Logo
image

পৰেশ বৰুৱাৰে কথা পাতি আছে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ পুৱা গুৱাহাটী মহানগৰীত হোৱা বোমাতংকৰ বাতৰিয়ে যেন উদ্বিগ্ন কৰি তুলিছে গৃহ বিভাগক৷ কাৰণ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন৷ এই সন্মিলনত দেশ-বিদেশৰ ১৪০ জনৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ কৰি দুয়োখন দেশৰ ৫ গৰাকী মন্ত্ৰীৰ উপৰিও ২০০ টা কোম্পানীৰ উচ্চ পদস্থ বিষয়াক   সাক্ষাৎ কৰে আৰু অসমত বিনিয়োগৰ বাবে আহ্বান জনায়৷ যি সময়ত সম্পূৰ্ণ চৰকাৰখনে এডভাণ্টেজ আসাম ২.০ ৰ আয়োজক লৈ সম্পূৰ্ণ ৰূপে ব্যস্ত হৈ আছে তেনে সময়তে গণৰাজ্য দিৱসৰ দিনা বোমাংতকৰ ঘটনাক যেন সহজভাৱে ল’ব বিচৰা নাই মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পৰেশ বৰুৱালৈ পুনৰ আলোচনাৰ বাৰ্তা প্ৰেৰণ কৰি এডভাণ্টেজ আসাম ২.০ যেন সুকলমে অনুষ্ঠিত কৰিব বিচাৰিছে৷


সোমবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–আলফাই যে বোমা বিস্ফোৰণ কৰিছে, এই ধৰণৰ বাতৰি মোৰ ওচৰত নাই৷ যদি সচাই কিবা বোমা বিস্ফোৰণ হৈছে, তেতিয়া পৰেশ বৰুৱাক অনুৰোধ কৰিম যে অসমবাসীয়ে শান্তি বিচাৰে আৰু পৰেশ বৰুৱা শান্তিৰ অন্যতম প্ৰহৰী হ’ব লাগে৷ যদি তেওঁ আমালৈ খবৰ পঠিয়াই যে এইবাৰ তেওঁ বোমা বিস্ফোৰণ কৰা নাই, তেনেকুৱা বাতৰিয়ে অসমক গৌৰব প্ৰদান কৰিব৷ আৰু যদি বোমা বিস্ফোৰণ কৰা বুলি স্বীকাৰ কৰে তেনেকুৱা বাতৰিয়ে অসমৰ নৱ প্ৰজন্মক আশাহত কৰিব৷ সেয়ে গণৰাজ্য দিৱসে হওক স্বাধীনতা দিৱসে হওক বা অন্য উৎসৱে হওক য’ত পৰেশ বৰুৱাই নিজেই কয় যে এইবোৰত আমি কোনো বোমা বিস্ফোৰণ কৰা নাই৷ তেনেকুৱা বাতৰিৰ বাবেই নৱ প্ৰজন্মই অপেক্ষা কৰি থাকিব৷ আমি আলোচনাৰ বাবে পথ খোলা ৰাখিছো৷ পৰেশ বৰুৱাৰ সৈতে সময়ে সময়ে মই আলোচনা কৰিয়ে থাকো৷ টেলিফোনত কথা বতৰা হৈয়ে থাকে৷ কিন্তু তেওঁৰ দাবী সকলোৱে জানে৷ সেই দাবীবোৰ গ্ৰহণ কৰাত আমাৰ অসুবিধাৰ বিষয়েও জানে৷