Logo
image

সচেতন নহ’লে জাকৰ পিছপৰা চৰাই হ’বগৈ সাহিত্য সভা

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক, ২ ফেব্ৰুৱাৰীঃ  উত্তৰ-পূৰ্বাঞ্চলৰ সকলো নৃগোষ্ঠীক হিয়াৰ কুটুমৰূপে সামৰি জাতীয়ত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ বাবেই সাহিত্য সভা আজি অসমৰ জাতীয় প্ৰতীক ৰূপে চিহ্নিত হৈছে৷ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনৰ পৰা সভাপতিৰ অভিভাষণত এই মত পোষণ কৰিছে বিশিষ্ট ভাষাবিদ, সাহিত্যিক তথা অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড॰ বসন্ত কুমাৰ গোস্বামীয়ে৷ নিজৰ ৪৬ পৃষ্ঠাৰ অভিভাষণত অসম সাহিত্য সভাৰ স্বদেশ আৰু স্বজাতিৰ সিংহদুৱাৰত জাগ্ৰত প্ৰহৰীৰূপে সাহিত্য সভা প্ৰতিষ্ঠিত হোৱাৰ বাবে অসমৰ জাতীয়ত্বই সভাক প্ৰাণৰ অনুষ্ঠান ৰূপে ৰূপায়িত কৰিছে বুলি ড॰ গোস্বামীয়ে মন্তব্য কৰে৷ অসমৰ ভাষা সাহিত্য আৰু সমাজ সংস্কৃতিৰ সাৰ্বিক বিকাশৰ বাবে সভাই কৰি অহা সংগ্ৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উমৈহতীয়া সূঁতিটো ভৰুণ কৰাৰ ইতিহাসো সভাৰ ইতিহাস বুলি মন্তব্য কৰি নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে বিপক্ষৰ মূৰত থকা মণিৰ পোহৰ যাৰ ওচৰত নিস্প্ৰভ সেই সভা অমোঘাগৰ্ভসম্ভূতাৰ দৰে সূৰ্যোদয়ৰ হিৰণ কিৰণেৰে উজ্জ্বল বুলি মন্তব্য কৰে৷ এনে এটি মহতোমহীয়ান অনুষ্ঠানৰ সভাপতিৰ পদটো জাতীয় সন্মানৰ প্ৰতীক বুলি উল্লেখ কৰি ড॰ বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ অধিবেশন সমূহত লাখ লাখ জনতাৰ সমাবেশ হোৱাটো প্ৰশংসা কৰি কয় যে এই জনতা গাড়ী ভাৰা কৰি অনা নহয় অসম সাহিত্য সভাৰ প্ৰতি জনতাৰ শ্ৰদ্ধাৰ প্ৰতীক বুলি উল্লেখ কৰে৷ আনকি তেওঁ জনসাধাৰণৰ সৈতে অসম সাহিত্য সভাৰ সংযোগৰ সেতু নিৰ্মাণ কৰিব লাগিব বুলিও উল্লেখ কৰে৷ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে আক্ষেপৰ সুৰত কয় যে অসম সাহিত্য সভাক ৰাইজে অসাহিত্যিকৰ অনুষ্ঠান বুলি কোৱাৰ লগতে সভাৰ বিষয়ববীয়াৰ পৰা আৰম্ভ কৰি জিলাৰ শাখা সভাৰ বিষয়ববীয়াৰ প্ৰতিও অভিযোগৰ আঙুলি টোৱাইছে৷ তদুপৰি সাহিত্য সভাত মেলামুখী চৰিত্ৰৰ কথাও বহুতে উল্লেখ কৰা বুলি কয়৷ ড॰ গোস্বামীয়ে পুনৰ কয় অসম সাহিত্য সভাক বিকৰুৱা কৰাৰ পিনে আগবাঢ়িছে বুলি চিলনী চকুৰে চাই, খচিতংকৈ অধ্যয়ন কৰি সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সাহিত্যিক পজাঘৰলৈকে সকলোৰে মনত সভাৰ ভূমিকা সম্পৰ্কে ধুঁৱলি-কুঁৱলী পৰিবেশ সৃষ্টি কৰিছে বুলি কয়৷ সেয়ে অসমৰ এই সৰ্ববৃহৎ অনুষ্ঠানটিৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কত