Logo
image

‘অসম সন্তান হৈ থাকিব বিচাৰোঁ’

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৯ জানুৱাৰীঃ মই অসম সন্তান হৈ থাকিব বিচাৰোঁ৷ অসমৰ তোলনীয়া সন্তান হিচাপে অসমবাসীয়ে মোক মনত ৰাখিব বুলি মই বিশ্বাস কৰো৷ ‘‘ এইদৰে কয় বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিদায়ী সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় যে অসম এৰিলেও সদায়ে অসমৰ কাষত থাকিম৷ ৩৬ বছৰীয়া পৰিক্ৰমা সামৰি দিল্লীলৈ যাব ওলোৱা জিপি সিঙে এই আবেগিক মন্তব্য আগবঢ়ায়৷ গুৱাহাটীৰ কাহিলীপাৰাত থকা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়৷ জি পি সিঙে প্ৰথমে শ্বহীদ বেদীত অসম আৰক্ষীৰ বীৰ-শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ তাৰ পাছত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে বিদায়ী সঞ্চালক প্ৰদান জি পি সিঙক আদৰণি জনায়৷ অনুষ্ঠানত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে বিদায়ী সঞ্চালক প্ৰধানগৰাকীয়ে৷ অসম আৰক্ষীৰ তৰফৰ পৰা আকৰ্ষণীয় কুচ-কাবাজৰ লগতে নিয়ম অনুসৰি বিদায়ী সঞ্চালক প্ৰধানগৰাকীক বিদায় সম্ভাষণ জনোৱা হয়৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে বিদায়ী পৰত দিয়া অন্তিমটো ভাষণত জি পি সিঙে কয়, ‘‘মা কামাখ্যাৰ আৰ্শীবাদত মই আৰু মোৰ পৰিয়ালটো সদায় সুৰক্ষিত হৈ আছো আৰু আজিৰ এই পৰ্যায়ত উপনীত হ’ব পাৰিছো৷ অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মই তেওঁলোকৰ সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো৷ অসম আৰক্ষীৰ ঐতিহাসিক ২০০ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত হৰমীত সিঙে দায়িত্ব লৈ বহুকেইটা বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে৷ অসম আৰক্ষীৰ এই ঐতিহাসিক ক্ষণৰ অংশীদাৰ হ’বলৈ পাই মই সুখী অনুভৱ কৰিছো৷ মোৰ এই যাত্ৰাত মোৰ পত্নী আৰু মোৰ দুগৰাকী জীয়ৰীয়ে সদায় সহযোগ কৰিছে৷ ‘‘ জি পি সিঙে কয়, ‘‘মই মোৰ কাৰ্যকালত পোৱা প্ৰতিগৰাকী মুখ্যমন্ত্ৰীলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ৷ হিতেশ্বৰ শইকীয়া, ভূমিধৰ বৰ্মন, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছো৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই কথাৰে ব্যাখ্যা কৰিব নোৱাৰো৷ আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাই মোৰ ঘৰলৈ আহি মোৰ পৰিয়ালক সাক্ষাৎ কৰি মোক উৎসাহিত কৰিছে৷ মই মুখ্যমন্ত্ৰীৰ ওচৰত চিৰকৃতজ্ঞ৷ আনহাতে অসমবাসীক যিমান অভিনন্দন আৰু ধন্যবাদ জনাও সেয়া কম হ’ব৷ অসমবাসীয়ে মোক পৰামৰ্শ দিছে আৰু আগুৱাই যোৱাৰ বাট দেখুৱাইছে৷ সকলো ক্ষেত্ৰতে মোক সহায় কৰিছে৷ অসমৰ ৰাইজে মোক কোনো দিনেই কষ্ট দিয়া নাই৷ মই আশা কৰো তথা মোৰ দৃঢ় বিশ্বাস আছে যে হৰমীত সিঙৰ নেতৃত্বত অসম পুলিচ আৰু আগুৱাই যাব৷ মই অসমৰ সংবাদ মাধ্যম তথা সাংবাদিকসকলক ধন্যবাদ জনাইছো৷ সংবাদ মাধ্যমৰ পৰা মই কোনো দিনে হাৰাশাস্তিৰ সন্মুখীন হোৱা নাই৷ সদায়ে গঠনমূলক সমালোচনা পাইছো৷’ জি পি সিঙে সহকৰ্মীসকলৰ প্ৰতি আহ৩ান জনাই কয়– ‘‘সকলোৱে প্ৰথমে আৰক্ষী বিষয়া নহয়, এজন ভাল মানুহ হ’ব৷ এজন ভাল মানুহৰ পাছত আৰক্ষী বিষয়া হ’ব৷


ভাল মানুহ হৈ সমাজত থাকিব৷ ক্ষমতাৰ সদায় ভাল ব্যৱহাৰ কৰিব৷ আনহাতে নিজৰ স্বাস্থ্য সদায়ে ভালে ৰাখিব৷ স্বাস্থ্য নিজৰ বাবে৷ সুস্থ শৰীৰত সুস্থ মন থাকে৷ অনুষ্ঠানত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, ‘আৰক্ষী হব লাগে ৰাইজৰ বন্ধু৷ অসম আৰক্ষীত জি পি সিঙৰ ভূমিকা উল্লেখনীয়৷ অসম আৰক্ষীৰ প্ৰতি তেওঁৰ বিশেষ ফ’কাছ আৰু মৰম আছিল৷ শেহতীয়া দুটা বছৰত অসম আৰক্ষীত ৩০ হাজাৰ পদোন্নতি হৈছে৷ ইয়াৰ পূৰ্বে অসম আৰক্ষীত এনেদৰে পদোন্নতি হোৱা নাছিল৷ তেওঁ অসম আৰক্ষীৰ নতুন ৱেলফেয়াৰ পলিচী কৰিলে৷ তেওঁ গ্ৰহণ কৰা পদক্ষেপসমূহ আমি আগুৱাই লৈ যাম৷’ অনুষ্ঠানত অসম আৰক্ষীৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব প্ৰদান কৰা হৈছে৷ যাৰ বাবে বুধবাৰে তেওঁক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়৷ জি পি সিঙৰ ঠাইত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক৷ ২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে৷ ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছিল৷ ২০১৯ চনত ৰাজ্যজোৰা ‘কা’ আন্দোলনৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসমলৈ পুনৰবাৰ আগমন ঘটিছিল জি পি সিঙৰ৷ পৰৱৰ্তী সময়ত তেওঁ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷ বুধবাৰে বিয়লি জি পি সিঙে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ হৰমীত সিঙক অৰ্পণ কৰি নতুন দিল্লীলৈ ৰাওনা হয় আৰু নতুন পদবীত নিয়োজিত হ’ব৷