
‘ৰাজহংস’ত উঠি নতুন স্বপ্নৰ অন্বেষণ
ভট্টদেৱ ক্ষেত্ৰৰ পৰা কৈলাস চৌধুৰী আমাৰ অসমঃ ‘ৰাজহংস’ত উঠি নতুন স্বপ্নৰ অন্বেষণ কৰিলে অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে৷ আগৰ দুদিনৰ দৰে তৃতীয় দিনাও লোকাৰণ্য হৈ পৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ৷ বিশাল আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই পাঠশালা অধিৱেশনক নতুন মাত্ৰা প্ৰদান কৰিলে৷ উল্লেখ্য, দেওবাৰে অসম সাহিত্য সভাৰ তৃতীয় দিনৰ উল্লেখযোগ্য কাৰ্যসূচী আছিল নৱনিৰ্বাচিত সভাপতিক আদৰি অনাৰ সাংস্কৃতিক শোভাযাত্ৰা৷ যাৰ বাবে পুৱাৰে পৰা জনসমুদ্ৰত পৰিণত হ’ল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পীঠস্থান তথা শিক্ষানগৰী পাঠশালা৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ সমীপৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামীক আদৰিবলৈ অপেক্ষাৰত জনতাই গায়ন-বায়ন, তাল-খোলৰ মন জুৰোৱা শব্দ, ঢুলীয়াৰ ঢোলৰ চেওঁ তথা বিভিন্ন নাম-প্ৰসংগৰে শতাধিক সাংস্কৃতিক দলে আগত দুই গজৰাজক লৈ শোভাযাত্ৰা কৰি আদৰি আনে নৱ নিৰ্বাচিত সভাপতিগৰাকীক৷ এনে এক মাহেন্দ্ৰ ক্ষণত জনসমুদ্ৰৰ মাজত হঠাতে জিলিকী উঠে শুভ্ৰ জাতীয় পোছাক পৰিহিত অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক আকৌ এক নতুন ৰূপত সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহা নব-নিৰ্বাচিত সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামী৷ অগণন লোকৰ বিপুল হৰ্ষধবনি আৰু মহিলাৰ উৰুলিৰ মাজত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অস্থায়ীভাৱে নিৰ্মাণ কৰা মঞ্চলৈ আদৰি নিয়া হ’ল সভাপতি ড॰ গোস্বামীক৷ অসম সাহিত্য সভাৰ সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই আতঁ ধৰা এই মাহেন্দ্ৰ ক্ষণত গোস্বামীক আদৰণি জনায় সপ্তসপ্তসতিতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ ইয়াৰ পাছত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবলৈ অহা পদ্মভূষণ, অকাডেমি ৰত্ন, নৃত্যাচাৰ্য যতীন গোস্বামীকো গামোচা-জাপি আৰু অসম সাহিত্য সভাৰ প্ৰতীকেৰে আদৰণি জনোৱা হয়৷ বয়সে হাৰ মনাব নোৱাৰা ৯২ বছৰীয়া নৃত্যাচাৰ্য গোস্বামীয়ে অসম সাহিত্য সভাৰ পতাকা জোকাৰি বৰ্ণিল শোভাযাত্ৰা মুকলি কৰাৰ আগেয়ে উপস্থিত ৰাইজক সম্বোধন কৰি কয়– ‘পাঠশালাৰ ৰাইজ মোৰ বাবে নতুন নহয়৷ এইখন নাট্যনগৰীতে অসমৰ বহু স্বনামধন্য নাট্যশিল্পীক মই লগ পাবলৈ সক্ষম হৈছোঁ৷ অসম সাহিত্য সভাৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ শোভাযাত্ৰা মুকলি কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ৷ এই বৃহৎ জাতীয় অনুষ্ঠানটোৰ বহু বিতৰ্ক আছে যদিও সভাই অসমীয়া ৰাইজক ভাষা-সংস্কৃতিৰে সমৃদ্ধ কৰি থৈ যোৱাৰ বাবে