Logo
image

ডিব্ৰুগড়ত বলীউডৰ চিনেমাৰ শ্বুটিং

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৯ ফেব্ৰুৱাৰীঃ  ডিব্ৰুগড়ত দৃশ্যগ্ৰহণ হ’ব বলীডডৰ বহুচৰ্চিত এখন ছবি৷ বলীউডৰ প্ৰখ্যাত পৰিচালক তথা ‘অ মাই গড’ দ্বিতীয় সংস্কৰণৰ পৰিচালক অমিত ৰায়ৰ নিৰ্দেশনাত নিৰ্মাণ  হ’বলগীয়া ছবিখনৰ কলা-কুশলীসকলৰ প্ৰশিক্ষণ আজিৰে পৰা ডিব্ৰুগড়ত আৰম্ভ হৈছে৷ আজি ডিব্ৰুগড়ৰ সন্তোষী মা পথত অৱস্থিত আখৰা ঘৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ছবিখনৰ নিৰ্বাচিত কলা-কুশলীসকলৰ কৰ্মশালা কাৰ্যসূচী এক মাংগলিক পৰ্বৰে শুভাৰম্ভ কৰা হয়৷ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চলৈকে ডিব্ৰুগড়ৰ বিভিন্ন স্থানত হ’ব ছবিখনৰ দৃশ্যগ্ৰহণ৷ ইতিমধ্যে সুদুৰ মায়ানগৰী মুম্বাইৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈছে কাৰিকৰীৰ দল৷ আনহাতে এই ছবিখনত বলীডডৰ প্ৰতিষ্ঠিত অভিনেতা-অভিনেত্ৰীৰ উপৰি ডিব্ৰুগড়ৰ ৮০ শতাংশ কলা-কুশলীক লৈ পৰিচালক অমিত ৰায়ে নিৰ্মাণ কৰিব ছবিখন৷ ‘অ’ মাই গড’ৰ সফলতাৰ পাছতে পৰিচালক অমিত ৰায়ে সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়িছে৷ অসম চলচ্ছিত্ৰ বিত্তীয় নিগম আৰু আসাম চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজে ছবিখনৰ দৃশ্যগ্ৰহণ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াব৷ আনহাতে এই ছবিখনত ডাইৰেক্টৰ অফ ফটোগ্ৰাফী হিচাপে থাকিব জন হাংগেৰী৷ পৰিচালক অমিত ৰায়ে বিশেষকৈ অসমকেই প্ৰাধান্য দি নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা জানিবলৈ দিছে৷ ছবিখনৰ এটা অংশ বিহাৰত দৃশ্যগ্ৰহণ হ’ব বুলি পৰিচালকজনে জানিবলৈ দিছে৷ ইফালে বিভিন্ন স্থানত ছবিখনৰ দৃশ্য গ্ৰহণৰ বাবে ইতিমধ্যে সাজু কৰি লোৱা হৈছে৷ দুই-এদিনৰ ভিতৰতে মুম্বাইৰ আন এটা কাৰিকৰী দল ডিব্ৰুগড়ত উপস্থিত হ’ব৷ উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়ৰ বহু কলা-কুশলীক লগত লৈ বলীউডৰ ছৱিখন দৃশ্য গ্ৰহণৰ বাবে সাজু হৈ উঠিছে পৰিচালক অমিত ৰায়ে৷


ডিব্ৰুগড়ৰৰ উপৰি গুৱাহাটী তথা অসমৰ বহু কলা-কুশলীয়ে ছৱিখনত ভূমুকি মাৰিব৷ আনহাতে ডিব্ৰুগড় উপস্থিত হৈয়েই পৰিচালক অমিত ৰায়ে ডিব্ৰুগড়ৰৰ চাহ বাগিচাৰ সৌন্দৰ্য দেখি মন্ত্ৰমুগ্ধ হোৱাৰ লগতে ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে অধিক আগ্ৰহেৰে কাম আৰম্ভ কৰিছে৷ এই ছবিখনত অসমৰ কলা-কুশলী সকলক লগত লৈ অসমীয়া ভাষা ব্যৱহাৰেৰে ইয়াৰ দৃশ্য গ্ৰহণ হ’ব৷ মূলতঃ ছবিখনত অসমীয়া ভাষাই স্থান লাভ কৰিব৷ আজি পুৱাৰ ভাগতে ডিব্ৰুগড়ৰ আখৰা ঘৰত পৰিচালক অমিত ৰায়ে মাংগলিক পৰ্বৰ মাজেৰে আৰম্ভ কৰা নিৰ্বাচিত অসমীয়া কলা-কুশলীসকলক প্ৰশিক্ষণ প্ৰদান কৰে৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ অতি পুৰণি নাট্য প্ৰশিক্ষণ কেন্দ্ৰ আখৰা ঘৰৰ ভালেমান নাট্যকৰ্মীয়েও ভূমুকি মাৰিব বলীউডৰ ছবিখনত৷ আজিৰ এই কাৰ্যসূচীত বিশিষ্ট নাট্যকৰ্মী তথা অভিনেতা অসীম শৰ্মা, আসাম চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ ডাঃ ভাস্কৰ পাপুকন গগৈ আদিকে ধৰি ভালেসংখ্যক কলা-কুশলীয়ে উপস্থিত থাকে৷