
সন্মুখত বিপদ দেখি পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে বিজেপিয়েঃ গৌৰৱ গগৈ
'আমাৰ অসম'ৰ খুমটাইৰ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ গোলাঘাট জিলাৰ খুমটাইত বুধবাৰে এক বিশেষ অনুষ্ঠানত অংশ লৈ যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত সাংসদ গগৈয়ে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ প্ৰথমে আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব নে নাই তাক লৈ সন্দেহ আছে ৷ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পিছুৱাই থকাৰ মূল কাৰণ হ’ল তেওঁলোকে সন্মুখত বিপদ দেখিছে আৰু তেওঁলোকৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰাৰ্থী হ’বলৈ কোনেও বিচৰা নাই ৷ বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ কোনেও সাহস কৰা নাই। জনসাধাৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিজেপিৰ ওচৰত নথকা বাবেই পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে ৷ গ্ৰামাঞ্চলত ভোট বিচাৰি গ’লেই মহিলা সকলে গছপুলি ৰোৱাৰ দহ হাজাৰ টকাৰ কথা ক’ব, সেয়ে সেইবোৰ প্ৰশ্ন উত্তৰ বিজেপিৰ হাতত নাই ৷
আনহাতে মণিপুৰত নীতিশ কুমাৰৰ JD(U) দলে বিজেপিৰ সংগ ত্যাগ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ গৌৰৱ গগৈয়ে ৷ নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহৰ ব্যৰ্থ ভূমিকাৰ বাবেই মণিপুৰত শান্তি ঘূৰি অহা নাই বুলি মন্তব্য গৌৰৱৰ ৷ বিহাৰৰ নিৰ্বাচন আহি আছে আৰু দিল্লীত চলি আছে, দেশৰ ৰাজনীতিত মণিপুৰে ইয়াৰ আগতেই প্ৰভাৱ পেলালে বুলি মন্তব্য গৌৰৱৰ ৷ মণিপুৰৰ দৰেই নীতিশ কুমাৰে বিহাৰত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰে নাই সেয়া চাই আছোঁ বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে আম্বানি-আদানিক সহায় কৰিবলৈহে বিজেপিৰ ৰাজনীতি৷ গাঁও-পথাৰত কি চলি আছে, তাৰ পৰা আঁতৰত থাকে বিজেপি দল। বিজেপিৰ মন্ত্ৰী-বিধায়ক সন্তানৰ লগতহে ব্যস্ত ৷ বিধায়ক পুত্ৰৰ নাম HIT AND RUNত ওলোৱা পিছত তদন্ত নহওঁতেই সাংবাদিকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ক্ষোভ গৌৰৱ গগৈৰ৷ গুৱাহাটীত বিজেপিৰ বাঘা বাঘা নেতাৰ পুত্ৰই নিশা গাড়ী চলাই বহুতো দুৰ্ঘটনা সংঘটিত কৰিছে কিন্তু তেওঁলোকৰ বাবে কোনো ট্ৰেফিক আইন নাই, কেৱল জনসাধাৰণেহে এইসমূহত ভুগি আছে ৷ এনেদৰেই খুমটাইত সাংসদ গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে।