
৬০ হাজাৰ টকা চুইছেগৈ প্ৰয়াগৰাজ অভিমুখী বিমান ভাৰাই
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ জানুৱাৰীঃ সুদীৰ্ঘ ১২ বছৰৰ মূৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভ মেলা৷ বিগত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহা কুম্ভমেলাত এই পৰ্যন্ত দেশ বিদেশৰ প্ৰায় ১২ কোটি ভক্ত-দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিছে৷ সনাতন শাক্ত ধৰ্মীয় সৰ্ববৃহৎ মহোৎসৱত অসমৰ পৰা যোৱা সত্ৰাধিকাৰৰ নেতৃত্বত ভকত বৈষ্ণৱৰ দলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি নামঘৰ স্থাপন কৰি গুৰু আসনো প্ৰতিষ্ঠা কৰিছে৷ মাজুলীৰ উত্তৰ-কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ নেতৃত্বত কুম্ভমেলাস্থলীৰ অস্থায়ী নামঘৰত দিনে-নিশাই চলিছে ভাগৱত পাঠ৷ লক্ষণীয়ভাৱে মহাকুম্ভ মেলাত অংশ লোৱাৰ বাবে যোগী ৰাজ্য উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত দেশ-বিদেশৰ ভক্তৰ লানি লগাত অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিমানৰ টিকটৰ মূল্য৷ বিজনেছ ক্লাছৰ কথা বাদেই ইকন’মি ক্লাছৰ বিমান ভাৰা ২০০ শতাংশৰ পৰা ৭০০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ বিশেষকৈ চেন্নাই, মুম্বাই, বেংগালুৰু আৰু দিল্লীৰ পৰা প্ৰয়াগৰাজলৈ বিমান টিকটৰ দাম উঠিছে গৈ ৫০ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকা৷ বিমান ভাৰা আকাশলংঘী হৈ পৰাত দেশজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ ২৯ জানুৱাৰীত মহাকুম্ভ মেলাত মৌনি অমাৱস্যাৰ স্নানৰ দিন৷ সেই দিনটোত বিমানৰ অগ্ৰীম বুকিঙৰ বিপৰীতে মুম্বাইৰ পৰা প্ৰয়াগৰাজলৈ ভাৰা সৰ্বাধিক ৬০ হাজাৰ টকা হৈছেগৈ৷ আনহাতে ২৮ জানুৱাৰীত চেন্নাইৰ পৰা প্ৰয়াগৰাজলৈ বিমানৰ টিকটৰ মূল্য চুইছেগৈ ৫৩ হাজাৰ টকা৷ ইফালে বেংগালুৰৰ পৰা প্ৰয়াগৰাজলৈ ভাৰা ৫১ হাজাৰো অধিক হৈছে৷ আনহাতে কলকাতাৰ পৰা ভাৰা ৩৫ হাজাৰ টকা হৈছেগৈ৷
মহাকুম্ভমেলা উপলক্ষে বিমান যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰয়াগৰাজলৈ বিমান চলাচলৰ সংখ্যা বৃদ্ধিত অনুমোদন জনাইছে৷ চলিত জানুৱাৰী মাহত অতিৰিক্ত ৮১ বিমানৰ অনুমোদন জনোৱাত দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰয়াগৰাজক সংযোগ কৰা বিমানৰ সংখ্যা ১৩২ খনলৈ বৃদ্ধি পাইছে৷ ইফালে দেশৰ ভিন্ন প্ৰান্তৰ পৰাও প্ৰয়াগৰাজলৈ পোনপটীয়া বিমান চলাচলৰ ব্যৱস্থা কৰাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱে অসমৰ পৰা প্ৰয়াগৰাজলৈ দুখনকৈ বিশেষ ৰে’লৰো ব্যৱস্থা কৰিছে৷ প্ৰয়াগৰাজৰ মাজেৰে নিয়মায়ীকৈ অসমৰ পৰা ৭ খন ৰে’লৰ চলাচল আছে যদিও স্নানৰ দিনকেইটাত কামাখ্যা আৰু নাহৰলগুণৰ পৰা দুখন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰা হৈছে৷ ৰে’ল মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে প্ৰয়াগৰাজক সংযোগ কৰি মুঠ ১৩ হাজাৰখন ৰে’লৰ চলাচল অব্যাহত আছে৷ ইয়াৰে দহ হাজাৰখন নিয়মীয়া ৰে’ল আৰু তিনি হাজাৰখন বিশেষ ৰে’ল বুলি জানিবলৈ দিছে ৰে’ল মন্ত্ৰণালয়ে৷ ইফালে কোটি কোটি ভক্তৰে ওখল-মাখল প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সোমবাৰে স্নান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ পুত্ৰ জয় শ্বাহ আৰু নাতিয়েকক লগত লৈ সোমবাৰে প্ৰয়াগৰাজত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ইয়াৰ পাছতেই গৃহমন্ত্ৰীজনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, জুনা আখৰাৰ মহামণ্ডলেশ্বৰ অৱাধশানন্দ গিৰি আৰু যোগগুৰু বাবা ৰামদেৱৰ সৈতে একেলগে ত্ৰিৱেণী সংগমথলীত স্নান কৰে৷ প্ৰায় ১০ মিনিট সময়ত স্নান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে৷ অমিত শ্বাহে স্নান কৰি হনুমান মন্দিৰত পূজা আগবঢ়ায়৷ ইয়াৰ পাছতে সাধু-সন্ন্যাসীসকলৰ সৈতে মধ্যাহ্ন ভোজনো গ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