মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ আৰ্যমিত্ৰ নাথলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ বিশেষ বঁটা
'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ২১ জানুৱাৰীঃ মৰিগাঁও মহাবিদ্যালয়ৰ কৃতি ছাত্ৰ আৰ্যমিত্ৰ নাথে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ বিশেষ বঁটা লাভ কৰাত মৰিগাঁৱত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ ৫ মাৰ্চত মৰিগাঁও চহৰৰ সমীপতে যাত্ৰীবাহী টেম্পু আৰু এখন ব্যক্তিগত চাৰিচকীয়া বাহনৰ মাজত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল আৰ্যমিত্ৰই।
SDRFৰ আপদা মিত্ৰ হিচাপে প্ৰশিক্ষণ লোৱা আৰ্যমিত্ৰই দুৰ্ঘটনাত আহতসকলক সহায় কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীয়ে বিশেষ বঁটা প্ৰদান কৰে।আৰ্যমিত্ৰ নাথ NCCৰ অষ্টম অসম বেটেলিয়ানৰ মৰিগাঁও মহাবিদ্যালয় কেন্দ্ৰৰ এজন কেডেট হোৱাৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ এজন সক্ৰিয় সদস্য। মৰিগাঁও জিলাৰ চৰাইবাহীৰ এসময়ৰ অগ্ৰদূত কাকতৰ সাংবাদিক হিমকল্যাণ নাথ আৰু অণিমা দেৱীৰ সন্তান হৈছে আৰ্যমিত্ৰ নাথ।