বিতৰ্কবোৰ সময়ৰ বালিত তল পৰি যায়৷’ উদ্যাপন সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সকলোকে আদৰণি জনাই পাঠশালা অধিৱেশন সফল হোৱাতো কামনা কৰে৷ উক্ত অনুষ্ঠানৰ পিছতে দীৰ্ঘদিনীয় প্ৰচেষ্টা তথা পৰিকল্পনাৰে সমৃদ্ধ এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা উপ-সমিতিৰ সভাপতি ডাঃ কুলেন্দ্ৰ কাকতি, কাৰ্যকৰী সভাপতি সুৰজিৎ পাটগিৰী, সম্পাদকদ্বয় ড॰ কুলদীপ পাটগিৰী আৰু পাশ্বৰ্ পাটগিৰিক সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ পিছত অসম আৰু অসমীয়াৰ স্বৰ্ণিল সংস্কৃতি, অসমীয়া সাহিত্যৰ অপৰূপ সৌন্দৰ্য্য প্ৰকাশৰ নিমিত্তে আয়োজিত এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাতে আদৰণি জনোৱা হয় অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতিজনক৷ ৰাজহংসৰ আৰ্হিত নিৰ্মিত বাহনত শুভ্ৰ ছাতিৰ তলত নৱনিৰ্বাচিত সভপতি ড॰ গোস্বামীক বহুওৱা হয় আৰু তেওঁক সংগ দিয়ে ৰণজিৎ কুমাৰ দাসে৷ সন্মুখত দুই গজেন্দ্ৰই শোভাবৰ্ধন কৰা শোভাযাত্ৰাৰ অনুষ্ঠানত ভাগৱত যাত্ৰা, ঢুলীয়া, অসম সাহিত্য সভাৰ প্ৰতীক পট যাত্ৰা, ৭৭ গৰাকী মহিলাৰ কলহ লৈ যাত্ৰা, ৭৭ গৰাকী কৃষক, গায়ন-বায়নৰ দল, লোকবাদ্যৰ দল, অসম সাহিত্য সভা আৰু অসমীয়া সাহিত্যৰ ইতিহাস, সামৰিক বাহিনী, বজালীৰ শ্বহীদ, কামৰূপী লোকগীত, মঞ্চ-নাট্য-কলাৰ গৌৰৱোজ্জ্বল সাক্ষী বজালীৰ ভ্ৰাম্যমাণ থিয়েটাৰ, বজালীৰ মাৰোৱাৰী সংস্কৃতি, নাওখেল, বজালীৰ বঙালী সংস্কৃতি, বিয়ানাম, তোলনী বিয়াৰ গীত আৰু জপা থোৱা, আইনাম, থলুৱা বেণ্ডপাৰ্টি, থলুৱা মুছলমান সকলৰ সংস্কৃতি, পুতলা নাচ, অসমীয়া বিয়া, দোলা, বজালীৰ দুগ্ধ বিপ্লৱ, অসমৰ আধ্যাত্মিক আৰু পৰম্পৰাগত সংস্কৃতি, সত্ৰীয়া নৃত্য, মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ হৰিদেৱ, দামোদৰদেৱ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট আংগিক ভাওনা, দেওধনী নৃত্য, কৈৱৰ্ত জাল মৰা, কেওট সংস্কৃতি, আহোম সংস্কৃতি, তিৱা সংস্কৃতি, বড়ো সংস্কৃতি, অসমীয়া গাঁও, বিহু নৃত্য, ডিমাচা সংস্কৃতি, মিচিং সংস্কৃতি, নেপালী সংস্কৃতি, গাৰো সংস্কৃতি, চাহ বাগিচাৰ সংস্কৃতি, কাৰ্বি সংস্কৃতি, মৰাণ সংস্কৃতি, কোচ ৰাজবংশী, চুতীয়া, উত্তৰ-পূৱ ভাৰতৰ প্ৰতীকী উপস্থাপন, ভূটান, বজালীৰ শিক্ষানুষ্ঠান আদিকে প্ৰায় শতাধিক কৃষ্টি-সংস্কৃতিৰ লগতে বজালীৰ দুই ধৰ্মীয় পীঠস্থান ডুবিৰ পৰিহৰেশ্বৰ দোৱালয়, ভোগেশ্বৰ মন্দিৰ, জাতিখাটাৰ ২০০ বছৰীয়া সুবিশাল বটবৃক্ষ আদিৰ এক মেটমৰা সম্ভাৰেৰে এক সম্পুৰ্ণ ব্যতিক্ৰমী ৰূপ উপস্থাপন হয় এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত৷ আনহাতে এই সুবিশাল সাংস্কৃতিক শোভাযাত্ৰাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা এটি সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি