Logo
image

ৰাইজ আজি ভাওৰীয়া

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰায় শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ’ল৷ ৪৭টা বিধানসভা সমষ্টিত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৬৪জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷ ৰাজ্যৰ ১২খন জিলাত অনুষ্ঠিত নিৰ্বাচনত ক’ভিড প্ৰট’কল ৰক্ষা কৰি লাখ লাখ ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বহুকেইটা সমষ্টিত ৮০ শতাংশৰো অধিক লোকে ভোটদান কৰাৰ বিপৰীতে, অধিকাংশ সমষ্টিতে ভোটৰ হাৰ ৮০ শতাংশৰ তলত থাকিল৷ নতুন প্ৰজন্মৰ বহু ভোটাৰে এইবাৰ ভোটদান কৰাটো নিঃসন্দেহে গণতন্ত্ৰৰ বাবে ইতিবাচক দিশ৷ প্ৰতিটো ভোটেই অতি গুৰুত্বপূৰ্ণ, সেয়েহে সকলো বয়সৰ লোকে নিৰ্ভয়ে যাতে ভোটদান কৰিব পাৰে, তাৰ বাবে নিৰ্বাচন আয়োগে প্ৰদান কৰা নিৰ্দেশমৰ্মে নিৰ্বাচন বিভাগে বয়সস্থ লোকৰ ঘৰে ঘৰে গৈ ভোট লোৱাৰ ব্যৱস্থা কৰাটো এইবাৰ নিৰ্বাচনৰ এক উল্লেখযোগ্য দিশ৷ তদুপৰি ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ সেইমৰ্মে অসমতো বিশেষকৈ জনপ্ৰিয় শিল্পী, অভিনেতাক জড়িত কৰাই প্ৰতিখন জিলাতে ভোটাৰৰ মাজত ভোটাধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সম্পৰ্কে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ লগতে নতুন ভোটাৰক এই সম্পৰ্কে সচেতন কৰাৰ বাবে বিভিন্ন প্ৰতিযোগিতা, আলোচনা সভাৰ লগতে বাটৰ নাট আদিৰো আয়োজন কৰা হৈছে নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে৷ স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে কঠোৰ দৃষ্টিভংগী পোষণ কৰাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ৷ প্ৰাৰ্থীৰ গতিবিধি, নিৰ্বাচনত প্ৰতিজন প্ৰাৰ্থীয়ে খৰচ কৰা ধনৰ পৰিমাণ ৩০ লাখ টকাতে সীমিত ৰখা, ভোটাৰক বিভিন্নপ্ৰকাৰে প্ৰলোভিত কৰাটো ৰোধ কৰাৰ পৰা পেইড নিউজলৈকে চকু ৰখাৰ বাবে আয়োগে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ অৱশ্যে, সকলো ক্ষেত্ৰত আয়োগ যে সফল হোৱা নাই, সেয়া নিশ্চিত৷ ছলে-বলে-কৌশলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে বহু প্ৰাৰ্থীয়ে ব্যয় কৰা ধনৰ পৰিমাণ আয়োগৰ দ্বাৰা নিৰ্ধাৰিত ধনৰ পৰিমাণতকৈ বহু বেছি; সেয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে প্ৰতীয়মান হৈছে৷ প্ৰতিদিনে শাসকীয় দলৰ লগতে দুই-এক বিৰোধী দলৰ প্ৰাৰ্থীৰ সমৰ্থনত আয়োজন কৰা বৃহৎ ৰোড শ্ব’, দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পৰা অন্য কেন্দ্ৰীয় মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত আয়োজিত বিশাল জনসভাবোৰত ব্যয় হোৱা ধনৰ পৰিমাণৰ প্ৰকৃত হিচাপ দিয়া হয়নে? ধনবল, জনবল নহ’লে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো সহজ নহয়৷ সেয়েহে এবাৰ শাসনৰ গাদীত বহাৰ লগে লগে বিধায়ক, মন্ত্ৰীয়ে নিজৰ ভৱিষ্যতৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰাৰ বাবে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহত জঁপিয়াই পৰে৷ এই কথা জলজল পট্‌পট হৈ পৰিছে এইবাৰ মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী-বিধায়কে দাখিল কৰা ধন-সম্পত্তিৰ পৰিমাণৰ তালিকাত৷ দেশসেৱা-জনসেৱাৰ প্ৰতিশ্ৰুতিৰে অহা এইসকল লোকে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিলেও ভোটাৰে কৰিবলগীয়া একো নাথাকে, কিয়নো ভোটাৰৰ দায়িত্ব ভোট দিয়াতে শেষ হয়৷ কোনো বিজয়ী প্ৰাৰ্থীৰ কাম-কাজত ভোটাৰ অতীষ্ঠ হ’লেও ভোটাৰে পাঁচ বছৰৰ পাছতহে নিজৰ ভোটটোৰ যোগেদি সামান্য প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে৷ আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোত সংশ্লিষ্ট দলেহে প্ৰাৰ্থী নিৰ্বাচন অৰ্থাৎ টিকট দিয়ে৷ এইক্ষেত্ৰত ভোটাৰৰ কোনো অধিকাৰ নাথাকে৷ দলে যাকে যোগ্য বুলি ভাবে, সেইজনেই প্ৰাৰ্থী হয় আৰু ৰাইজে তেনে প্ৰাৰ্থীকে ভোট দিবলৈ বাধ্য হয়৷ সেই প্ৰক্ৰিয়াটো অব্যাহত থকাৰ বাবে দুৰ্নীতি-অনিয়ম, ছিণ্ডিকেট, হত্যা-অপহৰণ, বলাৎকাৰৰ দৰে কাৰ্যত লিপ্ত বহু লোকে পূৰ্বতে অসম বিধানসভা শুৱনি কৰিছে, এইবাৰো কৰিব৷ আনহাতে, দলসমূহে দলৰ পূৰ্বৰ প্ৰতিষ্ঠাপক, নেতাসকলৰ দোহাই দি বহু দলীয় নীতি, আদৰ্শৰ কথা কয় যদিও টিকট দিয়াৰ সময়ত সেই কথাবোৰ গৌণ হৈ পৰে৷ এইবাৰ অসম বিধানসভা নিৰ্বাচনত বহু প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত দলীয় আদৰ্শই কিমান প্ৰাধান্য লাভ কৰিছে ৰাইজে তাক স্বচক্ষে প্ৰত্যক্ষ কৰিছে৷ নিৰ্বাচন আয়োগে বহু ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু তৎসত্ত্বেও উপৰিউক্ত দিশসমূহ আয়োগৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ সেয়েহে দেশৰ নাটঘৰটোত ৰাইজ সদায়ে ভাওৰীয়া৷