সচেতন হ’ব লাগিব বুলি তেওঁ দোহাৰে৷ সকলোৰে উমৈহতীয়া সামাজিক স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব নোৱাৰিলে সভাৰ প্ৰাসংগিকতা নাথাকিব বুলি নিজৰ অভিভাষণত নৱনিৰ্বাচিত সভাপতি ড॰ বসন্ত গোস্বামীয়ে মন্তব্য কৰে৷ সচেতন নহ’লে অসম সাহিত্য সভা জাকৰ পিছপৰা চৰাই হ’বগৈ বুলি মন্তব্য কৰি তেওঁ কয় যে অসম সাহিত্য সভাই অসমৰ সকলো নবীন-প্ৰবীণ সাহিত্যিকক একেখন মঞ্চত বহুৱাব নোৱাৰিলে সকলো জনগোষ্ঠীয় সাহিত্য সভাক আস্থাত লৈ বিদ্যায়তনিক কৰ্মত আগবাঢ়িব নোৱাৰিলে সভা জাকৰ পিছপৰা চৰাই হ’ব বুলি উল্লেখ কৰে৷ সাহিত্য সভাত নেতাৰ স্থান নাই বুলি উল্লেখ কৰি ড॰ গোস্বামীয়ে সভাৰ সভাপতিসহ মূল বিষয়ববীয়াও সভাৰ সেৱক হ’ব লাগিব বুলি মন্তব্য কৰে৷ আজি অসমীয়াৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি ভাবিবলৈ সময় নাই, বহিৰাগত চিন্তা সংস্কৃতিয়ে অসমীয়াক উটুৱাই নি জাঁজি হ’বলৈ এৰি দিয়াৰ সময়ছোৱাত অসম সাহিত্য সভাৰো বহু কৰণীয় আছে বুলি মন্তব্য কৰে৷ অসমীয়া ভাষা সাহিত্য সংগীত-সংস্কৃতিৰ প্ৰতি অহা ভাবুকি আৰু আতংকময় পৰিবেশৰ পৰাই জাতিটোক উদ্ধাৰ কৰাৰ ভাৰ অসম সাহিত্য সভাৰ ওপৰতো পৰা বুলি উল্লেখ কৰে৷ ইপিনে নিজৰ সুদীৰ্ঘ ভাষণত অসমত সাহিত্য আলোচনীৰ পাঠক নাই বুলি কৰা মন্তব্যক নস্যাৎ কৰি সাহিত্যৰ মুল্যতকৈ ব্যক্তি মূল্যক গুৰুত্ব দিয়া আলোচনীয়ে অনুৰাগী পাঠক সৃষ্টি কৰিব নোৱাৰে বুলি মন্তব্য কৰে৷ আনহাতে অসমীয়া মানুহে নিজৰ সন্তানক শিশু অৱস্থাৰ পৰাই অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিব লাগে বুলি মত ব্যক্ত কৰে৷ তেওঁৰ মতে সাহিত্যৰ বিপ্লৱ হয় আৰু এই বিপ্লৱ সদায় সাহিত্যৰে হ’ব লাগিব বুলি কয়৷ একেদৰে নিজৰ ভাষণত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা আৰু এই মৰ্যাদাৰ বাবে চৰকাৰে লোৱা দৃঢ় পদক্ষেপক অসমৰ ৰাইজে আদৰণি জনাইছে বুলিও নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে উল্লেখ কৰে৷ অৱশ্যে তেওঁ প্ৰশাসনীয় ভাষা সৰ্বত্ৰে প্ৰয়োগত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে৷ ইপিনে নতুন সভাপতি হিচাপে আজি দায়িত্ব লৈয়ে তেওঁ পুনৰ কয় যে যোৱা দুটা দশকত অসম সাহিত্য সভাই জনসাধাৰণৰ আস্থা প্ৰায় হেৰুৱাই পেলাইছে আৰু সভা মূল লক্ষ্যৰ পৰা কক্ষচু্যত হৈছে বুলি কৈ সভা কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলি কয়৷


