
জাতিৰ পিতাক সুঁৱৰিলে অসমবাসীয়ে
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩১ জানুৱাৰীঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক শ্বহীদ দিৱস উপলক্ষে বৃহস্পতিবাৰে অসমকে ধৰি সমগ্ৰ দেশে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্বহীদ দিৱস উপলক্ষে বৃহস্পতিবাৰে নতুন দিল্লীৰ ৰাজঘাটত ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাজনো মন্ত্ৰী, সাংসদে গান্ধীৰ স্মাৰক পৰিদৰ্শন কৰে৷ তেওঁলোকে স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদানৰ স্মৰণ কৰি পুষ্পাঞ্জলি আগবঢ়াই জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি তথা গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে শ্বহীদ দিৱস পালন কৰা হয়৷ জনতা ভৱনত ৰাষ্ট্ৰীয় শ্বহীদ দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭ সংখ্যক শ্বহীদ দিৱস বৃহস্পতিবাৰে গাম্ভীৰ্যপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হয়৷ ৰাজ্যসভাৰ সাংসদ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে বন্তি প্ৰজ্বলনৰ দ্বাৰা বাপুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে-জাতিৰ পিতা মহাত্মা গান্ধীৰ আশীৰ্বাদ আছে বাবে সমগ্ৰ দেশত পুনৰ কংগ্ৰেছে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে শাসন গ্ৰহণ কৰিব আৰু অসমতো ২০২৬ ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব৷’ গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে অসম প্ৰদেশ হৰিজন লীগৰ উদ্যোগত মহাত্মা গান্ধীৰ ৭৭ তম মৃত্যু দিৱস উদ্যাপন কৰা হয়৷ এই দিৱসৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই অনুষ্ঠানত বিগত বছৰ বোৰৰ দৰে এইবাৰো কিছু হৰিজন লোকক নিমন্ত্ৰণ কৰি কম্বল বিতৰণ কৰা হয়৷ এই অনুষ্ঠানত প্ৰায় ৩৭ জন হৰিজন লোকক কম্বল বিতৰণ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰত চৰকাৰৰ উত্তৰ পূৱ পৰিষদৰ সদস্য (অৱসৰপ্ৰাপ্ত) লংকি ফাংচ আৰু জগন্নাথ দাসক সম্বৰ্ধনা জনোৱা হয়৷ সভাত অসম প্ৰদেশ হৰিজন লীগৰ সভাপতি জন্মেজয় দাসৰ লগতে বিশিষ্ট অতিথি বিকাশ দে, সমাজকৰ্মী ওমপো ইংতিপি, দেৱকান্ত গগৈ, সাধাৰণ সম্পাদক বশিষ্ঠ হৰিজন ৰাম আদি অনুষ্ঠানত উপস্থিত থাকে৷ অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰ মুক্তি যুঁজাৰু জিৰণি ঘৰত মহাত্মা গান্ধীৰ মৃত্যু তিথি উদযাপন কৰা হয়৷ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মালাদান কৰা হয়৷ ইয়াৰ পিছতে প্ৰমোদ কুমাৰ গোস্বামীৰ সভাপতিত্বত এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ অধীনৰ প্ৰতিখন জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগতো শ্বহীদ দিৱস উদযাপন কৰা হয়৷ এইবেলি একৈশ শতিকাৰ বিশ্বৰ শ্ৰেষ্ঠ মানৱ মহাত্মা গান্ধীৰ ১৫৬ বছৰৰ লগত সংগতি বৃহস্পতিবাৰৰ পৰা শ্বহীদ দিৱসৰ পৰা ১২ ফেব্ৰুৱাৰী শ্ৰাদ্ধৰ দিৱসলৈ ১৫৬ ঘণ্টা অখণ্ড ভাৱে সূতা কটাৰ কাৰ্যক্ৰম সৰ্বোদয়ত বিশ্বাসী অনুষ্ঠান সমূহে মিলি গুৱাহাটী শৰণীয়া আশ্ৰমৰ গান্ধী ঘৰত আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰে ১০ বজাত এই আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়৷ এই অনুষ্ঠানত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ হৈ বিউটী দাসে সকলোকে আদৰণি জনায়৷ তাৰপাছত বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰা হয়৷ সূত্ৰযজ্ঞ আৰু সূত্ৰাঞ্জলিৰ তাৎপৰ্য ব্যাখ্যা কৰে অসম সৰ্বোদয় মণ্ডলৰ সভাপতি দয়মন্তী দেবীয়ে৷ অনুষ্ঠানত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ কেন্দ্ৰীয় ট্ৰাষ্টী নয়ন ভাণ্ডাৰী শৰ্মা, সৰ্বোদয় ট্ৰাষ্টৰ ট্ৰাষ্টী আৰু ভাৰপ্ৰাপ্ত অধ্যক্ষা ড॰ জেউতি বৰুৱাই অনুষ্ঠান সম্পৰ্কে দুআষাৰ কয়৷ অনুষ্ঠানত কন্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট, অসম শাখাৰ নিউজ লেটাৰ আঁতধৰে কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট, অসম শাখাৰ উপদেষ্টা সমিতিৰ সভাপতি ডাঃ চিৰঞ্জীৱ কাকতীয়ে৷ অনুষ্ঠানত ভানু কাকতীয়ে শলাগৰ শৰাই আগবঢ়ায়৷ আনহাতে ১২ ফোব্ৰুৱাৰীত শ্ৰাদ্ধৰ দিৱসৰ দিনা পুৱা ১০.৩০ বজাৰ পৰা উক্ত স্থানতে ৰাজহুৱা ভাৱে গান্ধীজীৰ প্ৰতিচ্ছবিত সূত্ৰাঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণৰ কাৰ্যক্ৰম কৰা হ’ব৷ এই অনুষ্ঠান কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট, অসম শাখা, সৰ্বোদয় ট্ৰাষ্ট, অসম, অসম সৰ্বোদয় মণ্ডল তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ (কুমাৰীকাটা), মৈত্ৰী আশ্ৰমে আয়োজন কৰিছে৷ উল্লেখ্য, মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাৰ নীতিৰ ওপৰত আধাৰিত এক অনন্য আন্দোলনক নেতৃত্ব দি ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহা মানৱ মহাত্মা গান্ধীক মৃত্যু দিৱসত বিভিন্ন কাৰ্যসূচীৰে স্মৰণ কৰিলে দেশ তথা ৰাজ্যবাসীয়ে৷
‘গান্ধীৰ আদৰ্শকো হত্যা কৰিব বিচাৰিছে আৰএছএছ-বিজেপিয়ে’
‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৭সংখ্যক শ্বহীদ দিৱস আজি গাম্ভীৰ্যপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হয়৷ ৰাজ্যসভাৰ সাংসদ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে বন্তি প্ৰজ্বলনৰ দ্বাৰা বাপুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে বিগত ১০-১১ বছৰ ধৰি ভাৰতবৰ্ষত দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিৰুদ্ধে বিজেপি আৰু আৰএছএছে এক অপপ্ৰচাৰ অব্যাহত ৰাখিছে৷ যিসকলে দেশৰ স্বাধীনতাৰ বাবে কোনোধৰণৰ ত্যাগ কৰা নাই সেইসকলক পূজা কৰি দেশৰ বাবে মৃত্যুবৰণ কৰা স্বাধীনতাৰ সেনানীসকলক হেয় কৰাৰ অপচেষ্টাই আমাক ব্যথিত কৰি তুলিছে৷ গান্ধীৰ অহিংস আৰু সত্যৰ নীতিক কংগ্ৰেছে সদায় আগুৱাই লৈ যাব বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ আশীৰ্বাদ আছে বাবে সমগ্ৰ দেশত পুনৰ কংগ্ৰেছে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে শাসন গ্ৰহণ কৰিব আৰু অসমতো ২০২৬ ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব৷ তেওঁ কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিবিৰোধী সকলো শক্তিক একত্ৰিত কৰি ২০২৬ ত শক্তিশালীভাৱে বিজেপি আৰু আৰএছএছৰ ষড়যন্ত্ৰ ওফৰাই অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন