
সাহিত্যৰ জয়গানেৰে মুখৰ ভট্টদেৱ ক্ষেত্ৰ
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কৈলাস চৌধুৰী আমাৰ অসমঃ উদুলি-মুদুলি পৰিৱেশত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশন৷ সাহিত্যৰ জয়গানেৰে মুখৰ হৈ পৰিছে ভট্টদেৱ ক্ষেত্ৰ৷ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আৰম্ভ হোৱা অসমীয়া ভাষা আৰু জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ শুভাৰম্ভ কৰা হয় বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীৰ দ্বাৰা নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে৷ নামঘৰৰ বন্তি প্ৰজ্জ্বলন কৰে যতীন লাহনে আৰু গুৰু আসন প্ৰতিষ্ঠা কৰে দীনেশ পাটগিৰিয়ে৷ ভাষা জননীক সেৱা কৰাৰ বাবে প্ৰথমদিনাই হাজাৰ হাজাৰ সাহিত্যানুৰাগীৰে ভৰি পৰা অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামত উছৰ্গা কৰা ভট্টদেৱ ক্ষেত্ৰখন উদ্বোধন কৰে অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে৷ ভট্টদেৱ ক্ষেত্ৰ উদ্বোধন কৰি সভাপতি দাসে সদৌটিকে পাঠশালা অধিৱেশনলৈ আমন্ত্ৰণ জনাই কয় যে অসম সাহিত্য সভাক লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক চলি থাকে, যিটো আমাৰ জাতীয় জীৱনৰ বাবে ভাল কথা নহয়৷ পাঠশালা অধিৱেশনৰ পৰাই সেই বিতৰ্কৰ অন্ত পৰক আৰু অসম সাহিত্য সভাই অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণত অন্যতম অৰিহণা যোগাওক৷ ইয়াৰ পাছতে মূল তোৰণ উদ্ঘাটন কৰি অসম সৌৰভ বঁটাপ্ৰাপক বিশিষ্ট নাট্যযোদ্ধা কৃষ্ণ ৰয়ে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সফলতা কামনা কৰে৷ ইয়াৰ পাছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সত্ৰাধিকাৰ মথুৰা মোহন তালুকদাৰে আৰু বন্তি প্ৰজ্জ্বলন কৰে বীৰেণ দাসে৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ধীৰেন্দ্ৰনাথ বৰ্মনে আৰু বন্তি প্ৰজ্জ্বলন কৰে অতুল কলিতাই৷ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ড॰ প্ৰকাশ শৰ্মাই আৰু বন্তি প্ৰজ্জ্বলন কৰে গোবিন্দ তালুকদাৰে৷ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে ক্ৰমে বিশিষ্ট শিক্ষাবিদ মুৰাৰি মোহন দত্ত আৰু ৰামকৃষ্ণ তালুকদাৰে৷ কবি সন্মিলন উদ্বোধন কৰে নিবেদন দাস পাটোৱাৰীয়ে৷ কৈলাস মল্ল বৰুৱা সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ উদ্ঘাটন কৰে ড॰ ধনপতি ডেকাই৷ গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বজালীৰ ঐতিহ্যময় সংস্কৃতিৰ প্ৰশংসা কৰি পাঠশালা অধিৱেশনৰ সফলতা কামনা কৰে৷ ইয়াৰ পাছতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰচনা কৰা ‘অসম বিধানসভাত কামেশ্বৰ দাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক অঞ্জন শৰ্মাই৷ শিশুৰাম হাজৰিকা সোঁৱৰণী প্ৰদৰ্শনী দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে৷ অনুষ্ঠানত প্ৰদৰ্শিত ৮৭ ফুট আয়তনৰ সু-বৃহৎ জাপিটো দৰ্শকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ সমুদ্ৰ পাটগিৰিয়ে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্বয়ন বিভাগৰ সচিব মুনীন্দ্ৰ শৰ্মা আৰু আমেৰিকা নিৱাসী বিশিষ্ট বিজ্ঞানী