হৰমীত সিং ভাৰপ্ৰাপ্ত ডিজিপি
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ জানুৱাৰীঃ অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালকপ্ৰধানৰ দায়িত্ব প্ৰদান কৰা হৈছে বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙক৷ ১৯৯২ বেট্ছৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া সিঙক সোমবাৰে গৃহ বিভাগে এটা নিৰ্দেশনাযোগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ আনুষ্ঠানিক দায়িত্ব প্ৰদান কৰে৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰ দায়িত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিততে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা হৰমীত সিঙক অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত মুৰব্বীৰ দায়িত্ব প্ৰদান কৰিছে৷ উল্লেখ্য, ডিজিপি জি পি সিঙক ১৯ জানুৱাৰীত চি আৰ পি এফৰ নতুন সঞ্চালক প্ৰধান হিচাপে কেন্দ্ৰীয় কেবিনেট অনুমোদন জনাইছিল৷ জি পি সিঙে অহা ২৯ জানুৱাৰীত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীটোৰ মুৰব্বী হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ উক্ত দিনটোতেই অৰ্থাৎ বুধবাৰেই হৰমীত সিঙেও অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে এছডিজিপি হৰমীত সিঙক ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে নিযুক্তি দিলেও অসম আৰক্ষীৰ স্থায়ী ডিজিপি কোন হ’ব সেয়া বৰ্তমানেও অনিশ্চয়তা তাত আছে৷ অসমৰ পৰৱৰ্তী ডিজিপিৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জ্যেষ্ঠ আইপিএছ বিষয়াৰ এখন তালিকা প্ৰস্তুত কৰিছে৷ দুই-এদিনতে এই তালিকাখন ইউপিএছচিলৈ প্ৰেৰণ কৰিব৷ নিয়ম অনুসৰি কেন্দ্ৰীয় লোকসেৱা আয়োগে অসম চৰকাৰে প্ৰেৰণ কৰা জ্যেষ্ঠ আইপিএছ বিষয়াৰ মাজৰ পৰা ডিজিপি পদৰ বাবে যোগ্য বিবেচিত বিষয়া সকলৰ তালিকা প্ৰস্তুত কৰি পুনৰ অসম চৰকাৰলৈ প্ৰেৰণ কৰিব৷
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউপিএছচিৰ উক্ত তালিকাখনৰ পৰাই এজন আইপিএছ বিষয়াক ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিব৷ ইতিমধ্যে অসম চৰকাৰৰ গৃহ বিভাগে ৰাজ্যৰ পৰৱৰ্তী ডিজিপিৰ পেনেলত স্থান দিয়া জ্যেষ্ঠ পাঁচ আইপিএছ বিষয়া হৈছে ক্ৰমে– ১৯৯২ বেট্ছৰ হৰমীত সিং, ১৯৯৩ বেট্ছৰ ড॰ ৰাম প্ৰসাদ মীনা, ১৯৯৪ বেট্ছৰ দীপক কুমাৰ, ১৯৯৫ বেট্ছৰ এ ৱাই ভি কৃষ্ণ আৰু মুন্না প্ৰসাদ গুপ্তা৷ ইয়াৰে ড॰ ৰাম প্ৰসাদ মীনাই বি এছ এফ, দীপক কুমাৰে চি আৰ পি এফ, এ ৱাই ভি কৃষ্ণই চি বি আইত কেন্দ্ৰীয় ডেপুটেশ্বনত আছে৷ আনহাতে, মুন্নাপ্ৰসাদ গুপ্তাই চি আই ডিত বিশেষ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত৷ সেই সূত্ৰে আই পি এছ হৰমীত সিং আৰু মুন্না প্ৰসাদ গুপ্তা পৰৱৰ্তী ডিজিপি হিচাপে চৰ্চাত আছে যদিও শেষমুহূৰ্তত হৰমীত সিঙকে মুখ্যমন্ত্ৰীয়ে স্থায়ী ডিজিপি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক৷ উল্লেখ্য, হৰমীত সিঙে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে অসম আৰক্ষীৰ আন ভালেমান গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে৷ ১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি সিঙে ১৯৯৮ চনলৈকে অসমত সেৱা আগবঢ়াইছিল৷ মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বোকাখাতৰ এছ ডি পি অ’, অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছিল৷ এই সূত্ৰে তেওঁ দিল্লী, ছিকিমৰ গেংটক, ৰাছিয়াৰ মস্কো আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰকে ধৰি বিভিন্ন ঠাইতো সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা আছে৷ সংঘাত জৰ্জৰ অঞ্চলৰ সমস্যাৰ সমাধান, সন্ত্ৰাসবাদ বিৰোধী, মৌলবাদ বিৰোধী, চাইবাৰ নিৰাপত্তা আৰু আন্তঃগাঁথনি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰশাসন বিশেষজ্ঞৰূপে সুনাম আছে হৰমীত সিঙৰ৷ ইযাৰ উপৰি কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে হৰমীত সিঙে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, অতি উৎকৃষ্ট সেৱা পদকো লাভ কৰিছে৷






