Logo
image

উক্তি-বক্ৰোক্তি

- ভাৰতৰ উন্নয়নৰ যাত্ৰাত আজিৰ দিনটো মাইলৰ ফলক হৈ থাকিব৷ এয়া দেশৰ ১৪০ কোটি নাগৰিকৰ আশাৰ বাজেট৷ এইখন বাজেটে দেশৰ সকলো নাগৰিকৰ সপোন পূৰণ কৰিব৷ দেশৰ সাধাৰণ জনতায়ো বিকশিত ভাৰতৰ সু-ফল লাভ কৰিব৷ নিৰ্মলা সীতাৰমণে যি বাজেট দাখিল কৰিছে এয়া সকলোৰে আশা পূৰণৰ ভেটি৷

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

- মই এইটো কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে এতিয়াৰ পৰা ভাৰতৰ নাগৰিকে বাৰ লাখ টকালৈকে উপাৰ্জন কৰিলে আয়কৰ ভৰিব নালাগে৷ চাৰিটা দশকৰ পাছত মই এনেদৰে দেশৰ নাগৰিকক সকাহ দিব পাৰিছোঁ বুলি ধাৰণা হৈছে৷ বাৰ লাখ টকালৈকে আয়কৰ প্ৰদান নকৰিলে সেই ধন উপাৰ্জন কৰা ভাৰতীয় নাগৰিকে উপাৰ্জনৰ এটা অংশ ব্যয় কৰি আন এটা অংশ জমা কৰিব পাৰিব৷

– বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

- নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যিখন বাজেট দাখিল কৰিলে সেয়া মোৰ মতে বুলেটৰ আঘাতত বেণ্ড-এইড মঞ্চঞ্চাৰি আঘাত ঢাকি ৰখাৰ দৰে হৈছে৷ বিশ্বজুৰি বিত্তীয় ক্ষেত্ৰত যি অনিশ্চয়তা সৃষ্টি হৈছে, তাৰ সমাধান কৰিবলৈ হ’লে এখন চৰকাৰে বলে পৰা ধৰণৰ বাজেটৰ প্ৰয়োজন আছিল৷ কিন্তু চৰকাৰে যিখন বাজেট দাখিল কৰিছে, দেউলীয়া চৰকাৰ এখনে সেই আঁচনি কেনেকৈ পূৰণ কৰিব?

– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী


- এইখন এখন জনবিৰোধী বাজেট৷ আজি দাখিল কৰা বাজেটখনে ভাৰতৰ অৰ্থনীতি ধবংস কৰি পেলাব৷ কি আশা কৰি বিত্তমন্ত্ৰীয়ে এনেধৰণৰ এখন বিলাসী বাজেট দাখিল কৰিছে সেয়া মই বুজি নাপালোঁ৷ যিখন দেশত দৰিদ্ৰৰ সংখ্যা বেছি, সেইখন দেশৰ বাজেট দৰিদ্ৰৰ কথা চিন্তা কৰিয়েই দাখিল কৰিব লাগে, ধনী শ্ৰেণীৰ কথা চিন্তা কৰি নহয়৷

– পশ্চিমবংগৰ বিত্তমন্ত্ৰী অমিত মিত্ৰ

- আয়কৰৰ উৰ্ধসীমা বাৰ লাখ টকালৈকে বঢ়াই দিয়াটো অতি উত্তম সিদ্ধান্ত৷ কিন্তু মোদী চৰকাৰক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ– ভাৰতত বছৰি বাৰ লাখ টকা উপাৰ্জন কৰা ব্যক্তি কিমান আছে? 

– কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী

- দেশৰ মধ্যবিত্ত জনতা সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৃদয়ৰ ব্যক্তি৷ তেওঁলোকৰ কথা চিন্তা কৰিয়েই মোদী চৰকাৰৰ এইবাৰৰ বাজেট মধ্যবিত্তৰ সহায়ক হিচাপে দাখিল কৰা হৈছে৷

– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