আনহাতে আগত দুবছৰীয়া কাৰ্যকালত কৰিবলগীয়া কামৰ আভাস সন্দৰ্ভত চমু বক্তব্য ৰাখি বৌদ্ধিক কোষ গঠন, নতুন বিদ্যায়তনিক কাম, অসমীয়া ইউনিকোড ফণ্ট তৈয়াৰ কৰাৰ দল গঠন কৰাৰ উপৰি শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী, হিন্দী সংস্কৰণ কৰা, মাধৱ কন্দলিৰ ৰামায়ণৰ ইংৰাজী হিন্দী অনুবাদ কৰা আদিকে ধৰি কেইবাটাও আঁচনি গ্ৰহণ কৰা সম্পৰ্কত উল্লেখ কৰি অসমীয়া সাহিত্যই ভাৰতীয় সাহিত্যত স্থান লাভ কৰাৰ আশা ব্যক্ত কৰে৷ সভাত বিদায়ী সম্পাদক ড॰ উপেন্দ্ৰজিৎ শৰ্মাই আঁত ধৰা এই সভাখনত আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অসমীয়াৰ হৃদয়ত স্বাভিমান আছে আৰু এই স্বাভিমান থকালৈকে অসম সাহিত্য সভা উজ্জীৱিত হৈ থাকিব বুলি মন্তব্য কৰে৷ তেওঁ এইবাৰৰ পাঠশালা সাহিত্য সভাৰ অধিবেশন ব্যতিক্ৰমী বুলি উল্লেখ কৰি এই অধিৱেশনে বাণিজ্য মেলাৰ বিপৰীতে বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে আৰু অনাগত দিনতো অসম সাহিত্য সভাই এই ধাৰা বৰ্তাই ৰাখিব লাগে বুলিও সভাক আহ্বান জনাই অসম সাহিত্য সভা নিশ্চিতৰূপত দীৰ্ঘজীৱী হ’ব বুলি মন্তব্য কৰে৷ আজিৰ সভাত অসম সাহিত্য সভাৰ প্ৰাক্তণ সভাপতি ড॰ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন প্ৰধান সম্পাদক ড॰ জগদীশ পাটগিৰী, নৱ নিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা, উপ- সভাপতি পদুম ৰাজখোৱা, প্ৰাক্তন উপ- সভাপতি ড॰ গিৰীশ সন্দিকৈ, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বিধায়ক অমিয় ভূঞা, সাহিত্যিক প্ৰতাপ চন্দ্ৰ বৰুৱা, প্ৰফুল্ল গোস্বামী, মৃণাল হাজৰিকা, অধ্যাপক মাখন তামুলী, অঞ্জনা গোস্বামী, ইভা হাজৰিকা, কুলৰঞ্জন ডেকা, নিৰদা বৰা, ধনভৰালী মিহিৰ কুমাৰ বৰুৱা, বিণু ৰাজখোৱা ঠাকুৰীয়া, ড॰ সমুজ্বল ভট্টাচাৰ্য, অধ্যাপক নৱকুমাৰ গোস্বামী আদিকে ধৰি কেইবাগৰাকীও বৰেণ্য ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে আদৰণি সমিতিৰ সভাপতি তথা  মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সকলো সাহিত্যানুৰাগীকে উষ্ম আদৰণি জনোৱাৰ লগতে লক্ষ লক্ষ জনতাক সাহিত্যৰ বৰ পথাৰখনক চহকী কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়৷ মুকলি সভাৰ পিছতে ড॰ নীলোৎপল শৰ্মাৰ সঞ্চালনাত নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান ৰামধেনু অনুষ্ঠান উদ্বোধন কৰে ড॰ ভূষণ চন্দ্ৰ পাঠকে৷ সন্ধিয়া ‘কামৰূপী লোকগীতৰ ঐতিহ্য আৰু পৰম্পৰা’ শীৰ্ষক সাংস্কৃতিক সন্মিলন উদ্বোধন কৰে স্নেহলতা দাসে৷ ডম্বৰুধৰ পাঠকৰ সঞ্চালনাত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তুতুল মানৱ আৰু কুসুম তালুকদাৰে৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে যতীন চৌধুৰীয়ে৷