মুখ্যমন্ত্ৰী হ’ব কোন
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ ফেব্ৰুৱাৰীঃ ‘জায়েণ্ট কিলাৰ’ প্ৰৱেশ বাৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব বুলি ৰাজধানীত প্ৰবল জল্পনা-কল্পনা আৰম্ভ হৈছে৷ নিৰ্বাচনৰ পূৰ্বে সচৰাচৰ বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে৷ দিল্লীতো তাৰ ব্যতিক্ৰম হোৱা নাছিল৷ আজিৰ বিপুল বিজয়ৰ পাছতো বিজেপিয়ে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই৷ কিন্তু কেজৰিৱালক পৰাস্ত কৰি বৃহৎ অঘটন ঘটোৱা প্ৰৱেশ বাৰ্মাই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব বুলি চৰ্চা আৰম্ভ হৈছে৷ প্ৰৱেশ বাৰ্মা ৰাজনীতিত নবাগত নহয়৷ তেওঁ উত্তৰাধিকাৰী সূত্ৰেই ৰাজনীতিত প্ৰৱেশ কৰিছিল৷ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মা প্ৰৱেশ বাৰ্মাৰ পিতৃ৷ ২০১৩ চনত তেওঁ মেহৰুলিৰ পৰা দিল্লীৰ বিজেপি বিধায়ক হৈছিল৷ ২০১৪ চনত তেওঁ পশ্চিম দিল্লী লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়৷ ২০১৯ চনতো একেটা কেন্দ্ৰৰ পৰা তেওঁ ৫.৭৮ লাখ ভোটত বিজয়ী হৈ সাংসদ হৈছিল৷ ২০২৪ত তেওঁক বিজেপিয়ে লোকসভাৰ প্ৰাৰ্থিত্ব দিয়া নাছিল৷ ‘কা’ আন্দোলনত তেওঁ শ্বাহিনবাগৰ আন্দোলনকাৰীক দিল্লীৰ বিপদ আখ্যা দি সেই মুছলিম আন্দোলনকাৰীয়ে ঘৰে ঘৰে সোমাই হিন্দু মহিলাক ধ*ৰ্ষণ কৰিব বুলি কৈ প্ৰবল বিতৰ্কৰ সৃষ্টি কৰিছিল৷ সেই বিতৰ্কিত নেতা প্ৰৱেশক দুমাহ পূৰ্বে কেজৰিৱালৰ নতুন দিল্লী কেন্দ্ৰত বিজেপিয়ে প্ৰক্ষেপ কৰে আৰু আক্ষৰিকভাৱে দুমাহত তেওঁ কেজৰিৱালক পৰাজিত কৰি বাজীমাৎ কৰে৷ ৰাজধানীত চৰ্চা, এই প্ৰৱেশ বাৰ্মাই হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী৷
প্ৰৱেশ বাৰ্মাৰ উপৰি সম্ভাৱ্য মুখ্যমন্ত্ৰী হিচাপে জ্যেষ্ঠ বিজেপি নেতা বিজেন্দৰ গুপ্তাৰ নামো চৰ্চালৈ আহিছে৷ আপৰ প্ৰভাৱ থকা অৱস্থাতো তেওঁ ৰোহিণীৰ পৰা ২০১৫, ২০২০ত বিধায়ক নিৰ্বাচিত হৈছিল৷ এই অভিজ্ঞ ৰাজনীতিকৰ লগতে সম্ভাৱ্য মুখ্যমন্ত্ৰী হিচাপে চৰ্চাত আছে সতীশ উপাধ্যায়, অশিস সুদ, জিতেন্দৰ মহাজনৰ নামো৷






