Logo
image

কোনে কাক কিয় ভোট দিব

যিসকল নিজেই প্ৰাৰ্থী তেওঁলোকে নিজকে ভোট দিব–সম্ভাৱনা এশ শতাংশ৷ নিজে প্ৰাৰ্থী হোৱাৰ পাছতো আনক ভোট দিলে সি হ’ব মানৱ প্ৰেম আৰু পৰোপকাৰৰ আটাইতকৈ উজ্জ্বল উদাহৰণ, লগতে সি হ’ব আত্মবিশ্বাসহীনতাৰো উৎকৃষ্ট উদাহৰণ৷ প্ৰাৰ্থীজন ‘আমাৰ মানুহ’– এইটো কাৰণত এজন প্ৰাৰ্থীয়ে ভোট পাব৷ এই ‘আমাৰ মানুহ’ৰ সংজ্ঞাটোৰ পৰিসৰ যথেষ্ট বহল৷ তাৰে কিছুমান হ’ল– প্ৰাৰ্থীজন গিৰীয়েক-ঘৈণীয়েক, মাক-বাপেক, ল’ৰা-ছোৱালী, ভাই-ভনী, বৰদেউতা-বৰমা, খুৰা-খুৰী, মামা-মামী, শাহু-শহুৰ, ভাগিন-ভতিজা, ভিনীহি-খুলশালী-ননদ [সম্পৰ্কৰ তালিকাখন অসম্পূৰ্ণ] আদি হ’লে সেই আত্মীয়তাৰ বাবে জনৈক ভোটাৰে জনৈক প্ৰাৰ্থীক ভোট দিব৷ সম্ভাৱনা ৯০ শতাংশতকৈ বেছি৷ আমাৰ সমাজত এতিয়াও আত্মীয়তা, ৰাজনৈতিক বিবেচনাতকৈ ঊধবৰ্ত৷ আত্মীয় এজনে নিৰ্বাচন খেলিছে, গতিকে আত্মীয়তাৰ খাতিৰত তেওঁক ভোট দিব লাগে৷ তাত ৰাজনীতিৰ কথা নাহে৷ কিছুমান আত্মীয়ৰ স’তে অসূয়া-অপ্ৰীতি, কাজিয়া-পেঁচাল থাকে, গতিকে তেনেক্ষেত্ৰত ভোটটো সেই আত্মীয় প্ৰাৰ্থীজনৰ প্ৰতিদ্বন্দ্বীজনে লাভ কৰিব৷ আন এজন ভোটাৰে আৰু তেওঁৰ পৰিয়ালে প্ৰাৰ্থীজন আত্মীয় নহ’লেও সম্পৰ্ক আৰু বন্ধুত্বৰ বাবে ভোট দিব৷ সম্ভাৱনা প্ৰায় এশ শতাংশ৷ আত্মীয় হোৱাৰ বাবে, বন্ধু হোৱাৰ বাবে এজন প্ৰাৰ্থী ‘আমাৰ মানুহ’ হৈ পৰে আৰু সকলোধৰণৰ ৰাজনৈতিক বিবেচনাৰ ঊধবৰ্ত তেওঁ যিসকলৰ ‘নিজৰ মানুহ’ সেইসকল ভোটাৰৰ ভোট লাভ কৰে৷ ব্যক্তিগত পৰিচয়ৰ সীমা পাৰ হোৱাৰ পাছত ভোট পোৱাৰ কাৰণবোৰ লাহে লাহে জটিল হৈ আহে৷

নিৰ্বাচনত, ভোট দিয়াৰ ক্ষেত্ৰত আত্মীয়তা বিচাৰ্য বিষয় হ’ব লাগেনে? ৰাজনৈতিক কাৰণত ঘৈণীয়েকে, ল’ৰা-ছোৱালীয়ে, মাক-বাপেকে, নিকট আত্মীয়ই এজন প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দিব লাগেনে? যুক্তিপূৰ্ণ উত্তৰটো হ’ল– লাগে৷ ৰাজনৈতিক মতাদৰ্শৰ বাবে আত্মীয় হ’লেও প্ৰাৰ্থীজনৰ বিৰুদ্ধে ভোট দিব লাগে৷ কিন্তু সমাজখন, ৰাজনীতি গাণিতিক সৰলৰৈখিক যুক্তিৰে নচলে৷ মানুহে যুক্তিনিষ্ঠভাৱে চালি-জাৰি চাই, সৰল অংকৰ দৰে গাণিতিক যুক্তিৰে উত্তৰ উলিয়াই সিদ্ধান্ত নলয়৷ অযুক্তিকৰ আৱেগ আৰু যুক্তিৰ সীমা নমনা নানা মানৱীয় প্ৰবৃত্তিয়ে মানুহৰ সিদ্ধান্তক প্ৰভাৱিত কৰে৷ আত্মীয়ৰ প্ৰতি আকৰ্ষণ তেনে এটা প্ৰবৃত্তি৷ আত্মীয়তাই পাৰস্পৰিক সহযোগিতাৰ দায়িত্বও কঢ়িয়াই আনে৷ আত্মীয় এজন বিধায়ক-মন্ত্ৰী হ’লে কঠিন সময়ত সহায় হ’ব বুলি ভবাটো সাধাৰণ মানৱীয় প্ৰবৃত্তি নে ৰাজনৈতিক সুবিধাবাদ? দলটোক বিশেষ ভাল নাপালেও আত্মীয় বাবেই এজন প্ৰাৰ্থীক ভোট দিয়াটো ৰাজনৈতিক সুবিধাবাদ নেকি? 

