হয়।  প্ৰদূষণৰ এই ভয়ংকৰ ছবিৰ মাজতে ICCT-য়ে সমাধানৰ পথো দেখুৱাইছে। সংস্থাটোৰ মতে, ২০৫০ চনৰ ভিতৰত ভাৰতৰ পৰিবহণ ব্যৱস্থাক সম্পূৰ্ণৰূপে বেটাৰীচালিত অথবা শূন্য-নিৰ্গমন প্ৰযুক্তিৰ যান-বাহনলৈ ৰূপান্তৰ কৰিব পাৰিলে পৰিস্থিতিৰ ব্যাপক উন্নতি সম্ভৱ। এনে পৰিৱৰ্তনৰ ফলত ২০৫০ চনৰ ভিতৰত ভাৰতত প্ৰায় ১৭ লাখ অকালমৃত্যু প্ৰতিৰোধ কৰিব পৰা যাব বুলি প্ৰতিবেদনত  কোৱা হৈছে। অৰ্থাৎ, গণপৰিবহণ আৰু অৰ্থনীতিৰ বাবে অত্যাৱশ্যকীয় পথ পৰিবহণ ব্যৱস্থা যাতে মানুহৰ স্বাস্থ্যৰ বাবে মৃত্যুফান্দত পৰিণত নহয়, তাৰ বাবে স্বচ্ছ আৰু শূন্য-নিৰ্গমন পৰিবহণ ব্যৱস্থালৈ দ্ৰুত ৰূপান্তৰ এতিয়া কেৱল পৰিৱেশৰ বিষয় নহয়—ই এক গুৰুত্বপূৰ্ণ জনস্বাস্থ্যৰ প্ৰশ্নো।