Logo
image

আমেৰিকাৰ হাতত এআই আমাৰ আছে ‘অৰুণোদয়’

‘আমাৰ অসম’ৰ ডিগবৈৰ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ  ‘আমেৰিকাৰ হাতত এআই আছে, চীনৰ হাতত ডীপছিক আছে আৰু আমাৰ হাতত অৰুণোদয়, নিযুত মইনা আছে৷ আমি যদি এই পৰ্যায়তে থাকোঁ, তেন্তে আমাৰ মহান জাতিটোক, দেশখনক নিজেই অৱমাননা কৰা হ’ব৷ আমাৰ শিক্ষাৰ মান, বুনিয়াদ আৰু  শিক্ষা ব্যৱস্থাত ডাঙৰ গণ্ডগোল আছে৷’ –উজনি অসমৰ অগ্ৰণী উচ্ছ শিক্ষানুস্থান ডিগবৈ মহাবিদ্যালয়ৰ ইতিহাস গ্ৰন্থ ‘ঐতিহ্য আৰু উত্তৰণঃ ডিগবৈ মহাবিদ্যালয়ঃ  ১৯৬৫-২০২৪’ উন্মোচন কৰি ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক যশস্বী সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে এইদৰে কয়৷ বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ কনফাৰেঞ্চ হলত মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সাহিত্যিক-সাংবাদিক গোস্বামীয়ে আৰু কয়– ‘আমেৰিকাই ভাৰতক উপেক্ষা কৰি আহিছিল যদিও ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনে শেহতীয়াকৈ ডীপছিক উদ্ভাৱন কৰি নিজৰ উদ্ভাৱনী ক্ষমতা দেখুৱাই দিলে৷ চীনৰ এই উদ্ভাৱনৰ জৰিয়তে আমেৰিকাৰ এক ট্ৰিলিয়ন ডলাৰ লোকচান হয়৷ সম্প্ৰতি ভাল সাহিত্য, ভাল গীত, চিনেমা নিৰ্মাণ হোৱা নাই৷ কিন্তু আমাক ঐতিহ্য, পৰম্পৰা, বিজ্ঞান লাগিব; প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱনো লাগিব৷ ছ’চিয়েল মিডিয়াই আমাৰ সমাজখন ক’ৰ পৰা ক’লৈ লৈ গৈ আছে? কেৱল ছ’চিয়েল মিডিয়া ট্ৰেণ্ডেৰে সমাজ নচলে৷ জীৱনটোত পাপ কৰি, বেয়া কাম কৰি আত্ম শুদ্ধিৰ বাবে বছৰটোৰ শেষত গংগা স্নান কৰি কেতিয়াও পাপ মোচন কৰিব নোৱাৰি৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই নহ’ব, অসমীয়া ভাষাক সাৰ্বজনীনভাৱে ব্যৱহাৰ কৰিব লাগিব৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী অলপতে জাপানলৈ যাওঁতে জাপানৰ এজন মন্ত্ৰীয়ে তেওঁক অসমীয়া ভাষাত সম্বোধন কৰিছিল৷ কিন্তু অসমতে অসমীয়া ভাষাক এলাগী কৰা হৈছে৷ অসম চৰকাৰে, ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে অসমীয়া ভাষাক এলাগী কৰিছে৷ অসমীয়া ভাষাক ব্যৱহাৰিক কৰি তুলিব লাগিব৷ আমি নিজৰ ভাষাত ভাবিব লাগিব, লিখিবলৈ শিকিব লাগিব৷ আইনষ্টাইনে জাৰ্মান ভাষাতে ভাবিছিল, লিখিছিল, মোপাচাই ফৰাচী ভাষাত লিখিছিল৷’


ডিগবৈ মহাবিদ্যালয়ৰ পূৰ্ণাংগ ইতিহাস গ্ৰন্থ উন্মোচন কৰি মনোজ কুমাৰ গোস্বামীয়ে মহাবিদ্যালয় পৰিয়ালক অভিনন্দন জনায় আৰু এনেধৰণৰ প্ৰয়াসৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে৷ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড॰ পৱিত্ৰ ভৰালীয়ে৷ বন্তি প্ৰজ্বলন আৰু ছাত্ৰ হিমাংশু কৌশিক বৰাৰ মংগলাচৰণে আৰম্ভ কৰা সভাখনৰ আঁত ধৰে ড॰ পৱন গগৈয়ে৷ আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড॰ দীপ শইকীয়াই৷ উক্ত সভাতে ২০২৪-২০২৫ বৰ্ষৰ ডিগবৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত) আলোচনীখন উন্মোচন কৰে ৰঙাপৰা কলেজৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক ড॰ ৰঞ্জন কলিতাই৷ তেওঁ শিক্ষা ব্যৱস্থা সন্দৰ্ভত তথ্যসমৃদ্ধ ভাষণ প্ৰদান কৰে৷ ২০২৩-২০২৪ বৰ্ষ দুটাৰ ডিগবৈ কলেজ নিউজলেটাৰ উন্মোচন কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হিতেন্দ্ৰ নাথ শৰ্মাই৷ ‘ঐতিহ্য আৰু উত্তৰণ’ শীৰ্ষক গ্ৰন্থখনৰ সম্পাদক তথা অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক পুৰ্ণানন্দ শইকীয়াই গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰে৷ অধ্যক্ষ ড॰ দীপ শইকীয়াই কয় যে তেওঁৰ চাকৰি জীৱনৰ আজি অন্তিমটো দিন৷ তেওঁৰ অৱসৰৰ পাছত নতুন অধ্যক্ষ হিচাপে দায়িত্ব লোৱা ড॰ পৱিত্ৰ ভৰালীৰ পৰিচয় তেওঁ দাঙি ধৰে৷ শেষত সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনায় অধ্যাপক ড॰ পৱন গগৈয়ে৷