সোণত শুৱগা চৰায় সাংস্কৃতিক শোভাযাত্ৰাৰ৷ প্ৰায় পাঁচ কিলোমিটাৰজোৰা এই সাংস্কৃতিক শোভাযাত্ৰা ভট্টদেৱ ক্ষেত্ৰত উপস্থিত হোৱাৰ লগে লগে লক্ষাধিক জনগণে মূল মঞ্চলৈ আদৰি আনে নৱ নিৰ্বাচিত সভাপতিগৰাকীক৷ আনহাতে বৰাক উপত্যকাৰ জনপ্ৰতিনিধি তথা অসম চৰকাৰৰ কৌশিক ৰায় আৰু কাৰ্বি পাহাৰৰ জনপ্ৰতিনিধি তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে শোভাযাত্ৰা তথা অধিৱেশনত অংশগ্ৰহণ কৰি বৰাক-ব্ৰহ্মপুত্ৰ তথা পাহাৰ-ভৈয়ামৰ মাজত থকা সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ যি নিদৰ্শন দাঙি ধৰিলে তাৰ বাবে দুয়োগৰাকীকে উদযাপন সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ পূৰ্বে ‘ধ্ৰুপদী ভাষা অসমীয়া’ শীৰ্ষক এক আলোচনা-সত্ৰ অনুষ্ঠিত হয়৷ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ‘অসম সাহিত্য সভাৰ পত্ৰিকা’ আৰু ‘ধ্ৰুপদী ভাষা অসমীয়া’ৰ পৰিবৰ্ধিত সংস্কৰণ উন্মোচন কৰা হয়৷
দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ভট্টদেৱ ক্ষেত্ৰ
‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদকঃ পাঠশালাত অনুষ্ঠিত সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অসম সাহিত্য সভাৰ অধিৱেশনত আজিলৈকে তিনিটা দিন ধৰি অধিবেশনথলী লোকে লোকাৰণ্য হৈ পৰা দেখা গৈছে৷ ইয়াৰ মাজতে অধিবেশনথলীত স্থাপিত নামঘৰৰ চোতালত বৰ্ণাঢ্য ধৰ্মীয় সংস্কৃতি পৰিবেশন কাৰ্যসূচীয়ে শত-সহস্ৰ লোকক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে৷ আনহাতে অধিবেশনথলীত অসমৰ জনগোষ্ঠীয় জীৱনৰ ৰূপৰেখা প্ৰদৰ্শনে অধিবেশনক আকৰ্ষণীয় কৰি তুলিছে৷ উল্লেখ্য যে– অধিবেশনথলীৰ মুখ্য প্ৰৱেশদ্বাৰৰ কাষতেই স্থাপিত হৈছে অস্থায়ী নামঘৰ৷ প্ৰথম দিনৰে পৰা আজি নিশালৈকে নামঘৰত চলি আছে অবিৰত হৰিনাম কীৰ্তন৷ ভিন্ন প্ৰান্তৰ একশটাৰো অধিক মহিলাৰ দিহানামৰ দলে দিহানাম পৰিবেশন কৰে৷ একুৰিৰো অধিক পুৰুষ-মহিলাৰ বীৰনাম দলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট চিৰ সুন্দৰৰ সৃষ্টি ‘বীৰনাম’ পৰিবেশন কৰে৷ তদুপৰি ভিন্ন প্ৰান্তৰ পৰা অহা অগণন পুৰুষ-মহিলাই ঘোষানাম পৰিবেশন কৰাৰ লগতে ভাগৱত পাঠৰ অনুষ্ঠানো অনুষ্ঠিত হয়৷ কেইবাটাও পুৰুষৰ জুনানাম দলৰ দ্বাৰা জুনানামো পৰিবেশন কৰা হয়৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কণ্ঠশিল্পীয়ে বৰগীত পৰিবেশন কৰে৷ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মন, অন্যান্য বিষয়ববীয়া ধৰিত্ৰী কাকতি, প্ৰসেনজিৎ মেধি, খনীন্দ্ৰ পাটোৱাৰী, ৰত্নেশ্বৰ দাস, ৰবীন দাস, ৰমেশ দাস আদিৰ তত্ত্বাৱধানত নামঘৰত অবিৰতভাৱে পৰিবেশন হোৱা দিহানাম, বীৰনাম, জুনানাম, ঘোষানাম, ভাগৱত পাঠ, বৰগীতৰ সুৰেৰে, নাগাৰা, তাল, খোলৰ ধবনিৰে মুখৰিত হৈ দ্বিতীয় তথা আন এক বৈকুণ্ঠপুৰীত