Logo
image

দিল্লীত ফুলিল পদুম, আপ ধূলিসাৎ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,৮ ফেব্ৰুৱাৰীঃ  প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰবিন্দ কেজৰিৱালৰ ‘আপ’ক দিল্লীবাসীৰ বাবে ‘আপদ’ বুলি মন্তব্য কৰিছিল৷ তাৰ ঠিক এমাহৰ পাছত প্ৰধানমন্ত্ৰীৰ আহ৩ান শুনিয়েই দিল্লীবাসীয়ে কেজৰিৱালৰ আপ বা মোদীৰ মতে ‘আপদ’ক বিসদৰ্জন দি বিজেপিক আকোঁৱালি ল’লে৷ ১০ বছৰ শাসনত থকা আপক ওফৰাই ২৭ বছৰৰ পাছত দিল্লীৰ দখল নিজৰ হাতলৈ নিলে গেৰুৱা দলে৷ এতিয়া কেন্দ্ৰৰ দৰে ৰাজধানী দিল্লীৰ মছনদো বিজেপিৰ দখলত৷ নিজকে ‘আম আদমি’ অৰ্থাৎ সাধাৰণ মানুহ বুলি অভিহিত কৰা অৰবিন্দ কেজৰিৱালক দিল্লীৰ ভোটাৰে পুনৰ ‘আম আদমি’ত পৰিণত কৰিলে৷          

কিয়নো মুখ্যমন্ত্ৰীৰ আসন ইতিপূৰ্বে হেৰুওৱা অৰবিন্দ কেজৰিৱাল এতিয়া বিধায়কো নহয়, স্বৰূপাৰ্থতে এজন সাধাৰণ মানুহ৷ ৭০ খন আসনৰ কেন্দ্ৰীয় শাসিত প্ৰদেশ দিল্লীত চৰকাৰ গঠন কৰিবলৈ ৩৬ খন আসনৰ প্ৰয়োজন৷ কিন্তু ৪৮ খন আসনেৰে বিজেপিয়ে প্ৰত্যয়জনকভাৱেই ৰাজধানীৰ দখল নিজৰ হাতলৈ নিলে৷ প্ৰধানমন্ত্ৰী মোদীয়েও দিল্লীবাসীক ‘আপদ’ আঁতৰোৱাৰ বাবে ধন্যবাদ জনালে৷

দুৰ্নীতিবিৰোধী আন্দোলনৰ পৰা ৰাজনীতিক হিচাপে জন্মলাভ কৰা অৰবিন্দ কেজৰিৱাল দুৰ্নীতিৰ অভিযোগত নিমজ্জিত হোৱাই নহয়, এইবাৰ নিৰ্বাচনতো পৰাজিত হ’ল৷ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পৰাজয় দলটোৰ বৃহত্তম আঘাত হিচাপে পৰিগণিত হৈছে৷ কেজৰিৱালক নতুন দিল্লী সমষ্টিত বিজেপিৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী প্ৰৱেশ বাৰ্মাই ৪,০৮৯ টা ভোটত পৰাজিত কৰে৷ এই আসনত ২০১৩ চনৰ পৰা বিজয়ী হৈ আছিল কেজৰিৱাল৷ কেজৰিৱালৰ সোঁহাত মনীষ ছিছোদিয়া, অন্যতম সহযোগী সৌৰভ ভৰদ্বাজো পৰাস্ত হয়৷ মনীষ ছিছোদিয়াক জংপুৰা সমষ্টিত বিজেপিৰ অৰ্বিন্দৰ সিং মাৰৱাই ৫৭২ টা ভোটত আৰু সৌৰভ ভৰদ্বাজক গ্ৰেটাৰ কৈলাশত বিজেপিৰ শিখা ৰয়ে ৩,১৮৮ টা ভোটত পৰাস্ত কৰে৷ আপৰ হেভীৱেইটৰ পৰাজয়ৰ মাজত কোনোমতে সন্মান ৰক্ষা কৰে মুখ্যমন্ত্ৰী আতিশীয়ে৷ আতিশীয়ে কালকাজী সমষ্টিত বিজেপিৰ বিতৰ্কিত নেতা ৰমেশ বিধুৰীক পৰাস্ত কৰে৷ শোচনীয় ব্যৰ্থতাৰ পাছত কেজৰিৱালে জনতাৰ ৰায় নতশিৰে স্বীকাৰ কৰা বুলি কৈ এটা ভিডিঅ’ বাৰ্তাত কয় যে, তেওঁলোক ক্ষমতাৰ বাবে ৰাজনীতিলৈ অহা নাছিল, সেৱাৰ বাবেহে আহিছিল৷ এতিয়া আপে গঠনমূলক বিৰোধীৰ ভূমিকা ল’ব বুলি কেজৰিৱালে অংগীকাৰ কৰে৷ 

