
ভোটৰ প্ৰাক্-মুহূৰ্তত আপ ত্যাগ ৭ বিধায়কৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ জানুৱাৰীঃ নিৰ্বাচনলৈ মাজত ২০ দিন থকা অৱস্থাত দিল্লীৰ শাসনাধিষ্ঠিত দল আপৰ ৭ জন বিধায়কে দলত্যাগ কৰিছে৷ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ ওপৰত আস্থা নাই বুলি ৭ জন বিধায়কে একেদিনাই দলত্যাগ কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷
উল্লেখ্য, অহা ৫ ফেব্ৰুৱাৰীত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনত আপে এই ৭ জন বিধায়কক পুনৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল৷ সেয়ে দলৰ টিকট নাপাই এই ৭ বিধায়কে আপ এৰা বুলি প্ৰতীয়মান হৈছে৷ শুকুৰবাৰে ত্ৰিলোকপুৰীৰ বিধায়ক ৰোহিত মেহৰাউলিয়া, কস্তুৰবা মাৰ্গৰ মদন লাল, জনকপুৰীৰ ৰাজেশ ঋষি, পালামৰ ভাৱনা গৌড়, বিজৱাছানৰ ভূপিন্দৰ সিং জুনে আৰু আদৰ্শ নগৰৰ পৱন কুমাৰ শৰ্মাই একেলগে আপৰ পৰা পদত্যাগ কৰে৷