
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন ইনড'ৰ এণ্টাৰটেইনমেন্ট এণ্ড এডভেন্সাৰ পাৰ্ক মুকলি
ডিজিটেল সংবাদ, গুৱাহাটী, ৭ ফেব্ৰুৱাৰীঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইনড'ৰ এণ্টাৰটেইনমেন্ট আৰু এডভেন্সাৰ পাৰ্ক বৃহস্পতিবাৰে মুকলি কৰিলে পুনো (PUNO)য়ে। গুৱাহাটীৰ লখৰাত 'পুনো এডভাঞ্চ'(PUNO ADVANCE) মুকলি কৰি মহানগৰবাসীৰ বাবে এক অনন্য অভিজ্ঞতা প্রদানৰ লক্ষ্য লৈছে পুনোয়ে। উল্লেখ্য যে এই পার্কখনত অত্যাধুনিক ইনড'ৰ দুঃসাহসিক কাৰ্য্যকলাপ, উ*ত্তেজনাপূর্ণ ট্রেম্পলিন গেম, ইমার্চিভ বলিং অভিজ্ঞতা আৰু অত্যাধুনিক ভি আৰ আৰু আৰ্কেড ভিডিঅ' গেম অন্তর্ভূক্ত কৰা হৈছে। এই পার্কত ইমার্চিভ ভি আৰ ৰাইডে অতিথিসকলক এক বাস্তৱ অনুভৱৰ সৈতে ভার্চুৱেল জগতলৈ লৈ যাব। সমান্তৰালভাৱে এই পাৰ্কত আছে উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কিডছ এৰেনা 'পুনো জুনিয়ৰ' (PUNO JUNIOR) য'ত ১০ বছৰ পৰ্যন্ত বয়সৰ শিশুসকলে খেলা-ধূলা কৰাৰ লগতে শিক্ষা লাভ আৰু দক্ষতা বিকাশৰ সুযোগ পাব। তদুপৰি ইন-হাউচ স্পর্টছ কেফে আৰু সুকীয়া পার্টি কমৰ জৰিয়তে অতিথিসকলে বিশেষ মুহূৰ্তবোৰ আৰু অধিক স্মৰণীয় কৰি তুলিবলৈ সক্ষম হ'ব।
উদ্বোধনী অনুষ্ঠানত পুনোৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ আগৰৱালাই কয়, "পুনো (PUNO)ৰ লক্ষ্য হৈছে এক সম্পূর্ণ মনোৰঞ্জনৰ অভিজ্ঞতা প্রদান কৰা, য'ত সকলো বয়সৰ লোকে খেল, ৰাইড আৰু বিভিন্ন ৰোমাঞ্চকৰ কাৰ্যসূচী উপভোগ কৰিব পাৰে। আমি ফিজিটেল এণ্টাৰটেইনমেণ্টৰ ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো, অর্থাৎ শাৰীৰিক আৰু ডিজিটেলৰ এক সংমিশ্রণ, যিয়ে প্রযুক্তি আৰু শাৰীৰিক কার্যকলাপক একত্ৰিত কৰি এক নতুন মনোৰঞ্জনৰ অভিজ্ঞতা সৃষ্টি কৰে।" তেওঁ লগতে কয়, "আমি দেখিলো যে বজাৰত এনে ঠাইৰ অভাৱ আছিল য'ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে একেলগে সময় কটাব পাৰে, ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰিব পাৰে আৰু সুস্বাদু খাদ্য-পানীয় উপভোগ কৰিব পাৰে। সেইবাবেই আমি উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ইনড'ৰ এণ্টাৰটেইনমেন্ট এণ্ড এডভেন্সাৰ পার্ক স্থাপন কৰিছোঁ, য'ত এক বিশেষ মাইক্র' এটম'স্ফিয়াৰ আছে। ইয়াত বছৰৰ যিকোনো সময়তে শীত-তাপ নিয়ন্ত্রিত পৰিৱেশ উপভোগ কৰিব পাৰিব।"