দিল্লীত বিজেপিৰ বিপুল বিজয়ৰ লগে লগে ধুলিসাৎ হৈ পৰিল ইমানদিনে স্বচ্ছ আৰু নিকা প্ৰশাসন চলোৱা বুলি দাবী কৰা অৰবিন্দ কেজৰিৱালৰ আপ৷ ৪৫.৫৬ শতাংশ ভোট লাভ কৰি দিল্লী দখল কৰা বিজেপিৰ বিপৰীতে প্ৰায় ওচৰাওচৰিকৈ ৪৩.৫৭ শতাংশ ভোট লাভ কৰা সত্ত্বেও আপে ২২ খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ল৷ আনহাতে কংগ্ৰেছ দলে ৬.৩৪ শতাংশ ভোট লাভ কৰি এইবাৰ ‘০’ আসনৰ হেটট্ৰিক কৰিলে৷ স্মৰ্তব্য, ২০২০ চনত আপে ৫৩.৫৭ শতাংশ ভোটেৰে লাভ কৰিছিল ৬২ খন আসন৷ এইবাৰ ১০ শতাংশ কম ভোটেৰে আপে ৪০ খন আসন হেৰুৱালে৷ ২০২০ চনত ৩৮.৫১ শতাংশ ভোট লাভ কৰা বিজেপিয়ে সেইবাৰ জ্জ্ব খন আসন লাভ কৰিছিল৷ বিগত নিৰ্বাচনতকৈ ৮ শতাংশ অধিক ভোট লাভ কৰি এইবাৰ গেৰুৱা দলে ৪০ খন আসন অধিক লাভ কৰিলে৷ ২০২০ চনত ৪.২৬ শতাংশ ভোট লাভ কৰা কংগ্ৰেছে এইবাৰ ২.১২ শতাংশ অধিক ভোট লাভ কৰাৰ ফলতো আপে বৃহৎ সংখ্যাত আসন হেৰুৱাবলগীয়া হ’ল৷



বিজেপিৰ দিল্লী দখলত দলৰ যিমান ভূমিকা আছে, আৰ এছ এছৰ কৃতিত্বও কম নহয়৷ ১০ টা নিৰ্দিষ্ট বিষয় লৈ আৰ এছ এছে বিগত কেইবছৰত দিল্লীত ৫০ হাজাৰখন সৰু সৰু বৈঠক কৰিছিল, য’ত অংশগ্ৰহণকাৰীৰ সংখ্যা নগণ্য আছিল যদিও আৰ এছ এছে তেওঁলোকৰ বিষয়সমূহ বৈঠকত ভাগ লোৱা সকলোৰে হূদয়ত প্ৰৱেশ কৰাবলৈ সক্ষম হৈছিল৷ আৰ এছ এছৰ বৈঠকৰ বিষয় আছিল নিষ্কাষণ ব্যৱস্থা, স্বচ্ছ খোৱাপানী, স্বাস্থ্য, মহিলাৰ সুৰক্ষা, পথৰ উন্নয়ন, যমুনা নদীৰ পৰিষ্কাৰকৰণ, বায়ু প্ৰদূষণ, অনুপ্ৰৱেশকাৰীৰ সমস্যা, শৌচালয়ৰ ব্যৱস্থা আৰু কৰ্মসংস্থাপন৷ এই ১০টা বিষয় লৈ আৰ এছ এছে দিল্লীত কৰা ৫০ হাজাৰখন সৰু বৈঠকে বিজেপিৰ ডাঙৰ ফল প্ৰদান কৰিলে৷ ইয়াৰ উপৰি অন্যান্য কাৰণসমূহ–

