অসমসহ উত্তৰ পূবত ভূমিকম্পৰ জোকাৰণি
'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২১ জানুৱাৰীঃ অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ আকাশ মঙলবাৰৰ দিনটোত ঠাইবিশেষে কুঁৱলীয়ে আবৃত কৰি ৰখাৰ মাজতে দুপৰীয়াৰ ভাগত এটা নিম্ন-মধ্যম প্ৰাবল্যৰ ভূমিকম্পই উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমকো জোকাৰি যায়।
গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি দুপৰীয়া ১২ বাজি ৩৪ মিনিট ২ চেকেণ্ডত প্ৰায় ১৩ চেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.১ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ উত্তৰ পূব কোণত ১০ কিলোমিটাৰ গভীৰতাত।
অৱশ্যে অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত এই পৰ্যন্ত ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই। উল্লেখ্য যে বিগত সময়চোৱাত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো কেইবাটাও নিম্ন, মধ্য, উচ্চ-মধ্য, উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে।