শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি
ডিজিটেল সংবাদ, বৰহোলাঃ শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ দ্বাবিংশতিতম বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিতিৰে বৰহোলা নাওপেটাত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ দ্বাবিংশতিতম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। দেওবাৰে বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতি আৰু হৰিনামৰ ধ্বনিৰে সামৰণি পৰে শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ দ্বাবিংশতিতম বাৰ্ষিক অধিৱেশনৰ। শতাধিক প্ৰাথমিক শাখাৰ সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতি আৰু হৰিনামেৰে মুখৰিত হৈ পৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ দ্বাবিংশতিতম বাৰ্ষিক অধিৱেশন। বৰহোলা নাওপেটাত পৰমানন্দ আঞ্চলিক শাখাৰ আতিথ্যত বিভিন্ন জাতি জনগোষ্ঠীৰ একতা আৰু সমন্বয়ৰ বাৰ্তাৰে তথা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ মহান আদৰ্শৰে এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠত পৰিণত হয় প্ৰাক্তন উপ প্ৰদাধিকাৰ বল্লভ শইকীয়া সমন্বয় ক্ষেত্ৰ।
দেওবাৰে পুৱা পতাকা উত্তোলনৰ পিছতে বৰ্ণিল জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে দৃষ্টি-নন্দন ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া ভকত বৈষ্ণৱৰ অন্তৰংগ আলাপৰ পিছতে জিলাৰ নৱ নিৰ্বাচিত সভাপতি সুশীল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে শৰণ সদস্য প্ৰেম গোৱালাই। মুকলি সভাত নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে নগাঁৱৰ নানকসৰ গুৰুদ্বাৰাৰ মুখ্য শিখ পুৰোহিত জ্ঞানী যশবীৰ সিঙ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক সভাপতি পবিত্ৰ প্ৰাণ বৰাই। সভাত ভদ্ৰ বৰাক পপিন হাজৰিকা সোঁৱৰণত মহাপুৰুষ মাধৱদেৱ বঁটা আৰু শিশু অপ্ৰমেয় শইকীয়াক কৃৰ্তীমান বঁটা প্ৰদান কৰা হয়।






