আম্বেদকাৰক অপমান! সংসদ তোলপাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ডিচেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক লৈ অপমানসূচক মন্তব্য কৰাৰ ফলত বুধবাৰে সংসদৰ বাহিৰে ভিতৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিৰোধী দলৰ সাংসদে কৰা হুলস্থূলৰ বাবে উভয় সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়৷ তেতিয়া সাংসদসকলে সদনৰ বাহিৰত বহি ধৰ্ণা দি পৰিস্থিতি উত্তাল কৰি তোলে৷ বিৰোধী দলে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা কেৱল ক্ষমাভিক্ষাৰ দাবীতে ক্ষান্ত নাথাকি অমিত শ্বাহক মন্ত্ৰীপদৰ পৰা অপসাৰণৰ দাবী তুলি আকোৰগোঁজ হৈ আছে৷ চৰকাৰী পক্ষয়ো হাৰ নামানি বিৰোধীক প্ৰত্যাক্ৰমণ কৰিছে আৰু তাৰ গুৰি ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক পচা ‘ইকোছিষ্টেম’ বুলি অভিহিত কৰিছে৷
আনহাতে অমিত শ্বাহে তেওঁৰ মন্তব্য কংগ্ৰেছ দলে পাক লগাই আনদিশে ঢাল খুওৱা বুলি মন্তব্য কৰিলেও আম্বেদকাৰৰ প্ৰতি কৰা অপমানসূচক মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা নাই, কিম্বা ভুল স্বীকাৰ কৰা নাই৷ ৰাজ্যসভাত সংবিধানক লৈ আলোচনা চলি থকা অৱস্থাত অমিত শ্বাহে বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ কয়– ‘আজিকালি এটা ফেচন চলিছে– আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ৷ ইমানবাৰ যদি ভগৱানৰ নাম লোৱা হয়, তেন্তে সাতজন্মই স্বৰ্গবাস লাভ কৰিব৷’ তেওঁ পুনৰ কয়– ‘১০০ বাৰ আম্বেদকাৰৰ নাম লোৱা হয়, কিন্তু মই সুধিব খোজো– তেওঁৰ প্ৰতি আপোনালোকৰ অনুভূতি কি? জৱাহৰলাল নেহৰুৰ সৈতে তেওঁৰ অনেক মতপাৰ্থক্য আছিল৷ সেয়ে তেওঁ নেহৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল৷’ ইয়াৰ পাছতে সংসদত তীব্ৰ হুলস্থূলৰ সৃষ্টি হয়৷ বিৰোধী পক্ষই অমিত শ্বাহৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছে৷