Logo
image

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ২৯ জানুৱাৰীঃ অসমৰ জাতীয় জীৱনৰ অন্যতম অসম সাহিত্য সভাৰ সপ্তসপ্তিতম পাঠশালা অধিৱেশনৰ বাবে মাজত মাথোঁ এদিন বাকী থকা অৱস্থাত আজি আনুষ্ঠানিকভাৱে সংবাদমেল যোগে অধিৱেশনৰ বিতং কাৰ্যসূচী ঘোষণা কৰে সাহিত্য সভাৰ   উদ্‌যাপন সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ চৌধুৰীয়ে৷ তেওঁ কয় এইবাৰ পাঠশালাত হ’ব লগা অধিৱেশনে এক উল্লেসযোগ্য ভূমিকা গ্ৰহণৰ কথা উল্লেখ কৰে৷ উল্লেখ্য, ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ ৩১ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্‌ঘাটনেৰে আৰম্ভ হ’ব পাঠশালা অধিৱেশনৰ কাৰ্যসূচী৷ নামঘৰৰ দ্বাৰ উদ্‌ঘাটন কৰিব  বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ,  প্ৰবোধদেৱ অধিকাৰীয়ে৷ ইয়াৰ পাছত নামঘৰৰ বন্তি প্ৰজ্জ্বলন কৰিব নাজিৰা, শিৱসাগৰ সমাজকৰ্মী যতীন লাহনে গুৰু আসন প্ৰতিষ্ঠা কৰিব শৰণাচাৰ্য দীনেশ পাটগিৰিয়ে৷ পুৱা ন বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ মুকলি কৰিব অসম সাহিত্য সভাৰ  সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ইয়াৰ পিছত মূল তোৰণ উদ্‌ঘাটন কৰিব,  আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক তথা অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়ে,  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰিব অকয়া সত্ৰৰ সত্ৰাধিকাৰ বীৰেন দাস,  মাল্যাৰ্পণ কৰিব সত্ৰাধিকাৰ মথুৰা মোহন তালুকদাৰে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ  কৰিব আদৰণি সমিতিৰ যুটীয়া সম্পাদক, অতুল কলিতাই মাল্যাৰ্পণ কৰিব বজালী সত্ৰ মহাসভাৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে৷  অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰিব বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰে,  মাল্যাৰ্পণ কৰিব এম. চি. মহাবিদ্যালয় অধ্যক্ষ ড॰ প্ৰকাশ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰিব  ৰামকৃষ্ণ তালুকদাৰ আৰু মুৰাৰি মোহন দত্তই, ইয়াৰ পাছত ভট্টদেৱ ক্ষেত্ৰৰ কবি সন্মিলন, গ্ৰন্থমেলা, প্ৰদৰ্শনী, বিজ্ঞান মেলা, জনগোষ্ঠীয় গ্ৰাম্যাঞ্চল, বজালীহাট সমন্বিতে বিভিন্ন বিভাগৰ দ্বাৰ উদ্‌ঘাটন কৰিব বিশিষ্ট কবি তথা অসম গ্ৰামীণ জীৱিকা মিছনৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে৷ কৈলাস মক্কা বৰুৱা সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ উদ্‌ঘাটন উদ্‌ঘাটন কৰিব বিশিষ্ট সাহিত্যিক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ড॰ অমৰজ্যোতি চৌধুৰীয়ে৷ গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰিব শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ইয়াৰ পাছত অসম বিধানসভাত কমেশ্বৰ দাস শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট লেখক অঞ্জন শৰ্মাই, শিশুৰাম হাজৰিকা সোঁৱৰণী প্ৰদৰ্শনী দ্বাৰ উদ্‌ঘাটন কৰিব বিধায়ক ফণীভূষণ তালুকদাৰে, প্ৰদৰ্শনীৰ মঞ্চ উদ্বোধন, কৰ্ণেল গুৰুপ্ৰসাদ দাস সোৱৰণী বিজ্ঞান মেলা দ্বাৰ উদ্‌ঘাটন কৰিব কেবিনেট মন্ত্ৰী কেশৱ মহন্তই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত ভূষণ চৌধুৰী, জনগোষ্ঠী মঞ্চ আৰু গ্ৰামাঞ্চল উদ্বোধন কৰিব এন কে টি ভিৰ পৰিচালন সঞ্চালক নিপন তালুকদাৰে, বজালী হাটৰ দ্বাৰ উদঘাটন কৰিব বিধায়ক ফণী