‘আমাৰ অমুকে এইবাৰ অমুক দলৰ টিকট পাইছে, গতিকে ভোটটো তেওঁকেই দিব লাগিব৷’ আত্মীয় নহ’লেও ব্যক্তিগত চিনাকী বা বন্ধুত্ব নাথাকিলেও এজন প্ৰাৰ্থী ভোটাৰৰ ‘নিজৰ মানুহ’ হ’ব পাৰে৷ আমৰ চুবুৰিৰ, আমাৰ গাঁৱৰ, আমাৰ জাতৰ ইত্যাদি নানা কাৰণত এজন প্ৰাৰ্থী ভোটাৰৰ ‘নিজৰ মানুহ’ হ’ব পাৰে৷ ‘নিজৰ মানুহ’ হ’ব পাৰিলে আন ৰাজনৈতিক বিবেচনা যেনে কোন দলৰ, ৰাজনৈতিক আদৰ্শ কি, সৎ নে অসৎ আদি কথা তল পৰে৷

ৰাজনৈতিক দলবোৰেও নিজৰ প্ৰাৰ্থীজনক ভোটাৰৰ নিজৰ মানুহৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰে, কাৰণ তেতিয়া বহু প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ চলি যায়৷ আন এজন প্ৰাৰ্থী অধিক উপযুক্ত বুলি জনাৰ পাছতো ভোটাৰে নিজৰ মানুহজনক বিধায়কৰূপে বিচাৰে৷ সামাজিক সম্পৰ্কই গঢ়া আত্মীয়তাই যিখিনি মানুহক সামৰি লয়, সেইখিনি ভোটেৰে নিৰ্বাচনত জয়ী হ’ব নোৱাৰি, কিন্তু ৰাজনৈতিক দলবোৰে, ৰাজনীতিকে জানে যে আত্মীয়তা হ’ল ভোট পোৱাৰ গেৰাণ্টী৷ এই আত্মীয়তাৰ পৰিধিটো যিমানেই বিস্তৃত কৰিব পাৰি, সিমানেই ভোটৰ সংখ্যা বাঢ়িব৷ আত্মীয়তাৰ পৰিধিটো বিস্তৃত কৰিব পাৰে কিছুমান পৰিচয়ে৷

অসমীয়া জাতীয়তাবাদে অসমীয়া পৰিচয়েৰে তেনে এক আত্মীয়তা গঢ়িব বিচাৰে৷ সেই পৰিচয়টোৱে গঢ়া আত্মীয়তাৰে ভোটাৰৰ ভোট লাভ কৰিব বিচাৰে৷ অসমৰ ডেৰ কোটি অসমীয়াক এই অসমীয়া পৰিচয়ৰ আত্মীয়তাৰে বান্ধিব পাৰিলে সি অসমত এটা বৃহৎ ৰাজনৈতিক শক্তি হৈ পৰে৷ 

বিজেপিয়ে হিন্দু পৰিচয়েৰে ভাৰতৰ ১০০ কোটি হিন্দুৰ মাজত আত্মীয়তা গঢ়িব বিচাৰে৷ ভাৰতত সেই আত্মীয়তা গঢ়াৰ ক্ষেত্ৰত ৫০ শতাংশ সফল হ’ব পাৰিলেও সি ভাৰতত হৈ পৰে এক অপৰাজেয় শক্তি৷ আন সকলো পৰিচয় যেনে অসমীয়া পৰিচয় সেই হিন্দু পৰিচয়ৰ আত্মীয়তাত লীন হৈ যোৱাৰ সম্ভাৱনাই দেখা দিয়ে৷ 

মাক্সেৰ্ পৃথিৱীজুৰি দুখীয়া মানুহৰ-সৰ্বহাৰাৰ আত্মীয়তা গঢ়ি পৃথিৱীখন সলনি কৰি দিয়াৰ আঁচনি তৈয়াৰ কৰিছিল৷ পৃথিৱীৰ কথা দূৰতে থাওক, যদি ভাৰতত দুখীয়া মানুহৰ মাজতো আত্মীয়তা গঢ়ি উঠে, তেনেহ’লে সেই আত্মীয়তা হ’ব সংখ্যাৰ ফালৰ পৰা আটাইতকৈ মজবুত৷ সেই আত্মীয়তা যদি ভোটলৈ ৰূপান্তৰিত হয়, তেনেহ’লে সি বিজেপিৰ হিন্দু আত্মীয়তাতকৈও ৰাজনৈতিকভাৱে অধিক শক্তিশালী হ’ব৷ বিজেপি-আৰ এছ এছে এই কথা ভালকৈ জানে৷ 

ভোটাৰে ‘নিজৰ মানুহ’ বুলি ভবাজনক ভোট দিব৷ ‘অসমৰ বান আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে আপোনাৰ কি পৰিকল্পনা আছে?’ নিৰ্বাচনত এই প্ৰশ্নটো সমাজ আৰু ৰাইজৰ সৈতে কোনো সম্পৰ্ক নথকা বুদ্ধিজীৱীত বাহিৰে আন কোনেও নোসোধে৷ এখন ‘নিকা’ চৰকাৰ গঠনৰ বাবে ‘সৎ’ মানুহক ভোট দিবলৈ আহ্বান জনোৱা তথাকথিত সচেতন বুদ্ধিজীৱীসকল সমাজ-বাস্তৱৰ পৰা দুখলগাকৈ বিচ্ছিন্ন৷ তেওঁলোক কোনো ভোটাৰৰ আত্মীয় নহয়।