Logo
image

নিৰ্বাচিত একনায়কত্ব ‘চুনাৱী টানাচাহী’

অসমৰ লগতে পশ্চিমবংগতো নিৰ্বাচন অনুষ্ঠিত হৈছে৷ অসমত বিজেপি চৰকাৰ থকাৰ বিপৰীতে বংগত তৃণমূলৰ চৰকাৰ আছে৷ সমগ্ৰ ভাৰতৰ মানুহে সোধা প্ৰশ্নটো হৈছে– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমস্ত কেন্দ্ৰীয় চৰকাৰখনে মিলি মমতা বেনাৰ্জীক হৰুৱাব পাৰিবনে? অসমৰ নিৰ্বাচনত কোনো ব্যক্তিৰ নাম সমুখলৈ অহা নাই৷ বিজেপিৰ ভিতৰৰে সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব সেইটোক লৈ বতাহ কিছু গৰম হৈছে, কিন্তু অসমৰ নিৰ্বাচনে দুটা ব্যক্তিত্বৰ মাজৰ সংঘাতৰ ৰূপ লোৱা নাই৷ ইয়াৰ বিপৰীতে পশ্চিম বংগৰ নিৰ্বাচন হৈ পৰিছে নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীৰ মাজৰ যুঁজ৷ নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে নিজকে দল আৰু চৰকাৰৰ ঊধবৰ্ত স্থাপন কৰিছে৷ বিজেপি-আৰ এছ এছ আৰু ভাৰত চৰকাৰ এফালে আৰু নৰেন্দ্ৰ মোদী এফালে৷ সকলোৱে জানে কাৰ ক্ষমতা বেছি৷ একেদৰে মমতা বেনাৰ্জীও দল আৰু চৰকাৰৰ ঊধবৰ্ত৷ তৃণমূল দল আৰু পশ্চিম বংগ চৰকাৰ এফালে আৰু মমতা বেনাৰ্জী অকলে এফালে৷ সকলোৱে জানে কাৰ ক্ষমতা বেছি৷ গতিকে পশ্চিম বংগৰ নিৰ্বাচন হ’ল নৰেন্দ্ৰ মোদী বনাম মমতা বেনাৰ্জী৷ মমতা বেনাৰ্জীয়ে কৈছে– ‘খেলা হ’বে’৷ মমতা বেনাৰ্জী বা নৰেন্দ্ৰ মোদী পৰাজিত হ’লে ‘বিশেষজ্ঞ’ই তেওঁলোকৰ পৰাজয়ৰ কাৰণ বিচাৰি উলিয়াব৷ 

বামপন্থী আৰু কংগ্ৰেছৰ মতে বিজেপিয়ে ভাৰতীয় গণতন্ত্ৰ ধবংস কৰিব৷ গণতন্ত্ৰ ধবংস হ’লে বামপন্থী দলবোৰ বা কংগ্ৰেছৰ অস্তিত্বও নোহোৱা হ’ব৷ তেনেহ’লে গণতন্ত্ৰ ৰক্ষাৰ বাবে বিজেপিক হৰুৱাব পৰা শক্তি থকা তৃণমূলক সকলোধৰণে সহায় কৰি প্ৰথমে গণতন্ত্ৰ ৰক্ষা কৰি ল’ব লাগিছিল৷ কিন্তু তেওঁলোকে তৃণমূলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ কাৰণ গণতন্ত্ৰ ৰক্ষা কৰাতকৈ নিজৰ দল ৰক্ষা কৰাহে অধিক জৰুৰী৷ দল নাথাকিলে গণতন্ত্ৰ থাকি কি হ’ব? 

হিন্দু বাংলাদেশীৰ ভোটৰ প্ৰতি বিজেপিৰ লোভৰ কথা সকলোৱে জানে৷ বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী মোদী ঢাকালৈ গৈছিল৷ তেওঁ এই বাংলাদেশ ভ্ৰমণক পশ্চিম বংগৰ নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰিলে৷ বাংলাদেশী মূলৰ মটোৱা সম্প্ৰদায়ৰ ভোটাৰে পশ্চিম বংগৰ প্ৰায় ৩৫টা বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা পালন কৰে৷ মোদীয়ে বাংলাদেশৰ ওৰাকান্দিত থকা মটোৱা সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক হৰিচান্দ ঠাকুৰৰ মঠলৈ গ’ল৷ ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিজৰ দলৰ হৈ বিদেশৰ মাটিত গৈ নিৰ্বাচনী প্ৰচাৰ কৰা বুলি অভিযোগ উঠা নাছিল৷ 

১৯৯৯ চনত বিজেপিৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কলকাতা-ঢাকা বাছসেৱা মুকলি কৰিবলৈ বাংলাদেশলৈ গৈছিল৷ তেওঁ লগত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসুকো লৈ গৈছিল৷ চিপিএম দল তেতিয়া বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আছিল৷ বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰৰ দৰে অনুষ্ঠান এটাত নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা  বেনাৰ্জীকো ঢাকালৈ আৰু ওৰাকান্দিলৈ লগত লৈ যোৱা উচিত নাছিলনে? বাংলাদেশৰ জন্মত পশ্চিম বংগৰ এটা বিশেষ ভূমিকা আছে৷ মোদীয়ে কিন্তু লগত লৈ গ’ল বিজেপিৰ সাংসদ আৰু মটোৱা সম্প্ৰদায়ৰ নেতা শান্তনু ঠাকুৰক৷ 

বিজেপিয়ে এখন বিৰোধীহীন ভাৰত বিচাৰে৷ মমতা বেনাৰ্জী তেওঁলোকৰ চকুৰ কুটা দাতৰ শাল হৈ আছে৷ বিজেপিয়ে ভাৰতত নিৰ্বাচিত একনায়কত্ববাদ বা একদলীয় শাসন প্ৰৱৰ্তন কৰিব বিচাৰে৷ নিৰ্বাচন হ’ব, কিন্তু সেই নিৰ্বাচনত নিশ্চিতভাৱে বিজেপি সদায় জয়ী হ’ব৷ বিজেপি-আৰ এছ এছে বিচৰাটোৱেই হ’ব সংবিধান আৰু আইন৷ সেই লক্ষ্যৰ বাটত মমতা বেনাৰ্জী এটা ডাঙৰ হেঙাৰ৷ 

‘ইলেকটেড ট’টেলিটেৰিয়ান’ শাসনৰ পৰা ‘চুনাৱী টানাচাহী’ৰ পৰা ‘নিৰ্বাচিত একনায়কত্ব’ৰ পৰা ভাৰতৰ গণতন্ত্ৰক কোনে, কিহে, কেনেকৈ ৰক্ষা কৰিব?