Logo
image

৭ বিশিষ্ট ব্যক্তিক বিশেষ সন্মান প্ৰদান সাহিত্য সভাৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩০ জানুৱাৰীঃ  অসম সাহিত্য সভাৰ সমাৱৰ্তন ২০২৫ ত বৃহস্পতিবাৰে সাতগৰাকী যশস্বী সাহিত্যিক-শিক্ষাবিদক ‘সদস্য মহীয়ান’, ‘সাহিত্যাচাৰ্য’ আৰু ‘জাতীয় কবি’ সন্মান প্ৰদান কৰা হয়৷ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষ্মী ৰাম বৰুৱা সদনত আয়োজিত এই সমাৱৰ্তন ২০২৫ অনুষ্ঠানত প্ৰাচ্যতত্ত্ব বিদ, বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকাক সদস্য মহীয়ান সন্মান প্ৰদান কৰাৰ লগতে বিশিষ্ট সাহিত্যিক আনন্দ বৰমুদৈ, অধ্যাপক ইদ্ৰিছ আলী, বিশিষ্ট গৱেষক, সাহিত্যিক, অৱসৰপ্ৰাপ্ত অধ্যাপক কৰবি ডেকা হাজৰিকা আৰু বিশিষ্ট ভাষাবিদ্‌ সাহিত্যিক, অধ্যাপক ভীমকান্ত বৰুৱাক সাহিত্যচাৰ্য সন্মান প্ৰদান কৰা হয়৷ আনহাতে অসম সাহিত্য সভাৰ জাতীয় কবি সন্মান প্ৰদান কৰা হয় বিশিষ্ট কবি সাহিত্যিক আনিছ উজ জামানক৷ এই সন্মান প্ৰাপক সাতগৰাকী বিশিষ্ট ব্যক্তিক একোখনকৈ সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, ফুলাম গামোচা, পিতলৰ জাপি,  স্মাৰক আৰু গ্ৰন্থৰ টোপোলা দিয়া হয়৷ অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি অধ্যাপক, কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য তথা সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক দীপক কুমাৰ শৰ্মাই কয়- এই সমাৱৰ্তনত  অংশ কৰি মই গৌৰৱ অনুভব কৰিছোঁ৷ সাত গৰাকী বিশিষ্ট ব্যক্তিক আজি সন্মান জনালে৷ এই সাতগৰাকী ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰ বাছি লৈ সাধনা কৰি গৈছে৷ তেওঁলোকৰ ঋষি সুলভ দৃষ্টি আছে৷ এই সন্মান লাভৰ জড়িয়তে জাতীয় অনুষ্ঠানটোৰ মৰ্যাদা বৃদ্ধি পাইছে৷ 


গুণীক সন্মান কৰা ডাঙৰ গুণ৷ এই কাৰ্যসূচীৰ জৰিয়তে সাহিত্য সভাত গুণগ্ৰাহিতা প্ৰকাশ পাইছে৷ ব্যক্তিকৈ অনুষ্ঠান সদায় ডাঙৰ৷ এই উপাধি দিয়া শব্দবোৰ বৰ অৰ্থ ব্যঞ্জক৷ তেওঁলোকে সভাক আলোকিত কৰি ৰাখক৷ তেওঁলোকে এনেদৰে আগবাঢ়ি যাওক৷  আমি সকলোৰে পৰা যাতে ভাল কথা শুনিব পাৰো তাৰে আশা কৰিলোঁ৷ তেওঁ লগতে ‘অসম সাহিত্য সভাৰ সদস্য মহীয়ান, সাহিত্যাচাৰ্য আৰু জাতীয় কবি সন্মান প্ৰাপকৰ ৰূপৰেখা’ শীৰ্ষক এখন পঞ্জিকা উন্মোচন কৰে৷ এই পঞ্জিকাখনৰ সংকলক ড॰ উপেন্দ্ৰজিৎ শৰ্মা আৰু মিহিৰ কুমাৰ বৰুৱা৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰ ভাষণত ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজিৰ (ইউ এছ টি এম) সম উপাচাৰ্য বলেন্দ্ৰ কুমাৰ দাসে কয়-অসম সাহিত্য সভাৰ যোগ্যজনক যোগ্য সন্মান দিয়া এই কাৰ্য সফল হওক৷ মাটিৰ সুঘ্ৰাণ নোপোৱা সকল জীৱনৰ সুঘ্ৰাণ পোৱাৰ পৰাও বঞ্চিত হয়৷ অসম সাহিত্য সভাৰ পতাকা সদায় নীলিম আকাশত উৰি থাকিব৷ জাতি কুশলে থাকক, মানৱ কুশলে থাকক তাৰে আশা কৰিলোঁ৷ ‘ সভাত কবি, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালীনী দেৱীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ বঁটা গ্ৰহণ কৰি সাতগৰাকী বিশিষ্ট ব্যক্তিয়ে গৌৰৱ অনুভৱ কৰা বুলি কোৱাৰ লগতে অসম সাহিত্য সভাৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে৷ চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই অনুষ্ঠানৰ উদেশ্য ব্যাখ্যা কৰে৷ সভাৰ উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈয়ে আদৰণি ভাষণ দিয়ে৷ অনুষ্ঠানত সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মনে শলাগৰ শৰাই আগবঢ়ায়৷ অনুষ্ঠানত বহু সংখ্যক সাহিত্যানুৰাগী উপস্থিত থাকে৷