
ইছৰ’ৰ বিজ্ঞানীৰূপে নিৰ্বাচিত বকোৰ অংশুমান কলিতা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ফেব্ৰুৱাৰীঃ বকোৰ অংশুমান কলিতাই ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰ’) ত বিজ্ঞানী ‘চি’ ৰূপে যোগদান কৰিবলৈ নিৰ্বাচিত হৈছে৷ বকোৰ গকুল চন্দ্ৰ কলিতা আৰু অদিতি কলিতাৰ ল’ৰা অংশুমানে অহা ১৪ ফেব্ৰুৱাৰীত তিৰুৱনন্ত্ৰপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত যোগদান কৰিব৷
বকোৰ ডনব’’ৰ পৰা গৈ অংশুমান ২০২১ চনত শিলচৰ এন আই টিৰ মেকানিকেল ইঞ্জিনিয়াৰিংৰ স্নাতক হয়৷ পাছলৈ তেওঁ ইছৰ’ৰ নিযুক্তি পৰীক্ষাত ভাৰতৰ ভিতৰতে ৪০ নং স্থান দখল কৰিবলৈ সক্ষম হয়৷ এই পৰীক্ষাৰ বাবে অংশুমানে সম্পূৰ্ণ নিজেই প্ৰস্তুতি চলোৱা বুলি সংবাদ মাধ্যমক জনাইছে৷ অসমীয়া ল’ৰা-ছোৱালী এইদৰে বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সমগ্ৰ বকো অঞ্চলতে আনন্দৰ জোৱাৰ উঠিছে৷