Logo
image

কেঁচা ফলমূল, দূষিত পানীয়ে কঢ়িয়াই আনিছে ‘জিবিএছ’, গুৱাহাটীত কিশোৰীৰ মৃত্যু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ ফেব্ৰুৱাৰীঃ সমগ্ৰ দেশজুৰি আতংক আৰু ত্ৰাসৰ কাৰণ হৈ পৰা বিৰল স্নায়ুজনিত ৰোগ গুইলেইন-বেৰী ছিনড্ৰমত চমুকৈ জি বি এছ ৰোগত অসমত এজন ৰোগীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ গুইলেইন-বেৰী ছিনড্ৰমত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগীৰ মৃত্যু হৈছে৷ মাৰাত্মক ৰোগ বিধত আক্ৰান্ত হৈ গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত চিকিৎসাধীন হৈ থকা ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে চিকিৎসকে৷ বিগত ২১ জানুৱাৰীৰ পৰা ব্যক্তিগত হাস্পতালখনত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীয়ে শুকুৰবাৰে নিশা ৯.৩০ বজাত মৃত্যুক সাৱটি লয়৷ জি বি এছত মৃত্যু হোৱা কিশোৰীগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ পাথৰকুৱেৰী অঞ্চলত বুলি হাস্পতাল কতৃৰ্পক্ষই জানিবলৈ দিছে৷ অসমত গুইলেইন-বেৰী ছিনড্ৰমত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পাছতেই চিকিৎসা বিশেষজ্ঞসকল সতৰ্ক হৈ পৰিছে৷ মূলতঃ স্নায়ুজনিত ৰোগ হৈছে গুইলেইন বেৰী ছিনড্ৰম৷ এই ৰোগবিধ নতুন ৰোগ নহয় যদিও ক’ভিড মহামাৰীৰ পাছৰে পৰা সংক্ৰমণ বৃদ্ধি পাইছে৷ অৱশ্যে, চিকিৎসকসকলে গুইলেইন বেৰী ছিনড্ৰম বাহক মহামাৰীজনিত ৰোগ নহয় বুলি জানিবলৈ দি চিন্তিত হোৱাৰ কোনো কাৰণ নাই বুলিও ৰাইজক আশ্বস্ত কৰিছে৷ এই ৰোগত আক্ৰান্ত হোৱাৰ ১৫-২০ দিনৰ ভিতৰত ৰোগীৰ দেহত লক্ষণে দেখা দিয়ে৷ প্ৰথমে খোজ কঢ়াত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে শৰীৰৰ ওপৰৰ অংশ ক্ৰমান্বয়ে জঠৰ হৈ পৰিবলৈ ধৰে৷ সময় বৃদ্ধি পোৱাৰ লগে লগে শাৰীৰিক দুৰ্বলতা বাঢ়ি যায় আৰু উশাহ লোৱাত কষ্ট অনুভৱ কৰে৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে শিশুৰ পৰা বৃদ্ধলৈ সকলো ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে৷ আক্ৰান্ত ৰোগীৰ ডায়েৰিয়া, পেটৰ বিষ, জ্বৰ তথা বমি হ’ব পাৰে৷ চিকিৎসকৰ মতে জি বি এছ হৈছে এক বিৰল অট’ ইমিউন ডিছঅৰ্ডাৰ৷ এজন ব্যক্তিৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে৷ বিভিন্ন কাৰণত এই ৰোগত সংক্ৰমণ হ’ব পাৰে বুলিও চিকিৎসকে জানিবলৈ দিছে৷ দূষিত পানী আৰু খাদ্য সেৱনৰ ফলত জি বি এছত সংক্ৰমিত হ’ব পাৰে৷ সেয়েহে মুকলি খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিছে৷ ৰাসায়নিক কীটনাশকযুক্ত কেঁচা ফল-মূল, শাক-পাচলিৰ পৰাও ৰোগবিধত আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে চিকিৎসকে৷ তদুপৰি ৰাইজক পানী উতলাই খোৱাৰ বাবেও পৰামৰ্শ দিছে৷ বিশেষজ্ঞসকলে লগতে জানিবলৈ দিয়া অনুসৰি কোনো কোনো ক্ষেত্ৰত ৰোগীৰ প্ৰথমে হাত-ভৰিৰ জিন্‌জিননি আৰম্ভ হয় আৰু পাছলৈ সমগ্ৰ শৰীৰটো জঠৰ হৈ পৰে৷


