বিজেপি ক্ষমতালৈ আহিলেই সলনি হ’ব 'দিল্লী'ৰ চেহেৰা
‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৩০ জানুৱাৰীঃ দিল্লীৰ বস্তি এলেকাৰ বাসিন্দাসকলৰ বৰ্তমানৰ জীৱন ধাৰণৰ সমস্যা আৰু দুৰ্দশা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ জীৱন ধাৰণৰ পৰিৱেশ উন্নত কৰিবলৈ গ্ৰহণ কৰা সংকল্পৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাক্-মুহূৰ্তত আজি নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে দিল্লীৰ জনসাধাৰণক অৱগত কৰে৷ দেশৰ ৰাজধানী দিল্লীৰ কাৰৱাল নগৰ, ঘোণ্ডা আৰু চান্দনী চ’কত ৩ খন নিৰ্বাচনী জনসভাত ভাষণ দি ড॰ শৰ্মাই বাংলাদেশৰ শেহতীয়া অস্থিৰতাৰ পটভূমিত বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ পৰা ভাৰতক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু কাৰ জৰিয়তে নিৰ্যাতিত সংখ্যালঘু সকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ দূৰদৰ্শী নীতিগত প্ৰচেষ্টাৰ বিষয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালৰ চৰ্চিত বাসগৃহ ‘চিচমহল’ক সমালোচনা কৰি কয় যে যেতিয়া দিল্লীয়ে ক’ভিডৰ সংকটৰ সৈতে যুঁজি আছিল, সেই সময়ত কেজৰিৱালে চিচমহল নিৰ্মাণ কৰিছিল৷ লগতে তেওঁ দিল্লীৰ মোহল্লা ক্লিনিকৰ বিফল আৰ্হিৰ সম্পৰ্কেও আলোকপাত কৰে৷ ড॰ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি হৈছে এনে এটা দল যিয়ে প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে৷ অসমত মহিলাৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সাহায্য, ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ, বিনামূলীয়া শিক্ষাৰ লগতে যুগান্তকাৰী অৰুণোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত প্ৰতি মাহে ১২৫০ টকাকৈ ৪০ লাখৰো অধিক মহিলাক প্ৰদান কৰি থকা হৈছে৷ তেওঁ লগতে ৰাজস্থানত বিজেপিৰ প্ৰতিশ্ৰুতি পূৰ্ণতাৰ উদাহৰণৰ দাঙি ধৰি ৫০০ টকাত ৰন্ধন গেছ প্ৰদান কৰি থকাৰ বিষয়ে ব্যক্ত কৰে৷ ড॰ শৰ্মাই দিল্লীক আৱৰ্জনা আৰু প্ৰদূষণমুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ দলটোৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু ক্ষমতালৈ আহিলে সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে৷ দিনটোৰ ব্যস্ততা সামৰি মুখ্যমন্ত্ৰীয়ে দিল্লীত বাস কৰা অসমীয়া লোকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু নৈশ আহাৰত মিলিত হয়৷ ড॰ শৰ্মাই অসমৰ পৰম্পৰা-ঐতিহ্যক জীয়াই ৰখাৰ বাবে দিল্লীবাসী অসমীয়া সমাজক কৃজ্ঞতা জ্ঞাপন কৰে৷
কেন্দ্ৰত চৰকাৰ সলনি হ’লে জে’ললৈ যাব হিমন্ত বিশ্বঃ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই৷ বৃহস্পতিবাৰে নতুন দিল্লীস্থিত দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদ মেলত আপৰ নেতাজনে কয়– ‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চালে বেৰে কোবোৱা ধৰণৰ মন্তব্য কৰিছে৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে তেওঁ যিবোৰ অভিযোগ উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন৷ কোনো তদন্তকাৰী সংস্থাই কেজৰিৱালক দুৰ্নীতিগ্ৰস্থ বুলি প্ৰমাণ কৰিব পৰা নাই৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাৰদা কেলেংকাৰি, লুই বাৰ্জাৰ কেলেংকাৰিৰ অভিযোগ আছে৷ চিবিআইৰ জেৰা আৰু অনুসন্ধান চলি থকাৰ মাজতে তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছে৷ লগে লগে তেওঁৰ বিৰুদ্ধে তদন্ত বন্ধ কৰা হৈছে৷ তেওঁ সাজু হৈ থাকক৷ কেন্দ্ৰত চৰকাৰ সলনি হ’লে তেওঁ জেললৈ যাব লাগিব৷ মোদী, অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাক সুৰক্ষা দিব নোৱাৰে৷ অসমৰ গান্ধীবাদী তথা কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰৰো ফাইল পুনৰ মুকলি হ’ ব৷ দিল্লীৰ মহল্লা ক্লিনিকৰ সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাই অসমৰ জিলাই জিলাই মেডিকেল কলেজৰ কথা কৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ মেডিকেল কলেজত গেষ্ট্ৰিক, বা জ্বৰ, কাহৰো টেবলেট নাই৷ ৰোগীৰ চিকিৎসাৰ নূ্যনতম সুবিধা নথকা চিকিৎসালয়, অধ্যাপক নথকা কলেজ স্থাপন কৰি দম্ভালি মৰা মুখ্যমন্ত্ৰীয়ে কেজৰিৱালক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ বিগত দিনত দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্তন হৈছে৷ বিপৰীতে অসমত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে পত্নীক ব্যক্তিগত স্কুলৰ ব্যৱসায় কৰিবলৈ দিছে৷ মুখ্যমন্ত্ৰীয়ে সীমাহীন সম্পত্তি আহৰণ কৰিছে৷ আয়ৰ সৈতে সম্পত্তিৰ সামঞ্জস্য নাই৷ ডিমা হাছাও জিলাৰ অবৈধ কয়লা খননৰ সৈতে জড়িত দেৱলাল গাৰ্লোচাৰ পৰিয়াল, কাৰ্বি আংলং জিলাৰ অবৈধ কয়লা খননৰ সৈতে জড়িত তুলিৰাম ৰংহাং আদিৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কৰ তদন্ত হওক৷ এইবোৰৰ তদন্ত হ’লে মুখ্যমন্ত্ৰীৰ জোলোঙাৰ মেকুৰী ওলাই পৰিব৷ তেতিয়াই গম পোৱা যাব অসমৰ প্ৰতিটো দুৰ্নীতি, কেলেংকাৰিৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত৷’






