
সদগুৰু, কৃষ্ণগুৰুক সাক্ষাৎ কৰি ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্ৰুৱাৰীঃ এডভাণ্টেজ আছাম ২.০ প্ৰচাৰৰ বাবে ছিংগাপুৰলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ কাইলৈৰ পৰা দুদিনৰ বাবে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত বাহৰ পাতি এডভাণ্টেজ আছাম ২.০ প্ৰচাৰ চলাব৷ জানিব পৰা মতে মুখ্যমন্ত্ৰীয়ে দেশখনৰ উদ্যোগপতি, চৰকাৰী বিষয়াসকলৰ লগত আলোচনাত বহিব৷ মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত এখন ৰোড শ্ব’তো অংশগ্ৰহণ কৰিব আৰু ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি নিৰ্মাণ আদি উদ্যোগখণ্ডৰ নেতৃবৃন্দৰ সৈতে পৃথকে বৈঠকত বহিব৷ ছিংগাপুৰ ভ্ৰমণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এনেদৰে মন্তব্য কৰে– ‘কাইলৈৰ পৰা অহা দুদিনৰ বাবে এডভাণ্টেজ আছাম ২.০১ প্ৰচাৰৰ অৰ্থে ছিংগাপুৰলৈ ৰাওনা হ’ম৷ এই ভ্ৰমণত ছেমিকণ্ডাক্টৰ, ডীপ টেকন’লজী, আন্তঃগাঁথনি আৰু নিৰ্মাণ আদি খণ্ডত ৰাজ্যৰ বৰ্ধিত সম্ভাৱনাৰ দিশত আলোকপাত কৰা হ’ব৷ উন্নত উদ্যোগ আৰু উদ্ভাৱনৰ দিশত অসমক এক উদীয়মান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে আমাৰ মূল লক্ষ্যক ধিয়াই আমি তাত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিম আৰু বাণিজ্যিক সহযোগিতা তথা বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ছিংগাপুৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ সৈতে বহুকেইখন পৃথক বৈঠকতো অংশগ্ৰহণ কৰিম৷’ ইফালে ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেওবাৰে পুৱা আধ্যাত্মিক গুৰু সদগুৰুক তেওঁৰ বাসগৃহত আতিথ্য প্ৰদান কৰে আৰু তেওঁৰ সৈতে বিশেষ বাৰ্তালাপত মিলিত হয়৷ মুখ্যমন্ত্ৰীয়ে সদগুৰুৰ আধ্যাত্মিকতা আৰু বিকাশৰ বাবে প্ৰকৃতিকেন্দ্ৰিক দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ কথা উল্লেখ কৰে৷ পৰৱৰ্তী সময়ত লোকসেৱা ভৱনত সদগুৰুৱে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক মুকলি মত বিনিয়ম অনুষ্ঠানত মিলিত হয়৷ প্ৰায় এঘণ্টাজোৰা এই অনুষ্ঠানত ব্যক্তিৰ আভ্যন্তৰীণ সুস্থতা আৰু ৰূপান্তৰণ সন্দৰ্ভত সদগুৰুৱে তেওঁৰ দৃষ্টিভংগী দাঙি ধৰি এইসমূহে জনসেৱা প্ৰদানৰ দিশত ৰাজ্যৰ প্ৰশাসনৰ সামগ্ৰিক কৰ্ম-কুশলতাক কিদৰে ইতিবাচকভাৱে প্ৰভাৱিত কৰে তাৰ ওপৰত সম্যক জ্ঞান প্ৰদান কৰে৷ তদুপৰি তেওঁ সু-প্ৰশাসন নিশ্চিত কৰাৰ দিশত আধ্যাত্মিক চেতনা নিহিত বা প্ৰোথিত কৰাৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে৷ অনুষ্ঠানত উপস্থিত থকা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে আধ্যাত্মিক গুৰুগৰাকীয়ে৷ স্মৰ্তব্য যে, ৰাজ্য চৰকাৰৰ আমন্ত্ৰণমৰ্মে ২০২২ বৰ্ষৰ ছেপ্তেম্বৰ মাহত সদগুৰুৱে কাজিৰঙাত অনুষ্ঠিত এক তিনিদিনীয়া চিন্তন শিবিৰতো অংশগ্ৰহণ কৰিছিল৷ ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ লগতে বিভিন্ন খণ্ডত ৰূপান্তৰৰ যাত্ৰা ত্বৰাণ্বিত কৰাৰ লক্ষ্যৰে কাজিৰঙাত ৰাজ্য চৰকাৰে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ বাবে সেই চিন্তন শিবিৰ আয়োজন কৰিছিল৷ শিবিৰত অংশ লৈ সদগুৰুৱে ৰাজ্যত প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ লগতে প্ৰশাসনিক ব্যৱস্থাৰ মূল অংগ হিচাপে কাৰ্যৰত বিষয়াসকলৰ ব্যক্তিত্বৰ বিকাশ আৰু ৰাজহুৱা সেৱা প্ৰদানৰ দিশত কেনেদৰে যোগাত্মকভাৱে কাৰ্য কৰিব পৰা যায় তাৰ ওপৰত আলোকপাত কৰিছিল৷ তদুপৰি সেই ভ্ৰমণকালতে সদগুৰুৱে মুখ্যমন্ত্ৰীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ লগতে কাজিৰঙাৰ মিহিমুখত পূৰ্বে ৰাজ্য চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ অংশ হিচাপে চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ খৰ্গসমূহ জ্বলোৱাৰ যি কাৰ্যসূচী লৈছিল তাৰ ফলত উৎপন্ন হোৱা ছাইৰে প্ৰস্তুত কৰা তিনিটা গঁড়ৰ মূৰ্তিও তেওঁ মুকলি কৰিছিল৷ লোকসেৱা ভৱনত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত মুখ্য সচিব ড॰ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙকে ধৰি প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনতো অংশগ্ৰহণ কৰে আৰু অসমক এখন উন্নত ৰাজ্য হিচাপে আগুৱাই নিয়াত সামূহিক মনোভাৱ আৰু একাত্ম হোৱাৰ দিশত গুৰুত্ব প্ৰদান কৰে৷
নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা
নসত্ৰৰ পৰা কিশোৰ শিৱম আমাৰ অসমঃ ধৰ্মৰ উদ্দেশ্য হ’ল মানৱতাৰ কল্যাণ সাধন কৰা৷ ধৰ্মই মানুহক সংযত, সহনশীল আৰু সমাজখন একত্ৰিত কৰে ৰাখে৷ ধাৰ্মিক উদ্দেশ্যৰে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড একনাম কীৰ্তনত একত্ৰিত হোৱা ভকত সকলৰ সংগ লাভ কৰি নিজকে পৱিত্ৰ অনুভৱ কৰিছো৷ এই অভিমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰী শৰ্মা আজি সন্ধিয়া নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয়৷ বিশ্বশান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত যোৱা ৩১ জানুৱাৰীৰ পৰা বাৰদিনীয়াকৈ অনুষ্ঠিত হৈ থকা একনাম অখণ্ড কীত্তৰ্ন উপলক্ষে মুখ্যমন্ত্ৰী গৰাকীয়ে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত পদাৰ্পন কৰি সেৱাশ্ৰমৰ গুৰু প্ৰেমানন্দৰ আশীৰ্বাদ গ্ৰহণ কৰা বুলি সদৰি কৰি কয় যে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত সেৱাশ্ৰমখনে কি কি কাম কৰি আছে তাৰ বুজ লোৱাৰ লগতে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ব বিদ্যালয়ৰ কতৃৰ্পক্ষৰ লগত বিশ্ব বিদ্যালয়খন সম্পৰ্কে আলোচনাত মিলিত হোৱা বুলি জানিবলৈ দিয়ে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰু গৃহত এমুঠি অন্ন গ্ৰহণ কৰাৰ সৌভাগ্য হোৱা বুলি প্ৰকাশ কৰি তেওঁ পুনৰ কয়, শিক্ষা আৰু স্বাস্থ্যৰ হকে কাম কৰাটো সকলোৰে কৰ্তব্য বুলি মন্তব্য কৰি কৃষ্ণগুৰু সেৱাশ্ৰমেখনে শিক্ষা আৰু স্বাস্থ্যখণ্ডত লোৱা কাৰ্যৰ বাবে প্ৰশংসা কৰে৷ নসত্ৰৰ সমীপৰ সুবৰ্ণ কুড়ৰ মথাউৰি সন্দৰ্ভত নসত্ৰ সেৱাশ্ৰমৰ গুৰুৱে জনোৱা অনুৰোধ মুখ্যমন্ত্ৰী গৰাকীয়ে মথাউৰিটোৰ কাম শীঘ্ৰে কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ আনহাতে, চাহ উদ্যোগ সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, অসমত চাহ উদ্যোগৰ দুশ বছৰ হ’ল৷ চাহ উদ্যোগৰ পিছফালে থাকি উদ্যোগটোক উজ্জীৱিত কৰি ৰখা চাহ শ্ৰমিক সকলৰ কৃষ্টি -সংস্কৃতিৰ বিকাশৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ ইমানদিনে চাহ শ্ৰমিকৰ কৃষ্টি-সংস্কৃতি কেৱল চাহ বাগিচাৰ মাজতে সীমাবদ্ধ আছিল৷ অসম চৰকাৰে এইবেলি চাহ শ্ৰমিকসকলৰ কৃষ্টি -সংস্কৃতি জাতীয় স্বীকৃতি দিৱলৈ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে৷ তদুপৰি, মুখ্যমন্ত্ৰীৰ ছিংগাপুৰ ভ্ৰমণ সম্পৰ্কতো বক্তব্য প্ৰকাশ কৰে৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই নসত্ৰৰ সেৱাশ্ৰমত উপস্থিত হৈয়ে প্ৰথমে কীৰ্তন ঘৰত সোমাই সেৱা জনোৱাৰ লগতে উপস্থিত ভকতবৃন্দৰ লগত কিছু সময় একনাম কীৰ্তনত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক আদি গুৰু প্ৰয়াত অৰুণ দেৱগোস্বামীৰ সমাধিস্থলীত উপস্থিত হৈ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ নসত্ৰৰ আদি গুৰুজনাৰ সমাধিস্থলীৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰীয়ে গুৰুগৃহত প্ৰৱেশ কৰি নসত্ৰ সেৱাশ্ৰমৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ সৈতে কিছু সময় আলোচনাত মিলিত হয়৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত আছিল৷ মনকৰিবলগীয়া কথা, কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেৱাশ্ৰমখনত উপস্থিত হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