Logo
image

‘নতুন প্ৰজন্মৰ বাবে লেখকো সাজু হ’ব লাগিব’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ জানুৱাৰীঃ ‘পৃথিৱীত দুখৰ পৰিমাণ একেই৷ মানুহৰ দুখ বাঢ়ি যাব নোৱাৰে৷ কাৰোবাৰ হয়তো দুখ কম, কাৰোবাৰ বেছি৷ ক’ৰবাত কম,  ক’ৰবাত বেছি৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত ‘সাহিত্য সমাৰোহ’ৰ দ্বিতীয় আলোচনা-সত্ৰত সোমবাৰে বিশিষ্ট সাহিত্যিক-সাংবাদিকজনে এইদৰে কয়৷ ভাষণ প্ৰসংগত গোস্বামীয়ে কয়– ‘ইণ্টাৰনেটৰ জৰিয়তে এতিয়া নতুন প্ৰজন্মই বিশ্ব সাহিত্যৰ বিভিন্ন দিশৰ সোৱাদ পাইছে৷ নতুন প্ৰজন্মৰ পঢ়ুৱৈক অসমীয়া সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ হ’লে লেখকৰো কৰণীয় থাকিব৷ নতুন প্ৰজন্মৰ পঢ়ুৱৈৰ বাবে সাজু হ’ব লাগিব লেখকো৷’ ভাষণ প্ৰসংগত ‘এন কে টিভি’ ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীয়ে লগতে কয়– ‘মোৰ গল্পত আশাবাদ কম আছে৷ ইয়াৰ আগতেও বহু অসমীয়া গল্পকাৰৰ গল্পত আশাবাদৰ অনুপস্থিতি দেখা গৈছিল৷ সৌৰভ চলিহাৰ দৰে গল্পকাৰক বহুতে আপত্তি কৰিছিল যে তেখেতৰ গল্পত আশাবাদ নাই৷ মোৰ গল্পত যদি আশাবাদ নাই বা মোৰ গল্পত আশা প্ৰতিফলিত হোৱা নাই, তেন্তে কোনোবাই হয়তো আশাবাদৰ ওপৰত গল্প লিখিছে, আশাবাদী হৈ লিখিছে৷ গতিকে সেইক্ষেত্ৰত এটা সমতা আহি গৈছে৷ কিন্তু বাস্তৱ জীৱনত সৰুৰে পৰা যিবোৰ দেখিছোঁ, সেইবোৰে হয়তো মানসিকভাৱে ক্ৰিয়া কৰিছে বা সৃজনীশীলতাত ক্ৰিয়া কৰিছে৷ খুব বেছি এটা কাল্পনিক আশাবাদক মই বিশ্বাস নকৰোঁ৷ মই ভাবোঁ সকলো সংঘাত আৰু বিপদৰ মাজত ক’ৰবাত এটা ৰাস্তা আছে৷ মোৰ গল্পত ইমান আত্মহত্যা কিয় বুলি কেইবাজনো সমালোচকে লিখিছে– মনোজ গোস্বামীৰ গল্পত প্ৰতিজন নায়কে আত্মহত্যা কৰিব যেন লাগি থাকে৷ আগতে জাপানত আত্মহত্যা বেছি আছিল৷এতিয়া ভাৰতীয় উপ-মহাদেশত আত্মহত্যাৰ প্ৰৱণতা বাঢ়িছে৷ অসমৰ দৰে ঠাইত আত্মহত্যাৰ জোৱাৰ উঠিছে৷ মই আত্মহত্যাক এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছোঁ৷ ইয়াৰ পৰা ওলাই অহাৰ ৰাস্তা নিশ্চয় আছে৷’ 


উল্লেখ্য, ‘অসমীয়া গল্প-সাহিত্যৰ ইতিবৃত্ত– লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা বৰ্তমানলৈকে’ শীৰ্ষক আলোচনা-চক্ৰত প্ৰথিতযশা সাহিত্যিক অৰূপা পটংগীয়া কলিতায়ো সাৰগৰ্ভ বক্তব্য আগবঢ়ায়৷ সাহিত্য সমাৰোহৰ দ্বিতীয় আলোচনা-সত্ৰ পৰিচালনা কৰে কৃতিময় কাশ্যপে৷ উল্লেখ্য, সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয় চৌহদত ‘সাহিত্য সমাৰোহ’ৰ আয়োজন কৰিছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই কটনৰ শতবৰ্ষ উপলক্ষে ৰচনা কৰা আৰু কটনিয়ানে পৰিৱেশন কৰা গীতেৰে সোমবাৰৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়৷ ‘অসমীয়া উপন্যাসৰ বৰ্তমান স্থিতি আৰু ভৱিষ্যৎ’ শীৰ্ষক প্ৰথম আলোচনা-সত্ৰ পৰিচালনা কৰে কটনিয়ান অনিৰ্বাণ পৰাশৰ আৰু দেৱাশিস হাজৰিকাই৷ এই আলোচনা-সত্ৰত মনোজ্ঞ বক্তব্য আগবঢ়ায় দুই বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু মনিকুন্তলা ভট্টাচাৰ্যই৷ ‘গীত, গীতি সাহিত্য আৰু গীতৰ কথা’ শীৰ্ষক তৃতীয় আলোচনা-সত্ৰত মননশীল বক্তব্য দাঙি ধৰে শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা  প্ৰাপক কণ্ঠশিল্পী তৰালি শৰ্মাৰ উপৰি সমুদ্ৰ কাজল শইকীয়া, ইন্দ্ৰনীল গায়ন আৰু অনুৰাগ বৰুৱাই৷