Logo
image

বিদ্যুৎ নিৰিখ বৃদ্ধিক লৈ মন্ত্ৰী প্ৰশান্ত আন্ধাৰত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জানুৱাৰী: ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে সাজু শক্তি বিভাগ৷ তিনিটা পৰ্যায়ত মাচুল সংগ্ৰহৰ প্ৰস্তাৱ দিছে শক্তি বিভাগে৷ বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰা প্ৰস্তাৱৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যত৷ জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন৷ তাৰ পাছতো বিদ্যুৎ নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱক লৈ অন্ধকাৰত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন৷ বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত যদি আলোচনা হৈছে সেই বিষয়ে একো নাজানো বুলি অকপটে স্বীকাৰ কৰিছে খোদ শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে৷ তেওঁ মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘বিদ্যুতৰ মাচুল বৃদ্ধি নহয়৷ শক্তি বিভাগে বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই৷ বিদ্যুৎ উৎপাদন বৃদ্ধিৰ বাবেহে পৰিকল্পনা কৰা হৈছে৷ আজিৰ তাৰিখত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ কোনো প্ৰাসংগিকতা নাই৷ বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ যদি ভিতৰুৱা কিবা আলোচনা হৈছে এই বিষয়ে মোৰ জ্ঞাত নহয়৷ আমি জুন, জুলাই মাহৰ বাবে চিন্তিত৷ তাৰ বাবে আমি প্ৰকল্পসমূহৰ কাম হাতত লৈছো৷ বিদ্যুৎ মাচুল বৃদ্ধি নহয়৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে আমাৰ বিদ্যুতৰ ৰাহি হৈছে৷ আগন্তুক দিনত বিদ্যুতক লৈ বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰিছো৷ কিদৰে আৰু বিদ্যুতৰ উৎপাদন বৃদ্ধি কৰাব পৰা যায় তাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে৷ বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত যদি বিভাগৰ কাৰ্যালয়ত কিবা চিন্তা চৰ্চা হৈছে সেই বিষয়ে চাই ল’ম৷’ উল্লেখ্য, এপিডিচিএলে ৰাজ্যিক বিদ্যুৎ নিৰামক আয়োগলৈ এখন পত্ৰযোগে ২০২৫-২৬ বৰ্ষৰ বিদ্যুতৰ মাচুল প্ৰতিদিনে তিনিটা শ্লেব অৰ্থাৎ তিনিটা পৰ্যায়ত সংগ্ৰহৰ প্ৰস্তাৱ দিছে৷ ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে শক্তি বিভাগৰ এই প্ৰস্তাৱত অনুমোদন জনালেই পহিলা এপ্ৰিলৰ পৰা এপিডিচিএলে প্ৰতিদিনে তিনিটা পৰ্যায়ত পৃথক পৃথক নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব৷ এপিডিচিএলে দিয়া প্ৰস্তাৱ অনুসৰি মাজৰাতি ১২ বজাৰ পৰা পুৱা ৬ বজালৈ নাইট শ্লেব, পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ ছ’লাৰ শ্লেব আৰু বিয়লি ৫ বজাৰ নিশা ১২ বজালৈ পিক্‌ শ্লেব হিচাপে পৃথক পৃথক নিৰিখৰ প্ৰস্তাৱ দিছে৷ 


সন্ধিয়া বিদ্যুতৰ চাহিদা অধিক বাবেই পিক্‌ আৱাৰত বিদ্যুতৰ মাচুল অধিক নিৰ্ধাৰণ কৰিছে৷ অৰ্থাৎ পিক্‌ শ্লেব হিচাপে চিহ্নিত বিয়লি ৫ বজাৰ পৰা নিশা ১২ বজালৈ প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে (ঘৰুৱা সংযোগ) নিৰিখ নিৰ্ধাৰণ কৰিছে ৯.৬২ টকা৷ ইয়াৰ বিপৰীতে নাইট শ্লেব অৰ্থাৎ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰতি ইউনিট (ঘৰুৱা সংযোগ) বিদ্যুতৰ মাচুল ৮.৯৪ টকা নিৰিখৰ প্ৰস্তাৱ দিছে৷ একেদৰে ছ’লাৰ শ্লেব অৰ্থাৎ পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ দিনৰ ভাগত (ঘৰুৱা সংযোগ) বিদ্যুতৰ মাচুল ৬.৯৯ টকাকৈ নিৰিখ নিৰ্ধাৰণ কৰিছে৷ ইফালে, বাণিজ্যিক সংযোজনৰ ক্ষেত্ৰত নাইট শ্লেবত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৩৯ টকা, ছ’লাৰ শ্লেবত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৭.৩৫ টকা আৰু পিক্‌ আৱাৰত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৬২ টকাকৈ নিৰিখ নিৰ্ধাৰণ কৰিছে৷ একেদৰে ৩০ কিলোৱাটতকৈ অধিক বিদ্যুৎ ব্যয় কৰা ঘৰুৱা সংযোগৰ ক্ষেত্ৰতো তিনিওটা শ্লেবত মাচুলৰ পৃথক নিৰিখ নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি নাইট শ্লেবত প্ৰতি ইউনিটত ৯.০৯ টকা, ছ’লাৰ শ্লেবত প্ৰতি ইউনিটত ৭.১১ টকা আৰু পিক্‌ আৱাৰত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৯.৭৭ টকা নিৰিখ নিৰ্ধাৰণ কৰিছে৷ মন্ত্ৰী প্ৰশান্ত ফুকনৰ শক্তি বিভাগে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বিদ্যুতৰ ফিক্সড চাৰ্জ ঘৰুৱা সংযোগত ক্ৰমে ৪০ আৰু ৭০ টকা নিৰ্ধাৰণ কৰাৰ বিপৰীতে বাণিজ্যিক সংযোগৰ ফিক্সড চাৰ্জ ১৫০ টকা নিৰ্ধাৰণ কৰিছে৷ এনাৰ্জী চাৰ্জ, বেছ ৰেট ইত্যাদিৰো নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ দিছে এপিডিচিএলে৷