ভাস্কৰ চৌধুৰীয়ে প্ৰদৰ্শনী উপ-সমিতিৰ আপুৰুগীয়া প্ৰদৰ্শনী বিপণীৰ প্ৰশংসা কৰে৷ ইপিনে কৰ্ণেল গুৰুপ্ৰসাদ দাস সোঁৱৰণী বিজ্ঞান মেলাৰ দ্বাৰ উদ্ঘাটন কৰি মন্ত্ৰী কেশৱ মহন্তই নিজৰ ভাষণত কয় যে সাহিত্যৰ সৈতে বিজ্ঞানৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে৷ সাহিত্যৰ বিভিন্ন আত্মপ্ৰকাশেৰে বিজ্ঞানে গতি লৈছিল৷ আমাৰ অসমৰ লোক পৰম্পৰা, পদ্ধতিকে আদি কৰি ডাকৰ বচনৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰম্পৰাগত সংস্কৃতিৰ সৈতে বিজ্ঞানসন্মত বহু কথা জড়িত হৈ আছে৷ কিন্তু তাক আমি বৈজ্ঞানিকভাৱে বিশ্লেষণ নকৰা বাবে তাৰ বৈজ্ঞানিক ভিত্তিসমূহ বুজিবলৈ টান পাওঁ৷ প্ৰকৃততে আমাৰ অসমীয়া লোককলা, সাহিত্যসমূহ বৈজ্ঞানিক ভিত্তিৰে আগুৰা৷ আমাৰ গুৰুজনা শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ সৈতে জড়িত জীৱনশৈলীৰ যি নিৰ্দেশনা আহিল সেয়া সকলো বিজ্ঞানসন্মত৷ প্ৰসাদত দিয়া আদা দিয়া, নিমখ দিয়া আদি সকলোতে বিজ্ঞান সোমাই আছে৷ গুৰু চৰিত্ৰ, কীত্তৰ্ন ঘোষা, নামঘোষা সকলোতে সাহিত্যৰ মাজেৰে বিজ্ঞানৰ আত্মপ্ৰকাশ ঘটিছে৷ গতিকে আমাৰ সমাজখন আজি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সকলোকে লৈ আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ শিখৰলৈ ধাৱমান হৈছোঁ৷ এই বিজ্ঞানৰ প্ৰযুক্তিৰ মাজেৰে আগবাঢ়োঁতে আমি কি ধৰণে আগুৱাই যাম আৰু সাহিত্যৰে ইয়াৰ কেনেদৰে সংযোগ ঘটাম সেয়া আমাৰ ভাবিবৰ হ’ল৷ এনে এক প্ৰেক্ষাপটতে বিজ্ঞানৰ সৈতে সাহিত্যৰ যে এক নিবিৰ সম্পৰ্ক আছে তাক প্ৰতীয়মান কৰিবলৈ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত বিজ্ঞান মেলাৰ সূচনা কৰি প্ৰসংশনীয় কাম কৰিছে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকি অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে সাৰুৱা ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে এইবেলি পাঠাশালা অধিৱেশনত প্ৰথমবাৰৰ বাবে সংযোজন ঘটা বিজ্ঞান মেলা অসম সাহিত্য সভাৰ পৰৱৰ্তী প্ৰতিখন অধিৱেশনত সংযোজন ঘটাবলৈ আহ্বান জনাই এইক্ষেত্ৰত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত প্ৰস্তাৱ উত্থাপন কৰিব৷ জনগোষ্ঠীয় মঞ্চ আৰু গ্ৰাম্যাঞ্চল উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী নিপন তালুকদাৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ নৱ-নিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে এনেকুৱা এক মহা আয়োজন দেখি উদ্বুদ্ধ হৈ পৰে আৰু এনেকুৱা জনগোষ্ঠীয় গ্ৰাম্যাঞ্চলৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে সকলোকে প্ৰশংসা কৰে৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তয়ো এনেকুৱা জনগোষ্ঠীয় গাওঁ দেখি আপ্লুত হৈ পৰে৷ বজালীত উৎপাদিত থলুৱা সামগ্ৰীৰ সু-বৃহৎ ক্ষেত্ৰ বজালী হাটৰ দ্বাৰ উদ্ঘাটন কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ উপেন্দ্ৰজিৎ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী মনোজ বৰুৱা৷ নাট্যমঞ্চ উদ্বোধন কৰে শিল্পী পেন্সনাৰ ৰজনী পাটগিৰিয়ে৷ একেলগে দহ হাজাৰ লোকে খাদ্য গ্ৰহণ কৰিব পৰা ১০০ চৌকাযুক্ত ভোজনালয়ৰ দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট ব্যৱসায়ী অনিন্দ শৰ্মাই৷ সাহিত্য সভা অধিৱেশনৰ মূল মঞ্চ উদ্বোধন কৰে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে৷ এই মঞ্চত ‘ভট্টদেৱৰ কথা সাহিত্য’ বিষয়ক সাহিত্য আলোচনা উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে ভট্টদেৱৰ পৰিচয় আৰু আদি শিক্ষা তথা সাহিত্য সন্দৰ্ভত এক তথ্যসমৃদ্ধ ভাষণ প্ৰদান কৰে৷ অৱসৰী অধ্যাপক ড॰ উমেশ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকি সহযোগী অধ্যাপক ক্ৰমে ড॰ লীনা গোস্বামী আৰু ড॰ হেমন্ত ডেকায়ো ভট্টদেৱৰ সন্দৰ্ভত সুদীৰ্ঘ ভাষণ প্ৰদান কৰি সকলোকে আপ্লুত কৰে৷ আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি মে-ডাম-মে-ফি উদ্যাপন কৰা হয়৷ ইপিনে আবেলি প্ৰতিনিধি শিবিৰ মুকলি কৰে কৰুণাকান্ত ভৰালীয়ে৷ ইয়াৰ পাছতে পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্ছ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অষ্টম পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সভাখন উদ্বোধন কৰে ড॰ কৰুণা মোহন শৰ্মাই৷ আদৰণী ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামীয়ে৷ ‘ভ্ৰাম্যমাণ থিয়েটাৰ আৰু বজালী’ বিষয়ক সাংস্কৃতিক সন্মিলন উদ্বোধন কৰে নৰেন পাটগিৰিয়ে৷ লক্ষ্মী দাসৰ সঞ্চালনাত অনুষ্ঠিত এই সন্মিলনত আলোচক হিচাপে অংশগ্ৰহণ কৰে চন্দ্ৰকান্ত মুছাহাৰী, হেমেন শৰ্মা আৰু মণি বৰা দেৱীয়ে৷ বজালী আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে সন্ধিয়া ৭ বজাত স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে৷ প্ৰথমটো দিনতে এক অভূতপূৰ্ব জনসমাগমেৰে জিলিকিছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ৷ আনহাতে কাইলৈ পহিলা ফেব্ৰুৱাৰীত দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই৷ পতাকা বেদীৰ প্ৰথম চক্ৰত ৭৭ খন পতাকা আৰু পতাকা বেদীৰ দ্বিতীয় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰাৰ পাছতে ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰিব ডাঃ গিৰীশ সন্দিকৈয়ে, ৯.৩০ বজাত শ্বহীদ তৰ্পণ কৰিব চন্দ্ৰ কান্ত তালুকদাৰ আৰু বন্তি প্ৰজ্জ্বলন কৰিব ড॰ বসন্ত কুমাৰ শৰ্মাই৷ ১০.৩০ বজাত স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সন্মিলনত সভাপতিত্ব কৰিব সূৰ্যকান্ত হাজৰিকাই৷ নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰিবলগীয়া সভাখনত আদৰণী ভাষণ প্ৰদান কৰিব ৰণজিৎ কুমাৰ দাসে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড॰ দীপক কুমাৰ শৰ্মা৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব ড॰ হিতেশ ডেকাই৷ বিশিষ্ট অতিথি হিচাপে থাকিব ক্ৰমে দীপ্তি ফুকন পাটগিৰি, থানেশ্বৰ মালাকাৰ আৰু দাসো কলিতা৷ সন্মানীয় অতিথি হিচাপে অংশ ল’ব ক্ৰমে গোবিন্দ টাই, কমলাকান্ত মুছাহাৰী, ড॰ ষড়ানন দেউৰী, সভাপতি, অৱন দেউৰী, ৰমেশ থাওচেন, কুমুদ ৰঞ্জন কেম্প্ৰাই, ড॰ চিন্তামণি শৰ্মা, তিলক শৰ্মা, অমৰ সিং কোচ, ৰাজকুমাৰ ৰাভা, কামসিং হান্সে, লীলাধৰ টেৰণ, হৰিনাৰায়ণ পেণ্ড, সোণেশ্বৰ কাপটাগ, সুৰথ নাৰ্জাৰী, সীতাৰাম বসুমতাৰী, নীলকান্ত