পৰিণত হয় পাঠশালাৰ অসম সাহিত্য সভাৰ অধিবেশনথলী৷ আনহাতে অধিবেশনথলীত অন্য এক আকৰ্ষণীয় হৈ পৰিছে ‘অসমৰ জনগোষ্ঠীয় জীৱনৰ ৰূপৰেখা’ প্ৰদৰ্শনস্থলী৷ অধিবেশনথলীৰ এক বিশাল এলেকাত পৃথকে পৃথকে প্ৰদৰ্শিত হৈছে অসমত বসবাস কৰা ভিন্ন ভিন্ন জনগোষ্ঠীৰ জনজীৱনৰ ৰূপৰেখা জীৱন্ত ৰূপত৷ দিনে-নিশাই প্ৰতিটো জনগোষ্ঠীৰ পৰম্পৰা গ্ৰাম্য জীৱনযাত্ৰাৰ নান্দনিক চিত্ৰ চিত্ৰিত হৈছে জনগোষ্ঠীয় লোকসকলৰ দ্বাৰা৷
‘ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষাৰ স্বৰ্ণ মুকুট’
ভট্টদেৱ ক্ষেত্ৰৰ পৰা ‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ অসম সাহিত্য সভাৰ ৭৭ সংখ্যক পাঠশালা অধিবেশনৰ আজি তৃতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী ‘ধ্ৰুপদী অসমীয়া ভাষা’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয়৷ নিৰ্দ্ধাৰিত সময়তকৈ প্ৰায় ডেৰ ঘণ্টা পলমকৈ অনুষ্ঠিত হোৱা আলোচনা সত্ৰখনত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট ভাষাবিদ তথা সাহিত্যক অৰ্পনা কোঁৱৰে ভাষা যোগাযোগৰ সৰ্বশ্ৰেষ্ঠ মাধ্যম বুলি মন্তব্য কৰে৷ তেওঁ কয় যে সংযোগী ভাষা হিচাপে বিভিন্ন অসমীয়া ভাষাই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়িছে৷ এই ভাষাটো সমন্বয়ৰ সেতু হৈ পৰস্পৰে পৰস্পৰৰ উন্নতি সাধন কৰিলেও কিছুমান ভুল বুজাবুজিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বিপৰীতে এক ব্যৱধানৰ সৃষ্টি কৰি অসমীয়া ভাষা ক’বলৈ বা শিকিবলৈ আগ্ৰহ প্ৰকাশ নকৰাটো পৰিতাপৰ বিষয় বুলি আক্ষেপ কৰে৷ লগতে তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত অসমীয়া ভাষাক আগ্ৰহী কৰি গঢ়ি তুলিবলৈ সাহিত্য সভাই দায়িত্ব ল’ব লাগিব বুলিও কয়৷ প্ৰসংগক্ৰমে তেওঁ আৰু কয়– অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পিছত আমাৰ কৰণীয় বাঢ়িল৷ কাৰ্বিসকলৰ এতিয়াও অসমীয়া ভাষাৰ প্ৰতি যথেষ্ট সদ্ভাৱ আছে৷ অষ্ট্ৰিক, মঙ্গোলীয়হ্ল এনেবোৰ নৃগোষ্ঠীয় জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠিছে অসমীয়া ভাষা৷ ১৯৩৫ চনত ড: বাণীকান্ত কাকতিয়ে প্ৰথম অসমীয়া ভাষাৰ ওপৰত গৱেষণাৰ জৰিয়তে গৱেষণা গ্ৰন্থ লিখিছিল যদিও এতিয়াও অসমীয়া ভাষাৰ ওপৰত পূৰ্ণাংগ ৰূপত গৱেষণা হোৱা নাই৷ ভট্টদেৱৰ গদ্যইও অসমীয়া ভাষাৰ প্ৰাচীনতা দাঙি ধৰে৷ এনেদৰে সময়ে সময়ে অসমীয়া ভাষাই নিজস্ব শৈলীৰে তাৰ বৈশিষ্ট্য আৰু ক্ৰমবিকাশৰ জৰিয়তে বৰ্তমান অৱস্থা পাইছে৷ ভাষাটোৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি বিভিন্ন প্ৰকল্প গ্ৰহণ কৰিব লাগিব৷ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে আমাক কৰ্মসংস্থাপনৰো সুবিধা দিব বুলি মন্তব্য কৰি তেওঁ ইয়াৰ আগেয়ে হোৱা লোকপিয়ল গণনাত .