Logo
image

ছঈফৰ আক্ৰমণকাৰী শ্বেহজাদ বাংলাদেশৰ ৰাষ্ট্ৰীয় খেলুৱৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জানুৱাৰীঃ  ছঈফ আলী খানৰ ছুৰিকাঘাটৰ ঘটনা সন্দৰ্ভত দেওবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ ছৰিফুল ইছলাম শ্বেহজাদ নামৰ লোকজনৰ অৱশেষত পৰিচয় ওলাল৷ তেওঁ  এজন বাংলাদেশী নাগৰিক আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুস্তি খেলুৱৈ৷ উল্লেখ্য, মুম্বাইৰ পশ্চিম থানেৰ হীৰানন্দানী এষ্টেটৰ কাষতে থকা এটা ৰেলপথ নিৰ্মাণ শ্ৰমিক কলনীৰ কাষতে থকা এখন হাবিৰ পৰা কালি মুম্বাই আৰক্ষীয়ে গছৰ পাত ওপৰত দি শুই থকা অৱস্থাত শ্বেহজাদক গ্ৰেপ্তাৰ কৰিছিল৷  প্ৰথমতে বিজয় দাস বুলি নিজৰ পৰিচয় দি আৰক্ষীক বিভ্ৰান্ত  কৰিব বিচাৰিছিল যদিও  পিছত আৰক্ষীৰ জেৰাত শ্বেহজাদে স্বীকাৰ কৰে যে ১৫ জানুৱাৰীৰ নিশা ১ বাজি ৩৭  মিনিটত তেওঁ পাছফালৰ ছিৰি বগাই এচি পাইপেৰে উঠি ছঈফ কৰীণাৰ সদগুৰু চৰণৰ  ১০৩  কোটি টকীয়া ১২ মহলীয়া বিলাসী অট্টালিকাত প্ৰৱেশ কৰিছিল৷ দেওবাৰে মুম্বাই আৰক্ষীয়ে শ্বেহজাদক আদালতত হাজিৰ কৰায়৷ আদালতে  ৫ দিনৰ বাবে শ্বেহজাদক আৰক্ষীৰ জিম্মাত দিয়ে৷


আৰক্ষীৰ জেৰাত শ্বেহজাদে স্বীকাৰ কৰিছে যে তেওঁ এজন প্ৰশিক্ষিত কুস্তি খেলুৱৈ৷ বাংলাদেশৰ জাতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰিছিল৷ তেওঁ বাংলাদেশৰ নাগৰিক আৰু পাঁচ মাহ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল৷ মুম্বাইত বাৰে বাৰে নাম সলনি কৰি তেওঁ কামৰ সন্ধানত ঘূৰি ফুৰিছিল৷ কেতিয়াবা যদি নিজকে বিজয় দাস বুলি পৰিচয় দিছিল, কেতিয়াবা ভিজয় আৰু সুবিধা বুজি মহম্মদ ইলিয়াছ বুলি পৰিচয় দিছিল৷ মূলত মুম্বাইৰ বান্দ্ৰা, বৰলিত বিভিন্ন কামত জড়িত হৈ আছিল ছৰিফুল৷ কেতিয়াবা যদি মেট্ৰৰেল পথ নিৰ্মাণত শ্ৰমিক হিচাপে কাম কৰিছিল, কেতিয়াবা হোটেল-ৰেস্তোৰা-বাৰৰ হাউছ কিপিঙৰ কাম কৰিছিল৷ পাঁচ মাহ বান্দ্ৰা, থানে আদি মুম্বাইৰ বিভিন্ন অঞ্চলত পাত পাতকৈ ঘূৰিছিল বাংলাদেশী শ্বেহজাদ৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি যোৱা বুধবাৰে নিশা অভিনেতা ছঈফ আলী খানক ৬ ইঞ্চিৰ ছুৰিৰে আক্ৰমণ কৰি পিচদিনা দিনৰ ভাগত বান্দ্ৰা আঞ্চলত নিৰ্ভয় তহল দি ফুৰিছিল শ্বেহজাদে৷ আনকি তেওঁ পুৱা  ৯ বজাত এখন মোবাইলৰ দোকানত হেডফোন ক্ৰয় কৰাৰ ফুটেজো আৰক্ষীয়ে লাভ কৰিছে৷ টিভিৰ সন্দেহযুক্ত বাংলাদেশীটোৱে নিজৰ ফটো দেখা পায় ইয়াৰ পাছতে পশ্চিম থানেৰ ফালে পলাই গৈছিল৷ ইতিমধ্যে মুম্বাইৰ লীলাৱতী হাস্পতালত ৫  ঘণ্টা ধৰি অস্ত্ৰোপচাৰ চলাই চিকিৎসকে ছঈফৰ পিঠিৰ পৰা চুৰি অৱশিষ্ট অংশ আতৰ কৰিছে৷ আই চি ইউৰ বেডৰ পৰা অভিনেতাজনক সাধাৰণ বেডলৈ স্থানান্তৰ কৰিছে আৰু তেওঁ ক্ৰমাৎ সুস্থ হৈ উঠিছে ৷ লক্ষণীয় যে এই ঘটনাই ভাৰতীয় নিৰাপত্তা বাহিনীৰ ফোপোলা স্বৰূপো উদঙাই দিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আৰু বিভিন্ন আইন শৃংখলা নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠান সমূহৰ সক্ৰিয়তাকলৈ প্ৰশ্ন উঠিছে৷