কৰিব৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দেশৰ স্বাধীনতাৰ বাবে সমস্ত ত্যাগ কৰি সাম্প্ৰদায়িক আৰএছএছৰ নেতাৰ গুলীত মৃত্যু হোৱা মহাত্মা গান্ধীয়ে মৰিবৰ সময়ত ‘হে ৰাম’ বুলি কৈছিল৷ সেইজন নেতাৰ আদৰ্শ আৰু নীতি বুকুত বান্ধি কংগ্ৰেছে ভাৰতৰ গণতন্ত্ৰ, সংবিধান সুৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু সেই সংগ্ৰামত যিসকল সেনানীয়ে ইতিমধ্যে সংযুক্ত হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে তেওঁলোকৰ ঐক্যৱদ্ধ প্ৰচেষ্টাতে ২০২৬ ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব৷ ৰাজ্যসভাৰ সাংসদ তথা বিহাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ড॰ অখিলেশ প্ৰসাদ সিঙেও গান্ধীৰ শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি আৰএছএছ আৰু বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ আৰএছএছে গান্ধীক হত্যা কৰাৰ পাছত বিজেপিয়ে গান্ধীৰ আদৰ্শক হত্যা কৰাৰ বাবে অপচেষ্টা চলাই আছে বুলি তেওঁ অভিযোগ কৰে৷ বিহাৰত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ২৬১ নিৰ্বাচনত বিহাৰ কংগ্ৰেছৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগৰ হাত আগবঢ়াব৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিহাৰৰ নিৰ্বাচনত অসমৰ কংগ্ৰেছ নেতাই প্ৰচাৰ চলাই কংগ্ৰেছ চৰকাৰ অনাত সহায় কৰিব বুলিও তেওঁক প্ৰতিশ্ৰুতি দিয়ে৷ সভাত অখিলেশ প্ৰসাদ সিঙৰ কৰ্মৰাজি আৰু কৃতিত্বৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই কয় যে অখিলেশ সিং এজন পলিটিকেল ইণ্টেলেকচ্যুৱেল৷ ৰাজ্যসভাত তেওঁৰ লগত একত্ৰিতভাৱে বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ উদঙাই দিয়া বুলিও বৰাই উল্লেখ কৰি অখিলেশ সিঙৰ কৰ্মৰাজিৰ বহু দিশ ৰাজীৱ ভৱনৰ কংগ্ৰেছ নেতা-কৰ্মীসকলৰ সন্মুখত ব্যাখ্যা কৰে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন সাংসদ বলীন কুলী, বিধায়ক নন্দিতা দাস, উপ-সভাপতি ৰূপা দেউৰী, নৃপেন ঠাকুৰীয়া, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, মীৰা বৰঠাকুৰ প্ৰমুখ্যে বহু নেতা-কৰ্মী উপস্থিত থাকে৷ শ্বহীদ দিৱস অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বৰ্তমান ভাৰতবৰ্ষত গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতা বিষয়ক লৈ অনুষ্ঠিত এক প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক সন্মান প্ৰদান কৰা হয়৷ বি বৰুৱা মহাবিদ্যালয়ৰ ধীমান ভূঞাই এই প্ৰবন্ধ লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে৷ মঙলদৈ মহাবিদ্যালয়ৰ মৃগাংক কলিতাই দ্বিতীয় স্থান আৰু গুৱাহাটী কলেজৰ অংকিতা ডেকাই তৃতীয় স্থান লাভ কৰে৷ কটন বিশ্ববিদ্যালয়ৰ অনিৰ্বাণ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ কৃষাণু হাজৰিকাই চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰাৰ লগতে হিতেশ্বৰ শৰ্মা কলেজৰ প্ৰিয়ংকা শৰ্মাই পঞ্চম স্থান লাভ কৰে৷ নগদ আৰু কিতাপৰ টোপোলা আৰু স্মাৰক প্ৰদানেৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰে৷ আজিৰ এই অনুষ্ঠানটো পৰিচালনা কৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই৷