গয়াৰী, দ্বীপেন্দ্ৰনাথ বৰদলৈ, ড॰ বিদু্যৎ বিকাশ সেনাপতি, হৰকান্ত মহন্ত, বিধান মৰাণ, সঞ্জয় কুমাৰ তাঁতী, সঞ্জীৱ কৈৰী, মোহন সোণোৱাল, মৃদুল সোণোৱাল, ড॰ হাফিজ আহমেদ, আনোৱাৰ হুছেইন, ড॰ দ্বিজেন্দ্ৰনাথ ভকত, কমল কুমাৰ বৰ্মন, দিলস্ লক্ষ্মীন্দৰ সিংহ, সিবেন্দ্ৰ সিংহ, লোহিত চন্দ্ৰ দাস আৰু লোকশ্ৰী সোণবৰ বৰুৱাই৷ আবেলি ৩ বজাত জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰিব অধ্যাপক ননীগোপাল মহন্তই৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ সন্মানীয় অতিথি হিচাপে থাকিব অধ্যাপক ধনপতি ডেকাই৷ বিশিষ্ট অতিথি হিচাপে থাকিব ড॰ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু ড॰ কমলাকান্ত বড়া৷ সন্ধিয়া ৫ বজাত কবি সন্মিলন উদ্বোধন কৰিব উৰ্খাও গৌৰা ব্ৰহ্মই৷ অধ্যাপক কামালউদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিতব্য কবি সন্মিলনত মুখ্য অতিথি হিচাপে অংশ ল’ব সমীৰ তাঁতীয়ে৷ ৫.৩০ বজাত পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিতব্য প্ৰতিনিধি সভা উদ্বোধন কৰিব অধ্যাপক ইদ্ৰিছ আলীয়ে৷ আদৰণী ভাষণ প্ৰদান কৰিব প্ৰফুল্ল কুমাৰ গোস্বামীয়ে৷ সন্ধিয়া ৬.৩০ বজাত ‘অসমীয়া থলুৱা গীত-মাত ইত্যাদি’ বিষয়ক সাংস্কৃতিক সন্মিলন উদ্বোধন কৰিব বসন্ত পাটগিৰিয়ে৷ ৰামকৃষ্ণ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠানত আলোচক হিচাপে অংশ ল’ব ড॰ ধ্ৰুৱজ্যোতি দাস আৰু ধৰ্মেন্দ্ৰ দাসে৷ ৭.৩০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অনুপম শৰ্মাই৷
কৰ্নেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচন
‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশনৰ অন্যতম আকৰ্ষণ বিজ্ঞান মেলা৷ বিজ্ঞান আৰু সাহিত্য মাজত যোগসূত্ৰ স্থাপন কৰাৰ বাবে অসম সাহিত্য সভাত পোন প্ৰথমবাৰৰ বাবে এক বহলভিত্তিত বিজ্ঞান মেলা শীৰ্ষক এক কাৰ্যসূচী নতুন ৰূপত সংযোজন কৰা হৈছে৷ শুকুৰবাৰে দিনৰ ভাগত বৰপেটা নিৱাসী প্ৰয়াত ‘কৰ্ণেল গুৰু প্ৰসাদ দাস বিজ্ঞান মেলাৰে নামকৰণ কৰা এই বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা প্ৰযুক্তি বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ উন্মোচনী ভাষণত মন্ত্ৰীজনে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনে বিজ্ঞান আৰু সাহিত্যৰ মাজত এক নতুন সংযোগ কৰা বুলি প্ৰকাশ কৰে৷ সাহিত্যৰ মাজেৰে বিজ্ঞানৰ এক নতুন ধাৰা সৃষ্টিৰ কামনা কৰাৰ লগতে অনাগত দিনতো সাহিত্য সভাৰ অধিৱেশনত বিজ্ঞান মেলা অনুষ্ঠানৰ আয়োজন কৰি বিজ্ঞানক সাহিত্যৰ সৈতে একত্ৰিত কৰাৰ প্ৰয়াস অসম সাহিত্য সভাই কৰিব বুলি আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰীজনে৷ সাহিত্য সভাৰ নিচিনা অনুষ্ঠানত বিজ্ঞান মেলাৰ আয়োজন কৰাৰ বাবে মন্ত্ৰীজনে পাঠশালাৰ অধিৱেশনৰ উদ্যাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত উপস্থিত থকা অসম সাহিত্য সভাপতি সূৰ্য হাজৰিকাই কয় ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশত অসম সাহিত্য সভাই এটি দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ কথা চিন্তা-চৰ্চা কৰি আছিল আৰু এইবাৰৰ অধিৱেশনে কাৰ্যক্ষেত্ৰত