Logo
image

‘শূন্য’ৰ অভিলেখ কংগ্ৰেছৰ, ওমৰ আব্দুল্লাৰ কটাক্ষ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ফেব্ৰুৱাৰীঃ  দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত তিনিবাৰকৈ দিল্লীত শাসনভাৰ চলোৱা দেশৰ ‘গ্ৰাণ্ড অল্ড পাৰ্টি’ খ্যাত কংগ্ৰেছৰ খাটাত পৰিল আকৌ এবাৰ বৃহৎ শূন্য৷ উল্লেখ্য, ২০১৩ চনলৈকে দিল্লীত শাসন চলোৱা কংগ্ৰেছে ২০১৫ আৰু ২০২০ চনত বিধানসভাৰ নিৰ্বাচনতো ভোটাৰক বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ পাছতো এখনো আসনত জয়লাভ কৰিব পৰা নাছিল৷ পুনৰ ২০২৫ৰ বিধানসভাৰ নিৰ্বাচনতো শূন্যৰ অভিলেখ গঢ়িলে কংগ্ৰেছে৷ লক্ষণীয় যে কংগ্ৰেছ দলে এইবাৰো নিৰ্বাচনী প্ৰতিশ্ৰুতিত ভোটাৰক দিছিল বহুতো লোভনীয় অফাৰ৷ ইয়াৰ ভিতৰত আছিল   


যুৱ উড়ান আঁচনিৰ অধীনত প্ৰতিজন নিবনুৱাক ৮৫০০ টকাকৈ দিয়া, প্যায়ৰী দিদি আঁচনিৰ অধীনত প্ৰতিগৰাকী মহিলাক ২৫০০ টকাকৈ দিয়া, জীৱন ৰক্ষা যোজনাৰ অধীনত ২৫ লাখ টকা পৰ্যন্ত ইন্সুৰেন্স কাভাৰ দিয়া ইত্যাদি৷ কিন্তু কংগ্ৰেছৰ এই লোভনীয় প্ৰতিশ্ৰুতিত দিল্লীৰ ভোটাৰ ভোল নগ’ল৷ পিছে পৰাজিত হোৱাৰ পাছতো কংগ্ৰেছৰ মুখত দেখা নগ’ল কোনো হতাশাৰ চিন৷ আপৰ পৰায়জত যেন কংগ্ৰেছ সুখী৷ হয়তো কংগ্ৰেছৰ নেতৃত্বৰ আশা দিল্লীত আপ উছন, দুৰ্বল হ’লেহে পুনৰ কংগ্ৰেছৰ ভেটি মজবুত হ’ব৷ জয়ৰ বাবে বিজেপিক শুভেচ্ছা জনাই কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীয়ে ক’লে–‘দিল্লীবাসীয়ে পৱিৰ্তনৰ বাবে ভোট দিছে৷ তেওঁলোকে যিদৰে আছিল তাত বিৰক্ত হৈ পৰিছিল৷ জয়ী হোৱা সকলোকে মোৰ ফালৰ পৰা অভিনন্দন৷’ কাজেই প্ৰিয়ংকা গান্ধীৰ মন্তব্যতে স্পষ্ট কংগ্ৰেছ পৰাজয়ত সুখী নে দুখী৷ কংগ্ৰেছ আৰু আপৰ ভোট বিভাজনৰ বাবেই দিল্লীত অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়াৰ পৰাজয় নিশ্চিত হ’ল৷ নতুন দিল্লী সমষ্টিত কেজৰিৱাল ৪০৮৯টা ভোটত পৰাস্ত হোৱাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে লাভ কৰে ৪,৫৬৮টা৷ একেদৰে জংপৰা সমষ্টিত মনীষ ছিেছাদিয়া ৬৭৫টা ভোটত পৰাস্ত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ ফাৰহাদ চুৰীয়ে লাভ কৰে ৭,৩৫০টা ভোট৷ একেদৰে কালকাজী সমষ্টিত আতিশী মাৰ্লেনাই ৩৫২১টা ভোটত জয়লাভ কৰে যদিও কংগ্ৰেছৰ অলকা লাম্বাই নষ্ট কৰে ৪,৩৯২টা ভোট৷ ইফালে আজি দুপৰীয়া দিল্লীৰ নিৰ্বাচনী ফলাফল বিজেপিৰ পক্ষত যোৱাটো নিশ্চিত হোৱাৰ পাছতে  আপ আৰু কংগ্ৰেছ দুয়োটা পক্ষকে কটাক্ষ কৰি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এক টুইট কৰে৷ এই টুইটত তেওঁ কয় – ‘আৰু বেছি নিজৰ মাজতে যুঁজ কৰা৷ এজনে আন জনক শেষ কৰি দিয়া৷’ এই টুইটৰ দ্বাৰা আব্দুল্লাই কংগ্ৰেছ আৰু আপৰ ভোট বিভাজনৰ বাবে যে বিজেপিৰ জয় লাভ নিশ্চিত হ’ল এই কথা আওপকীয়াকৈ উল্লেখ কৰিছে৷