৫০ শতাংশ আমাৰ অসমীয়া ভাষী লোক কমি গৈছে বুলি আক্ষেপ কৰে৷ ৰাজ্যৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়, বিভিন্ন চৰকাৰী নথি-পত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰ, বহিঃৰাজ্যৰ লোকসকলক অসমীয়া ভাষা শিকাটো বাধ্যতামূলক কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে৷ অসমীয়া ভাষা আৰ্য আৰু আৰ্য মূলীয় ভাষাসমূহৰ সংমিশ্ৰণ বুলি সদৰি কৰি বড়ো, গাৰো, মিচিং, ৰাভা, দেউৰী আদি ভাষাসমূহ আমিও শিকাৰহ্ল ব্যৱস্থা কৰিব লাগিব৷ অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা আলোচনা সত্ৰখনত আলোচক হিচাপে শান্তি নিকেতনতৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰধান ড॰ সংগীতা শইকীয়াই অংশগ্ৰহণ কৰি অসমীয়া ভাষা সংস্কৃতিৰ ক্ৰমবিকাশৰ বাবে কামৰূপীয়া শাসক গোষ্ঠীৰ বৰঙণিৰ কথা উল্লেখ কৰি ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা সন্দৰ্ভত এই দৰে কয়– প্ৰথম তামিল ভাষাই ১৫০ বছৰীয়া সংগ্ৰামৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত এ পি জে আব্দুল কালামে স্বীকৃতি দিলে৷ ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষাৰ মুকুট৷ অসমীয়া ভাষাৰ দুহাজাৰ বছৰীয়া ইতিহাস যেনে চৰ্যাপদ, শিলালিপি, সাঁচিপাতৰ পুথিসমূহ আছে৷ তেতিয়াৰ পুৰণি কামৰূপৰ বিস্তৃতি বহু বিশাল আছিল৷ এতিয়া আৱিস্কৃত শিলালিপিসমূহত খোদিত সেই সময়ৰ অসমীয়া ভাষাটোৱে তেনে সাক্ষ্য দাঙি ধৰে৷ এতিয়াও বহুতো শিলালিপিৰ পাঠোদ্ধাৰ হোৱা নাই বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়– এই সমূহ পঠোদ্ধাৰৰ সম্ভৱ হ’লে ভাষাটোৰ প্ৰাচীনতা আৰু পিছুৱাই যাব৷ অসমীয়া ভাষাটোক লৈ আমি গৌৰৱ কৰাটো উচিত বুলিও তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত আন এগৰাকী আলোচক হিচাপে লিপি বিশেষজ্ঞ, গৱেষক -সাহিত্যিক অশোক শৰ্মাই অসমীয়াই ধ্ৰুপদী স্বীকৃতি পোৱা সন্দৰ্ভত কয়– তামিলৰ পিছত ২০০৫ চনত সংস্কৃত ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে৷ পূৰ্বে থকা এহাজাৰ পুৰণিৰ সময়টো ১৫০০-২০০০ কৰা হ’ল৷ ২০০৪ চনৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা বিষয়টো ২০০৫ চনত সাংস্কৃতিক মন্ত্ৰালয়ে লয়৷ সাংস্কৃতিক মন্ত্ৰালয়ে সাহিত্য অকাডেমীয়ে ভাষা বিশেষজ্ঞৰ সহায়ত চালিজাৰি চাই অসমীয়া ভাষাক অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে৷ ইয়াৰ পিছত ২০০২৪ চনৰ ৩ অক্টোবৰত আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰে৷ প্ৰাচীনতা প্ৰদৰ্শন কৰিবলৈ ভাষাটোৰে সৈতে অঞ্চলটোত ব্যৱহৃত সাংস্কৃতিক উপাদানসমূহ গুৰুত্বপূৰ্ণ হৈ পৰে৷ গতিকে ভাষাটোৰ সৈতে সাংস্কৃতিক যোগাযোগ থাকিব লাগিবই বুলিও তেওঁ কয়৷ গৱেষক তথা সাহিত্যক কনক চন্দ্ৰ চহৰীয়াই সঞ্চালনা কৰা আলোচনা সত্ৰখনত কটন বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগৰ অধ্যাপক ড॰ মঞ্জিল হাজৰিকাই বিগত বৰ্ষটো অসমীয়াৰ বাবে উল্লেখযোগ্য বৰ্ষ বুলি অভিহিত কৰি কয় যে অসমীয়া ভাষাটো কোনবোৰ লোকে ব্যৱহাৰ কৰিছিল সেই বিষয়ে নৱপ্ৰস্তৰ যুগৰ বিভিন্ন সঁজুলি আৰু প্ৰত্নতাত্বিক স্থানসমূহ পৰিদৰ্শন কৰিবলগীয়া হৈছিল৷ এই স্থানৰ প্ৰত্নতাত্বিক আৰু পুৰাতাত্ত্বিক সমলসমূহে চুবুৰীয়া চীন, ব্ৰহ্মদেশ আদিৰ দৰে ঠাইসমূহত অসমীয়া ভাষাটোৰ সম্পৰ্কৰ সাক্ষ্য প্ৰমাণ দাঙি ধৰে বুলি কয়৷ অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰয়ে অংশগ্ৰহণ কৰি কয় যে, অসম বহুভাষিক ৰাজ্য৷ এই বহু ভাষিক ৰাজ্যখনৰ ভাষা সাহিত্যৰ উন্নতি সকলো জাতি-জনগোষ্ঠীৰ লোকে মিলিজুলি কৰিব লাগিব বুলি মন্তব্য কৰে৷ লগতে অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভাবক অভিভাৱিকাসকলক নিজৰ নিজৰ সন্তানক অসমীয়া মাধ্যমত শিক্ষা লাভৰ গুৰুত্ব আৰোপ কৰি কয় যে, ভাষা এটা জাপি দি শ্ৰীবৃদ্ধি আশা কৰিব নোৱাৰি৷ ইয়াক অন্তঃকৰণেৰে আকোৱালি ল’ব লাগিব৷ পাহাৰ ভৈয়াম সকলো লোকে অসমীয়া ভাষাটো গ্ৰহণ কৰিলে পৰস্পৰৰ ভাষা সাহিত্যৰ উন্নতি হব৷ এক সময়ত পাহাৰ ভৈয়াম সকলোতে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় ভালদৰে চলিছিল৷ পাহাৰৰ ল’ৰা-ছোৱালীহৈ আমি অসমীয়া মাধ্যমতে পঢ়ি ভাষাটো শিকিছোঁ৷ এতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত পৰৰ্ৱতী পৰ্যায়ৰ কৰণীয় খিনিৰ বাবে সাহিত্য সভাৰ ওপৰত গধুৰ দায়িত্ব আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে৷ আজিৰ এই অনুষ্ঠানতে আদৰণি সমিতিয়ে ধ্ৰুপদী ভাষা সন্দৰ্ভত দুখন গ্ৰন্থ আৰু সাহিত্য সভাৰ পত্ৰিকাৰ বিশেষ সংখ্যা উন্মোচন কৰে ক্ৰমে বিশিষ্ট ভাষাবিদ তথা সাহিত্যক অৰ্পনা কোৱঁৰ, লিপি বিশেষজ্ঞ, গৱেষক সাহিত্যক অশোক শৰ্মা আৰু পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰধান ড॰ সংগীতা শইকীয়াই৷ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীয়ে৷ আলোচনা সত্ৰখনৰ উদেশ্য ব্যাখ্যা কৰে সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই৷
মৃণালিনী দেৱীলৈ ‘জীৱনজোৰা সাহিত্য সেৱা’ সন্মান
‘আমাৰ অসম’ৰ বজালীৰ প্ৰতাবেদকঃ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীলৈ আগবঢ়োৱা হ’ব অসম সাহিত্য সভাৰ ‘জীৱনজোৰা সাহিত্য সেৱা’ সন্মান৷ এই ঘোষণা অসম সাহিত্য সভাৰ৷ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত অনুষ্ঠিত প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিছে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে এই বয়সটো সাহিত্যসেৱা কৰি অহাৰ পৰিপ্ৰেক্ষিত অসম সাহিত্য সভাৰ পৰা প্ৰথম বাৰৰ বাবে এই সন্মান আগবঢ়োৱা হ’ব৷ অহা ৪ ফেব্ৰুৱাৰীত তেওঁলৈ আগবঢ়োৱা হ’ব এই সন্মান৷