সেয়া ৰূপায়ণ কৰিলে৷ অনুষ্ঠানত অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্ণেল গুৰু প্ৰসাদ দাসৰ বিষয়ে উল্লেখ কৰি কয় বৃটিছৰ দিনত অসমৰ প্ৰথমগৰাকী মেকানিক ইঞ্জিনিয়াৰ বুলি উল্লেখ কৰাৰ লগতে দাসৰ প্ৰতিভা দেখি বৃটিছৰ তত্ত্বাৱধানত ইংলেণ্ডলৈ ইঞ্জিনীয়াৰিং পঢ়িবলৈ পঠাইছিল৷ এইজন বৰেণ্য ব্যক্তিয়ে বৃটিছৰ নৈ সেনা বাহিনীৰ চাবমেৰিন চলাই পাৰদৰ্শিতা দেখুৱাইছিল বুলি চৌধুৰীয়ে উল্লেখ কৰে৷ তদুপৰি, কলকাতাৰ নিচিনা চহৰত মেয়ৰৰ আসনো অলকৃত কৰিছিল৷ অসম তথা ভাৰতৰ এই সুযোগ্য তথা তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তিগৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰে’ল ইঞ্জিনৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰাৰ উপৰি ৰে’লৰ কাৰিকৰী বিভাগৰ কেইবাটাও নতুন সামগ্ৰী আৱিষ্কাৰৰ কথা উল্লেখ কৰে৷ বিশিষ্ট বিজানী ড॰ ভাস্কৰ চৌধুৰী, অসম সৌৰভ কৃষ্ণ ৰয়, চৰকাৰী বিষয়া জয়দ্বীপ বৰুৱা উপস্থিত থকা অনুষ্ঠানৰ আগেয়ে বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাস আদিয়ে৷ বিজ্ঞান মেলাত অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় শোধনাগাৰ লিমিটেড, অসম কৃষি বিশ্ববিদ্যালয়, আৰণ্যক, আগস্ত্যা আন্তৰ্জাতিক ন্যাস, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, খানাপাৰা, ভাৰতীয় সেনাবাহিনী, উত্তৰ-পূৰ্বাঞ্চল মহাকাশ প্ৰয়োগ কেন্দ্ৰ, মেঘালয়, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, গুৱাহাটী বিশ্ববিদ্যালয়, শ্বিপিং কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড, উত্তৰ পূৰ্বাঞ্চল বিজ্ঞান আন্দোলন, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, গুৱাহাটী শোধনাগাৰ, ভট্টদেৱ বিশ্ববিদ্যালয়, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নত অধ্যয়ন প্ৰতিষ্ঠান ভ্ৰাম্যমাণ তাৰকাগৃহ, নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ ছাইন্স এণ্ড টেকন’লজি যোৰহাট, মুম্বাই প্ৰাকৃতিক ইতিহাস সমিতি, শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰ, ৰাণী, বনৌষধি বিচিত্ৰা, গুৱাহাটী তাৰকাগৃহ আদিকে ধৰি ২১ খন বিপণীয়ে অংশগ্ৰহণ কৰে৷ আনহাতে আবেলি অধ্যাপক পৱন চন্দ্ৰ মহন্তৰ বিজ্ঞান মেলাৰ কাৰ্যালয় মুকলি কৰা হয়৷ প্ৰাচীৰ পত্ৰ অংকন প্ৰতাযোগিতাৰ পাছত, পদ্মশ্ৰী বিৰুবালা ৰাভা মঞ্চ উন্মোচন কৰে বিশিষ্ট সাহিত্যক ফণীন্দ্ৰ দেৱ চৌধুৰীয়ে৷ অনুষ্ঠানত চৌধুৰীয়ে বিৰুবালা ৰাভাই কু-সংস্কাৰমুক্ত সমাজ তথা ডাইনী হত্যা আদিৰ বিৰুদ্ধে যি সাহসী সংগ্ৰাম কৰি গ’ল সেয়া আমাৰ বাবে প্ৰেৰণা উৎস হৈ ৰ’ব বুলি উল্লেখ কৰে৷ ৰাধানাথ ফুকন স্মাৰক আবেলি উন্মোচন কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধনপতি ডেকাই প্ৰজ্ঞাৰ সাধক ৰাধানাথ ফুকনৰ বৰ্ণিল জীৱনৰ বিষয়ে আলোকপাত কৰে৷ বিজ্ঞানৰ ইশ্বৰ আৰু ধৰ্মৰ বিজ্ঞান বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা তথা বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড॰ মৃত্যুঞ্জয় গুহ মজুমদাৰে অংশগ্ৰহণ কৰি বিজ্ঞানৰ ওপৰত এক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে৷