অৰবিন্দ কেজৰিৱাল প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থঃ  অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাত অক্ষম হোৱাটো দিল্লীত আম আদমী পাৰ্টিৰ ক্ষমতা হেৰুওৱাৰ সবাতোকৈ ডাঙৰ কাৰণ হৈ পৰিছে বুলি চৰ্চা হৈছে৷ অৰবিন্দ কেজৰিৱালে মহিলা ভোটাৰসকলক বিনামূলীয়া সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আইনগতভাৱে সকলোৱে জানিছিল যে তেওঁ সেয়া ৰক্ষা কৰিব নোৱাৰিব৷ 

মধ্যবিত্ত শ্ৰেণীয়ে বিজেপিক ভোট দিলেঃ  দেশৰ সকলো নিৰ্বাচনৰ ‘ভোটিং ইঞ্জিন’ মধ্যবিত্ত শ্ৰেণীটোৱে ইতিপূৰ্বে লোকসভা নিৰ্বাচনত বিজেপি আৰু বিধানসভা নিৰ্বাচনত আপক সমৰ্থন কৰিছিল৷ কিন্তু এইবাৰ তেওঁলোকে আপৰ পৰা দৃষ্টি ঘূৰাই নিলে৷ আপৰ পৰাজয়ৰ ই এক ডাঙৰ কাৰণ, য’ত চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, চৰকাৰী কৰ্মচাৰী আৰু ব্যৱসায়ীসকলো অন্তৰ্ভুক্ত হৈ আছে৷ 

আপ-কংগ্ৰেছৰ বিভেদঃ  আপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নথকাটোও আপৰ পৰাজয় এটা অন্যতম কাৰণ হৈ পৰিছে৷ কিয়নো ৬৫টা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে৷ পৰাজিত হ’লেও কিন্তু তেওঁলোকে আপক ক্ষতি কৰিছে৷ 

নাগৰিকৰ সমস্যাঃ  ২০২২ চনৰ এমচিডি নিৰ্বাচনত আপৰ বিজয় ক্ষতিকাৰক হৈ পৰে, কিয়নো ভাগি যোৱা ৰাস্তা, নিকৃষ্ট পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পানী যোগানৰ অভাৱৰ দৰে সমস্যাবোৰ এমচিডিৰ সৈতে জড়িত আছিল৷ দিল্লীৰ ভোটাৰসকলে এমচিডি আৰু দিল্লী চৰকাৰৰ মাজত পাৰ্থক্য দেখা নাছিল৷ কিন্তু এমচিএডিয়ে সেই সমস্যা সমাধান কৰিব পৰা নাছিল৷

দুৰ্নীতিৰ অভিযোগঃ  ‘শীষ মহল’ বুলি পৰিগণিত হোৱা অৰবিন্দ কেজৰিৱালৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ সংস্কাৰক তেওঁ ব্যয় কৰা ধনে কেজৰিৱালৰ ‘সাধাৰণ মানুহ’ৰ ভাৱমূৰ্তি সলনি কৰিলে৷ সেই অভিযোগৰ পৰা তেওঁ ৰক্ষা নাপালে৷ তেওঁ তাৰ যথোচিত উত্তৰো দিব নোৱাৰিলে৷ তদুপৰি সুৰা নীতি কেলেংকাৰিৰ ক্ষেত্ৰতো কেজৰিৱালক দিল্লীৰ ভোটাৰে নিষ্কলংক বুলি কেতিয়াও নাভাবিলে৷ তেওঁ এতিয়ালৈ সেই অভিযোগৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিলে৷ সুৰা নীতি কেলেংকাৰিও আপৰ পৰাজয়ৰ অন্যতম বৃহৎ কাৰণ৷