আন একাংশ ৰোগী প্ৰথম অৱস্থাত জ্বৰ-কাহে দেখা দিয়াৰ ৩-৪ দিনৰ ভিতৰতে শয্যাশায়ী হৈ পৰে৷ আনকি সমগ্ৰ শৰীৰ বিষ অনুভৱ কৰাৰ লগতে মুখৰ অংশ পক্ষাঘাত হৈ পৰে৷ উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰাটো সম্ভৱ৷ অৱশ্যে আক্ৰান্ত ৰোগী ভেণ্টিলেশ্বনত চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়৷ মহাৰাষ্টত এই পৰ্যন্ত ১৪০জন লোক জিবিএছত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত চাৰিজন ৰোগীৰ মৃত্যু হৈছে৷ তদুপৰি তেলেংগানা আৰু পশ্চিম বংগতো কেইবাজনো লোক আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ ইফালে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত জিবিএছত আক্ৰান্ত কিশোৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত হাস্পতালখনৰ এজন চিকিৎসকে কয় যে– ‘কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত ভেণ্টিলেশ্বনত ৰখা হৈছিল৷ কিন্তু চিকিৎসাধীন অৱস্থাতে কিশোৰীগৰাকীৰ শুকুৰবাৰে নিশা মৃত্যু হয়৷ কিশোৰীগৰাকীৰ আচল ঘৰ বিহাৰত যদিও গুৱাহাটীত বসবাস কৰিছিল৷ পিতৃ-মাতৃয়ে তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিব বিচাৰিছিল৷ ইয়াৰ বাবে এয়াৰ এম্বুলেন্সৰো ব্যৱস্থা কৰা হৈছিল৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে যোৱা নিশা কিশোৰীগৰাকীৰ মৃত্যু হয়৷’ ইফালে জিবিএছ ৰোগৰ সন্দৰ্ভত চিকিৎসকজনে লগতে কয়– এইটো এটা অতি সাধাৰণ বেক্টেৰিয়াজনিত ৰোগ৷ এই ৰোগে স্নায়ুতন্ত্ৰক প্ৰভাৱিত কৰে৷ বিগত ছমাহত অসমত কোনো জিবিএছ ৰোগী ধৰা পৰাৰ তথ্য নাই৷ সমগ্ৰ ভাৰতত বৰ্তমান জিবিএছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ মৃত্যু হোৱা কিশোৰীগৰাকীৰ লক্ষণসমূহ মহাৰাষ্ট্ৰ, দক্ষিণ ভাৰত আৰু পশ্চিম বংগৰ দৰে দেশৰ অন্যান্য প্ৰান্তত জিবিএছ ৰোগত আক্ৰান্ত ৰোগীৰ লক্ষণৰ সাদৃশ্য আছে৷ এই ৰোগত আক্ৰান্ত হ’লে শৰীৰৰ উত্তাপ বৃদ্ধি পায় অৰ্থাৎ জ্বৰ উঠে৷ তদুপৰি ৰোগীৰ কাহ-চৰ্দিৰ লগতে বিষ হ’ব পাৰে৷ এনে লক্ষণৰ উপৰি ভৰি জিনজিনাবলৈ ধৰে৷ আক্ৰান্তই অৱস অৱস অনুভৱ কৰে৷ ভৰিৰ পৰা ওপৰলৈ পক্ষাঘাত হ’বলৈ ধৰে৷ তদুপৰি হাওঁফাওঁৰ ওচৰত থকা পেশীত ভাইৰাছে প্ৰভাৱ বিস্তাৰ কৰিলে শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হয়৷ সেয়েহে লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ এয়া কোনো নতুন ৰোগ নহয়৷ মাজে মাজে এই ৰোগত আক্ৰান্ত ৰোগী পোৱা যায়৷ অৱশ্যে সময়মতে চিকিৎসা কৰিলে ৰোগী সুস্থ হয়৷ ভয়ৰ বিশেষ কাৰণ নাই, মাথোঁ সাৱধানতা অৱলম্বন কৰিব লাগে৷