Logo
image

তিনি দশকৰ পাছত পাঠশালাত সাহিত্য সভাৰ অধিৱেশন, লাইখুঁটা স্থাপন

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰ : আয়তীসকলৰ নাম-প্ৰসংগ, উৰুলি ধবনিৰে এক উৎসৱমুখৰ পৰিবেশত আজি পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অসমীয়া ৰাইজৰ বৃহত্তম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখঁুটা স্থাপন কৰা হয়৷ ভক্তপ্ৰাণ ৰাইজৰ  নাম-প্ৰসংগ তথা সম্পূৰ্ণ মাংগলিক অনুষ্ঠানৰ পিছত অসম সাহিত্য সভাৰ পতকাৰে মেৰিয়াই সজাই পৰাই তোলা লাইখঁুটা উপস্থিত ৰাইজৰ সহযোগত উদ্‌যাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিত শৰ্মা, উদযাপন সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ চৌধুৰী, কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, পাঠশালা সাহিত্য সভাৰ সম্পাদক তথা আদৰণি সমতিৰ যুটীয়া সাধাৰণ সম্পাদক অতুল কলিতা সমন্বিতে শতাধিক লোকে কান্ধত তুলি আনি ভট্টদেৱ ক্ষেত্ৰত হ’ব লগা অধিৱেশনস্থলীত স্থাপন কৰে৷ অনুষ্ঠানত হৰিধবনি মাজেৰে উপস্থিত ৰাইজে অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক, পাঠশালা অধিবেশন সফল হওক আদি বিভিন্ন শ্লোগানেৰে মুখৰিত হৈ পৰে পাঠশালাৰ ঐতিহ্যমণ্ডিত ভট্টদেৱ ক্ষেত্ৰ৷


লাইখুঁটা  স্থাপন পিছত অস্থায়ী ভাৱে নিৰ্মাণ কৰা প্ৰেক্ষাগৃহত  মুকলি সভা অনুষ্ঠিত হয়৷ আদৰণি সমাতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিত শৰ্মা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ধনপতি ডেকা, অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়, বিশিষ্ট সমাজকৰ্মী মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, মূৰাৰী মোহন দত্ত, শিক্ষাবিদ ধীৰেন্দ্ৰ তালুকদাৰ, ডাঃ বসন্ত কুমাৰ শৰ্মা, বিশিষ্ট সাহিত্যিক জগদীশ পাটগিৰী, শৈত্যেন তালুকদাৰ, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰৱজ্যোতি শৰ্মা, সাহিত্যসেৱী গোবিন্দ কলিতা, ড॰ হৰেণ চৌধুৰী গোবিন্দ তালুকদাৰ, অজিত প্ৰসাদ শৰ্মা, ড॰ বিপীন চন্দ্ৰ কলিতা আদিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিত শৰ্মাই লাইখুঁটা স্থাপনৰ শুভ মুহূৰ্তত বজালীবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি কয়– আজি আমাৰ বাবে অতি শুভ দিন৷ কিয়নো সপ্তসপ্ততিতম পাঠশালা দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপনে পাঠশালা হ’ব লগা সাহিত্য সভাৰ অধিৱেশনৰ এক আনুষ্ঠানিক ৰূপ দিলে৷ অসম সাহিত্য সভা অসমীয়া ৰাইজৰ হৃদয়ৰ আৱেগ, এই জাতীয় অনুষ্ঠানটোৰ যোগেদি অসমীয়া ৰাইজৰ গৌৰৱ বৃদ্ধি কৰা বুলি তেওঁ উল্লেখ কৰে৷ সভাত উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অধিৱেশনখন সাফল্যমণ্ডিত কৰিবৰ বাবে সমগ্ৰ অসমবাসীৰ লগতে বজালীবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰে৷ সভাত উপস্থিত ব্যক্তি সকলে অসমীয়াৰ বৃহত্তম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই জাতিটোৰ ভাষা-সংস্কৃতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সদৰি কৰে৷ উদযাপন সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত দেৱদাসী নৃত্য, সত্ৰীয়া নৃত্য আৰু বিহুনৃত্য পৰিবেশন কৰা হয়৷ উক্ত অনুষ্ঠানত উদযাপন সমিতিৰ কৰ্মকৰ্তা চক্ৰপাণি কলিতা গৌতম শৰ্মা, ৰুবুল শৰ্মা, কৈলাস চৌধুৰী ৰঞ্জিত দাস, মৃদুল তালুকদাৰ, মনোজ চৌধুৰী, ৰিজু তালুকদাৰে সহযোগিতা আগবঢ়ায়৷

মুখ্যমন্ত্ৰীক পাঠশালা অধিৱেশনৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক : আজি অসম সাহিত্য সভাৰ পাঠশালা অধিবেশন লাইখুঁটা স্থাপন কৰা হয়৷ লাইখুঁটা স্থাপনৰ পিছত আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান ড॰ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত কোষাধ্যক্ষ মিহিৰ কুমাৰ বৰুৱা সহিতে কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গ আৰু পাঠশালা অধিবেশনৰ উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত দাস, আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী, বিত্ত সমিতিৰ সভাপতি নিপন তালুকদাৰ, অসম সৌৰভ কৃষ্ণ ৰয় সহিতে দলটোৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক মুখ্য অতিথি ৰূপে আগন্তুক অসম সাহিত্য সভাৰ সপ্তসপ্ততিম দ্বি-বাৰ্ষিক পাঠশালা, বজালী অধিৱেশনলৈ আমন্ত্ৰণ জনায়৷ ইয়াৰোপৰি, অধিৱেশনখনি সফল কৰি তুলিবলৈ লোক-নিৰ্মাণ বিভাগ, বিদু্যৎ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহায়-সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়৷ মুখ্যমন্ত্ৰীয়ে উদযাপন সমিতিক আশ্বাস প্ৰদান কৰি আটাইকেইটা বিভাগকে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷

মুখ্যমন্ত্ৰীৰে বৈঠক সাহিত্য সভা-শংকৰদেৱ সংঘৰ বিষয়ববীয়াৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা :  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষত অসমৰ দুই আগশাৰীৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু  অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ এই বৈঠকত আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশন আৰু অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়৷ বৈঠকত দুয়োখন অধিৱেশন যাতে সুকলমে আৰু নিয়াৰিকৈ সম্পন্ন হয় সেই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে৷ বৈঠকত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে অধিৱেশন অনুষ্ঠিত কৰাৰ দিশত লোৱা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ তেওঁক আহ৩ান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োখন অধিৱেশ যাতে সফলতাৰে অনুষ্ঠিত হয় তাৰ বাবে ৰাজ্য চৰকাৰে যথাসম্ভৱ সকলো ধৰণৰ সহযোগিতা আগবঢ়াব৷ বিষয়ববীয়াসকলে অধিৱেশনস্থলীত বিদ্যুতৰ সু-ব্যৱস্থা, বাট-পথৰ উন্নয়ন সাধন, বিশুদ্ধ খোৱাপানী যোগান আদি দিশত ৰাজ্য চৰকাৰৰ পৰা সহযোগিতা কামনা কৰে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে বিষয়ববীয়াসকলক আশ্বাস প্ৰদান কৰে আৰু এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক এই সন্দৰ্ভত তেওঁ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷  আজিৰ এই অনুষ্ঠানত  মন্ত্ৰী তথা অসম সাহিত্য পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰ জিৎ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ড॰ নবীন চন্দ্ৰ বৰা, সম্পাদক ধীৰেন চন্দ্ৰ ডেকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