
ডীপছিকৰ ফাঁকি ! অৰুণাচল-ভূটানক লৈ চুপ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ জানুৱাৰীঃ চীনৰ নৱতম আৱিষ্কাৰ এ আই মডেল ডীপছীক আৰ-১ য়ে বুদ্ধিমত্তা আৰু ‘অ’পেন ছ’ৰ্ছ ৰিজনিং’ বা বিনামূলীয়া সেৱাৰে বিশ্বৰ প্ৰযুক্তি ক্ষেত্ৰত অভাৱনীয় চাঞ্চল্যৰ সৃষ্টি কৰিলেও এই কৃত্ৰিম বুদ্ধিমত্তা চীনৰ চৰকাৰৰ দ্বাৰা কঠোৰভাৱে নিয়ন্ত্ৰিত৷ চীনৰ ডীপছীক আৰ-১ দেশখনৰ শত্ৰু ভাৱাপন্ন দেশৰ গ্ৰাহকৰ বাবে সমভাৱে অন্যান্য গ্ৰাহকৰ দৰে মুক্ত নহয়৷ ডীপছীকে প্ৰযুক্তিৰ বজাৰত ধুমুহাৰ সৃষ্টি কৰাৰ পাছত এই কৃত্ৰিম বুদ্ধিমত্তাক লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকে কৰা পৰীক্ষাত চীনৰ এই নতুন কৃত্ৰিম বুদ্ধিমত্তাই ‘ফেইল’ মাৰিছে৷ কিয়নো, চীনৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ বিষয়ে কৰা কোনো প্ৰশ্নৰে উত্তৰ নাজানে ডীপছীকে৷ অৰুণাচল প্ৰদেশ ক’ত অৱস্থিত বুলি কৰা প্ৰশ্নৰ উত্তৰত ডীপছীকে জনাইছে– ‘দুঃখিত, এনেধৰণৰ প্ৰশ্নত কেনেধৰণৰ উত্তৰ দিব লাগে মই নাজানো৷ তাৰ পৰিৱৰ্তে অংক, ক’ডিং বা লজিকৰ সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰা ভাল৷’ একেই প্ৰশ্নৰ উত্তৰত আন এবাৰ ডীপছীকে কৈছে– ‘দুঃখিত, এয়া মোৰ সাম্প্ৰতিক সীমাৱদ্ধতাৰ বাহিৰত৷ ইয়াৰ পৰিৱৰ্তে আন বিষয় আলোচনা কৰা ভাল৷’ অৱশ্যে একেটা এ আয়ে ভাৰতৰ আন ৰাজ্য যেনে অন্ধ্ৰ প্ৰদেশ, চহৰ যেনে নতুন দিল্লী-জয়পুৰৰ বিষয়ে প্ৰশ্ন কৰিলে যথাযথ আৰু শুদ্ধ উত্তৰ দিছে৷ ডীপছীকৰ সীমাৱদ্ধতা দেখা গ’ল অৰুণাচল প্ৰদেশ, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভূটানৰ ক্ষেত্ৰত৷ উত্তৰ-পূবৰ যিকোনো ৰাজ্য, যিকোনো স্থানৰ বিষয়ে প্ৰশ্ন কৰিলে ডীপছীকে কেইটামান শাৰী লিখিবলৈ আৰম্ভ কৰিলেও লিখা শেষ হোৱাৰ লগে লগে ই অদৃশ্য হৈ যায়৷ তাৰ ঠাইত ওলাই আহে ‘ছ’ৰী, ডেট্ছ বিয়ণ্ড মাই কাৰেণ্ট স্ক’প৷ লেট্ছ টক এবাউট ছামথিং এল্ছ৷’
চীনা এ আই মডেল ডীপছীকৰ কি ‘জ্ঞান’ কম?’ ডীপছীকৰ তথ্য ভাণ্ডাৰত কি সীমাৱদ্ধতা আছে? খুউব সম্ভৱতঃ সেয়া নহয়৷ অন্ততঃ চাটজিপিটিৰ নিৰ্মাতা অ’পেন এ আই, জেমিনিৰ নিৰ্মাতা গুগল, মেটা আৰু অ’পেন এআইৰ দৰে বিশ্বৰ বৃহত্তম কোম্পানীয়ে ডীপছীক ব্যৱহাৰ আৰু পৰীক্ষা কৰি ইয়াৰ বুদ্ধিমত্তাৰ মান ইতিপূৰ্বে উদ্ভাৱন হোৱা সকলো এ আই মডেলতকৈ কম নহয়, বৰং অধিকহে বুলি প্ৰশংসা কৰাৰ পাছত ডীপছীকৰ জ্ঞান আৰু বুদ্ধিমত্তাক লৈ প্ৰশ্ন কৰাটো বুদ্ধিমানৰ পৰিচায়ক নহয়৷ তেন্তে কিয় অসম-অৰুণাচলক লৈ নিৰুত্তৰ চীনা এ আই মডেল ডীপছীক?
বৃহস্পতিবাৰে ডীপছীকৰ সৈতে কেইবাঘণ্টা ধৰি চলোৱা ‘পৰীক্ষা-নিৰীক্ষা’ আৰু পাক লগোৱা অসংখ্য প্ৰশ্ন কৰাৰ পাছত এটা সিদ্ধান্তলৈ আহিব পৰা গৈছে– এই চীনা এ আই দেশখনৰ চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন৷ চীনৰ চৰকাৰে কেতবোৰ বিষয়ত ডীপছীকৰ ওপৰত চেঞ্চৰশ্বিপ লগাই থৈছে৷ যেনে– অৰুণাচল প্ৰদেশ চীনৰ চৰকাৰৰ মতে বিবদমান অঞ্চল৷ আনকি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰতে চীনৰ চৰকাৰ অতিশয় সংবেদনশীল৷ সেয়ে সম্ভৱতঃ চীনৰ ডীপছীক নামৰ এ আই মডেলটোৱে অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু ভূটান সন্দৰ্ভত কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে৷ অথবা তেনে প্ৰশ্নৰ উত্তৰ নিদিবলৈ চীনৰ চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে৷ অৱশ্যে ডাটা বিশ্লেষণ, অন্যান্য তথ্য আহৰণ আৰু ব্যৱসায়িক, প্ৰযুক্তিগত তথ্য বিশ্লেষণ তথা সংগ্ৰহত ডীপছীকৰ ক্ষমতা প্ৰশ্নাতীত৷