Logo
image

অসম মডেলৰ জোঁটবন্ধন

ভাৰতৰ ৰাজনীতি এতিয়া দুটা শিবিৰত বিভক্ত৷ কংগ্ৰেছৰ নেতৃত্বত এটা শিবিৰ আৰু আনটো শিবিৰৰ নেতৃত্ব বিজেপিৰ হাতত৷ জৰুৰীকালীন অৱস্থাই সৃষ্টি কৰা অত্যাচাৰৰ পাছত  ১৯৭৭ চনত দেশত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰায় সকলো দল সংগঠিত হৈছিল আৰু জনতা পাৰ্টীৰ বেনাৰত নিৰ্বাচনী যুদ্ধত নামিছিল৷ সেই নিৰ্বাচনত কংগ্ৰেছ বিধবস্ত হৈছিল আৰু জনতা পাৰ্টীয়ে মোৰাৰজী দেশাইৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল৷ জনতা পাৰ্টীৰ সেই ঢৌত অসমতো গোলাপ বৰবৰাৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল৷ পিছে, ক্ষমতাকেন্দ্ৰিক বিশৃংখলা আৰু সাংগঠনিক দুৰ্বলতাৰ বাবে দুবছৰতে কেন্দ্ৰত জনতা চৰকাৰৰ পতন হৈছিল৷ অসমতো একে ঘটনা ঘটিছিল৷ কংগ্ৰেছে পুনৰ ক্ষমতা দখল কৰে৷

বিগত চাৰিটা দশকত বহুত ৰাজনৈতিক ঘটনা ঘটিল৷ ১৯৮৯ চনত গঠিত হয় নেশ্বনেল ফ্ৰণ্টৰ চৰকাৰ আৰু ১৯৯৬ চনত গঠিত হয় ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰ৷ ১৯৭৭ চনৰ পাছত পুনৰ অকংগ্ৰেছী চৰকাৰ গঠন হয় যদিও বেছিদিন নচলিল৷ ফ্ৰণ্ট ৰাজনীতিৰ ভালেখিনি পৰীক্ষা-নিৰীক্ষাৰ অন্তত ১৯৯৯ত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত গঠন হয় বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ৷ পিছে, এই চৰকাৰেও দ্বিতীয় কাৰ্যকাল নাপালে৷ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছৰ নেতৃত্বত ইউপিএ চৰকাৰ চলে৷ ২০১৪ চনত ইউপিএ চৰকাৰৰ পতন হয় আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হয় আৰু ইতিহাস ৰচনা কৰি ২০১৯ চনত দ্বিতীয় কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়৷

২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰৰ উদ্যোগত কলকাতাত কংগ্ৰেছ-বিজেপিবিৰোধী ফেডাৰেল ফ্ৰণ্ট গঠনৰ বাবে মহাসমাৱেশ আয়োজন কৰিছিল৷ পিছে, বিভিন্ন কাৰণত সেই প্ৰচেষ্টা সম্পূৰ্ণ নহ’ল৷ বিহাৰ নিৰ্বাচনৰ পটভূমিত কংগ্ৰেছ আৰু বাঁওপন্থী দলসমূহে ৰাষ্ট্ৰীয় দলৰ সৈতে গঠন কৰে মহাগতবন্ধন৷ শেহতীয়াভাৱে অসমত গঠন হৈছে মহাজোঁট, য’ত চামিল হৈছে এ আই ইউডিএফ আৰু বাঁওপন্থী দলসমূহৰ লগতে চাৰিটামান আঞ্চলিক দল৷

ক’বলৈ গ’লে ভাৰতৰ ৰাজনীতি এতিয়া দুটা শিবিৰত বিভক্ত৷ এটা শিবিৰত কংগ্ৰেছৰ নেতৃত্বত বাঁওপন্থী আৰু অন্য কিছু আঞ্চলিক দল আৰু আনটো শিবিৰত বিজেপি মিত্ৰজোঁট৷  কংগ্ৰেছ-বিজেপিবিৰোধী তৃতীয় বিকল্পৰ ধাৰণাটো মোটামুটি নিৰ্বাপিত হৈছে৷ অসমত চলা মহাজোঁট-মিত্ৰজোঁটৰ ৰাজনীতিয়ে ভাৰতৰ বাবে মডেল হৈ পৰিব বুলি অনুমান কৰা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত ৰাজ্যিক পৰ্যায়ত থকা আঞ্চলিক শক্তিসমূহে কোনোবা এটা শিবিৰত যোগদান কৰিবলৈ বাধ্য৷ ভোটাৰসকলেও দুই শিবিৰৰ এটাত অৱস্থান কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিব৷