মই প্ৰধানমন্ত্ৰী হৈ থকালৈকে পেলেষ্টাইন ৰাষ্ট্ৰ নহয়ঃ নেতান্যাহু
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ গাজা যুদ্ধৰ অৱসান ঘটাই মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আগবঢ়োৱা ১৫ দফীয়া শান্তি পৰিকল্পনাক প্ৰত্যাখ্যান কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। দেওবাৰে নেতান্যাহুৱে স্পষ্ট কৰি দিয়ে—তেওঁ প্ৰধানমন্ত্ৰী হৈ থকালৈ গাজা বা পশ্চিম তীৰত কোনো পেলেষ্টাইন ৰাষ্ট্ৰ গঠন হ’বলৈ দিয়া নহ’ব। নেতান্যাহুৰ এই মন্তব্যই ট্ৰাম্পে ‘বৃহৎ অগ্ৰগতি’ বুলি অভিহিত কৰা শান্তি উদ্যোগৰ ওপৰত ডাঙৰ প্ৰশ্নচিহ্ন সৃষ্টি কৰিছে। ট্ৰাম্পৰ পৰিকল্পনাই গাজাত যুদ্ধৰ অন্ত, হামাছ আৰু অন্যান্য সশস্ত্ৰ গোটৰ নিৰস্ত্ৰীকৰণ, ইজৰাইলী সেনাৰ পৰ্যায়ক্রমিক প্ৰত্যাহাৰ আৰু গাজাৰ প্ৰশাসন পেলেষ্টাইনী কাৰিকৰী সমিতিৰ হাতত অৰ্পণৰ পথ দেখুৱাইছিল। দীৰ্ঘম্যাদীভাৱে পেলেষ্টাইনী আত্মনিয়ন্ত্ৰণ আৰু পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ কথাও ইয়াত আছিল।
কিন্তু ইজৰাইলৰ স্থিতি সম্পূৰ্ণ বিপৰীত। নেতান্যাহুৱে স্পষ্ট কৰি দিছে যে হামাছ সম্পূৰ্ণৰূপে নিৰস্ত্ৰ নোহোৱালৈ গাজাৰ পৰা ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰা নহ’ব। ইজৰাইলৰ মতে, হামাছৰ গধুৰ অস্ত্ৰ, অস্ত্ৰভাণ্ডাৰ, সামৰিক ঘাটি আৰু সুৰংগকে ধ্বংস বা নিয়ন্ত্ৰণলৈ অনাটো শান্তি প্ৰক্ৰিয়াৰ বাবে অত্যাৱশ্যক। আনহাতে হামাছেও তাৎক্ষণিক নিৰস্ত্ৰীকৰণত সন্মতি দিয়া নাই। সংগঠনটোৰ মতে, প্ৰথমে ইজৰাইলে গাজাত আক্ৰমণ বন্ধ কৰিব লাগিব, পূৰ্বৰ যুদ্ধবিৰতিৰ প্ৰতিশ্ৰুতি পালন কৰিব লাগিব আৰু সেনা আগৰ অৱস্থানলৈ প্ৰত্যাহাৰ কৰিব লাগিব। তাৰ পাছতহে অস্ত্ৰসমূহ গাজা পৰিচালনাৰ বাবে প্ৰস্তাৱিত পেলেষ্টাইনী সংস্থাৰ হাতত সংৰক্ষণৰ বিষয়ে আলোচনা কৰিব পাৰি। অৰ্থাৎ শান্তি পৰিকল্পনাৰ কেন্দ্ৰীয় বিষয়টোতেই দুই পক্ষৰ মাজত গভীৰ মতবিৰোধ—ইজৰাইলে কৈছে, প্ৰথমে হামাছ নিৰস্ত্ৰ হ’ব লাগিব; হামাছে কৈছে, প্ৰথমে ইজৰাইলৰ আক্ৰমণ আৰু সেনা প্ৰত্যাহাৰ হ’ব লাগিব। ইফালে ট্ৰাম্পৰ পৰিকল্পনাত ইজৰাইলী সেনাৰ পৰ্যায়ক্রমিক প্ৰত্যাহাৰ, আন্তঃৰাষ্ট্ৰীয় বাহিনী মোতায়েন, গাজাৰ পুনৰ নিৰ্মাণ আৰু ৰাজহুৱা সেৱা পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থাও আছিল। কিন্তু নেতান্যাহুৰ শেহতীয়া ঘোষণাই পৰিকল্পনাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দিশ—ভৱিষ্যতে পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ সম্ভাৱনা—প্ৰত্যক্ষভাৱে নাকচ কৰিছে। নেতান্যাহুৰ কঠোৰ স্থিতিৰ মাজতে সংযুক্ত আৰব আমিৰশ্বাহী, কাতাৰ, জৰ্ডান, ইণ্ডোনেছিয়া, পাকিস্তান, তুৰস্ক, ছৌদি আৰব আৰু ইজিপ্তে ইজৰাইলক সতৰ্ক কৰিছে। এই দেশসমূহে গাজাত ইজৰাইলৰ সামৰিক অভিযান অব্যাহত থাকিলে শান্তি প্ৰক্ৰিয়া ব্যাহত, পুনৰ সংঘাত বৃদ্ধি আৰু মানৱীয় সংকট অধিক গভীৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। ফলত ট্ৰাম্পে ‘বৃহৎ অগ্ৰগতি’ বুলি ঘোষণা কৰা শান্তি পৰিকল্পনাই এতিয়া কঠিন বাস্তৱতাৰ সন্মুখীন। এফালে পেলেষ্টাইন ৰাষ্ট্ৰৰ সম্ভাৱনাই নাকচ কৰিছে ইজৰাইলে, আনফালে নিৰস্ত্ৰীকৰণৰ পূৰ্বে সেনা প্ৰত্যাহাৰত অস্বীকাৰ কৰিছে; হামাছেও আক্ৰমণ বন্ধ নোহোৱালৈ অস্ত্ৰ সমৰ্পণত ৰাজি নহয়। এই পৰস্পৰবিৰোধী স্থিতিৰ মাজত গাজা যুদ্ধৰ স্থায়ী অন্ত আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী শান্তিৰ পথ এতিয়াও অনিশ্চিত হৈয়ে আছে।