তালুকদাৰে, নাট্যমঞ্চ উদ্বোধন কৰিব শিল্পী ৰজনী তালুকদাৰে ভোজানালয় দ্বাৰ উদঘাটন কৰিব বিশিষ্ট ব্যৱসায়ী অনিন্দ্য শৰ্মাই, মূল মঞ্চ কৰিব উদ্বোধন কৰিব বজালী জিলা উপায়ুক্ত মৃদুল কুমাৰ দাসে , দিনৰ ১১ বজাত ভট্টদেৱ সাহিত্য শীৰ্ষক সাহিত্য আলোচনাত অংশগ্ৰহণ কৰিব বিশিষ্ট ব্যক্তি মৃণালিনী দেৱী, উমেশ ডেকা আৰু আলোচক ড॰ লীনা গোস্বামীয়ে, ১১-৩০ বজাত মে-ডাম-মে-ফি উদযাপন,  ৪ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব কৰুণাকান্ত ভৰালীয়ে আবেলি ৪-৩০ বজাত অসম সাহিত্য সভাৰ অষ্টম পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা উদ্বোধন কৰিব ড॰ কৰুণা মোহন শৰ্মাই,  আবেলি ৫-৩০ বজাত ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বজালী শীৰ্ষক সাংস্কৃতিক সন্মিলন সন্ধিয়া ৭ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বজালী জিলা আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে৷ ১ ফেব্ৰুৱাৰীত ৮.৪৫ বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই৷ পতাকা বেদীৰ ৰম চক্ৰত ৭৭ খন পতাকা আৰু পতাকা বেদীৰ ২য় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰাৰ পিছতে ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰিব ডাঃ গিৰীশ সন্দিকৈয়ে, ৯.৩০ বজাত শ্বহীদ তৰ্পণ কৰিব চন্দ্ৰ কান্ত তালুকদাৰ আৰু বন্তি প্ৰজ্জ্বলন কৰিব ড॰ বসন্ত কুমাৰ শৰ্মাই৷ ১০.৩০ বজাত স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সন্মিলনত সভাপতিত্ব কৰিব সূৰ্যকান্ত হাজৰিকাই৷ নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰিবলগীয়া সভাখনত আদৰণী ভাষণ প্ৰদান কৰিব ৰণজিৎ কুমাৰ দাসে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড॰ দীপক কুমাৰ শৰ্মা৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ড॰ হিতেশ ডেকাই৷ বিশিষ্ট অতিথি হিচাপে থাকিব ক্ৰমে দীপ্তি ফুকন পাটগিৰি, থানেশ্বৰ মালাকাৰ আৰু দাসো কলিতাই৷ সন্মানীয় অতিথি হিচাপে অংশ ল’ব ক্ৰমে গোবিন্দ টাই, কমলাকান্ত মুছাহাৰী, ড॰ ষড়ানন দেউৰী, সভাপতি, অবন দেউৰী, ৰমেশ থাওচেন, কুমুদ ৰঞ্জন কেম্প্ৰাই, ড॰ চিন্তামণি শৰ্মা, তিলক শৰ্মা, অমৰ সিং কোচ, ৰাজকুমাৰ ৰাভা, কামসিং হান্সে, লীলাধৰ টেৰণ, হৰিনাৰায়ণ পেণ্ড, সোণেশ্বৰ কাপটাগ, সুৰথ নাৰ্জাৰী, সীতাৰাম বসুমতাৰী, নীলকান্ত গয়াৰী, দ্বীপেন্দ্ৰনাথ বৰদলৈ, ড॰ বিদু্যৎ বিকাশ সেনাপতি, হৰকান্ত মহন্ত, বিধান মৰাণ, সঞ্জয় কুমাৰ তাঁতী, সঞ্জীৱ কৈৰী, মোহন সোণোৱাল, মৃদুল সোণোৱাল, ড॰ হাফিজ আহমেদ, আনোৱাৰ হুছেইন, ড॰ দ্বিজেন্দ্ৰনাথ ভকত, কমল কুমাৰ বৰ্মন, দিলস্‌ লক্ষ্মীন্দৰ সিংহ, সিবেন্দ্ৰ সিংহ, লোহিত চন্দ্ৰ দাস আৰু লোকশ্ৰী সোণবৰ বৰুৱাই৷ আবেলি ৩ বজাত জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰিব অধ্যাপক ননীগোপাল মহন্তই৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ সন্মানীয় অতিথি হিতাপে থাকিব অধ্যাপক ধনপতি ডেকা৷ বিশিষ্ট অতিথি হিচাপে থাকিব ড॰ ধ্ৰুৱ  চক্ৰৱৰ্তী আৰু ড॰ কমলাকান্ত বড়া৷ সন্ধিয়া কবি সন্মিলন উদ্বোধন কৰিব উৰ্খাও গৌৰা ব্ৰহ্মই৷ অধ্যাপক কামালউদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিতৱ্য কবি সন্মিলনত মুখ্য অতিথি হিচাপে অংশ ল’ব সমীৰ তাঁতীয়ে৷


পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্ছ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিতৱ্য প্ৰতিনিধি সভা উদ্বোধন কৰিব অধ্যাপক ইদ্ৰিছ আলিয়ে৷ আদৰণী ভাষণ প্ৰদান কৰিব প্ৰফুল্ল কুমাৰ গোস্বামীয়ে৷ সন্ধিয়া ৬.৩০ বজাত ‘অসমীয়া থলুৱা গীত-মাত ইত্যাদি’ বিষয়ক সাংস্কৃতিক সন্মিলন উদ্বোধন কৰিব বসন্ত পাটগিৰিয়ে৷ ৰামকৃষ্ণ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠানত আলোচক হিচাপে অংশ ল’ব ড॰ ধ্ৰুৱজ্যোতি দাস আৰু ধৰ্মেন্দ্ৰ দাসে৷ ৭.৩০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অনুপম শৰ্মাই৷ দুই ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ধ্ৰুপদী অসমীয়া ভাষা শীৰ্ষক আলোচনা সত্ৰ দিনৰ ১ বজাত প্ৰথম মুকলি সভা আবেলি চাৰি বজাত ৰামধেনু অনুষ্ঠান ৬-৩০ বজাত সাংস্কৃতিক সন্মিলন সন্ধিয়া জ্জবজাত সাংস্কৃতিক অনুষ্ঠান৷ তিনি ফেব্ৰুৱাৰী সোমবাৰে প্ৰচীন কামৰূপ ঐতিহ্যৰ ওপৰত বুৰঞ্জী সন্মিলন উদ্বোধন কৰিব হেমন্ত সিং মজুমদাৰে, সঞ্চালনা কৰিব ড॰ গজেন্দ্ৰ অধিকাৰী, আলোচক ড॰ নমিতা দাস গুৰুং, ড॰ নিৰঞ্জন কলিতা, ১১.৩০ বজাত লোক-সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব অধ্যাপক অনিল বড়োৱে৷ অধ্যাপক মৃণাল কুমাৰ বৰাই সঞ্চালনা কৰিবলগীয়া অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকিব ড॰ বিজয় কুমাৰ শৰ্মা আৰু ড॰ শুকদেৱ অধিকাৰী৷ দুই বজাৰ মুকলি সভা উদ্বোধন কৰিব ড॰ কুলধৰ শইকীয়াই৷অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগা সভাৰ আদৰণি ভাষণ প্ৰদান কৰিব গিৰিধৰ চৌধুৰীয়ে৷ সভাত সন্মানীয় সভাপতি হিচাপে বিশিষ্ট সাহিত্যিক হেৰি মাৰিং বিশিষ্ট অতিথি হিচাপে ডাঃ গিৰীশ সন্দিকৈ, শক্তিময় দাস, ডাঃ জয়ন্ত বিশ্ব শৰ্মা, আবেলি চাৰি বজাত যুৱ সংসদৰ অনুষ্ঠান উদ্বোধন কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে৷ আলোচক হিচাপে আৰণ্যক শইকীয়া ড॰ দেৱজিত মহন্ত, ড॰ ভাস্কৰ চৌধুৰী৷ অসমৰ লোকনাট্যৰ পৰম্পৰা পৰিৱৰ্তন শীৰ্ষক সাংস্কৃতিক সন্মিলন উদ্বোধন কৰিব প্ৰভাত হালৈ, সঞ্চালনা কৰিব ৰাজেন দাসে, বিশিষ্ট অতিথি হিচাপে থাকিব সন্তোষ গয়াৰী, দিলীপ কাকতি, গোবিন্দ তালুকদাৰ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সুশান্ত বিশ্ব শৰ্মাই৷ চাৰি ফেব্ৰুৱাৰীৰ দিনা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন উদ্বোধন কৰিব পলাশ চাংমায়ে, সঞ্চালনা কৰিব ড॰ গিৰীশ সন্দিকৈ, মুখ্য অতিথি উৎপল শৰ্মা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ দুপৰীয়া মহিলাৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান আকাশ অনুষ্ঠান উদ্বোধন কৰিব ড॰ বিনীতা বৰা দেৱ চৌধুৰী, সঞ্চালক সুবৰ্ণা শইকীয়া বৰদলৈ, তিনি বজাত অসমৰ ভ্ৰাম্যমাণ নাট্য আন্দোলন আৰু নাটকৰ গতিধাৰা বিষয়ক নাট্য সন্মিলন উদ্বোধন কৰিব ‘দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদক অতুল্য মাধৱ গোস্বামী, সঞ্চালনা কৰিব ৰৱেন্দ্ৰ কুমাৰ দাসে, আলোচক ড॰ হিৰুমণি কলিতা, ড॰ ভূপেন তালুকদাৰ৷ আবেলি অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাই, মুখ্য অতিথি প্ৰমোদ বড়ো, অপূৰ্ব কুমাৰ শৰ্মা, বহনা শইকীয়া, আৰু হিতেশ কুমাৰ শৰ্মা৷ সন্ধিয়া অসমীয়া চিৰ সেউজীয়া গীতৰ ওপৰত সাংস্কৃতিক সন্মিলন উদ্বোধন কৰিব ভোগীৰাম দাসে, সঞ্চালনা কৰিব কমল শৰ্মাই, বিশিষ্ট অতিথি ববিতা দাস মালবিকা দিহিদাৰ৷ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মনোজ কুমাৰ গোস্বামীয়ে৷ অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে৷