Logo
image

মিৰ্জা ৰে’ল ষ্টেচনত ৰাজ্যিক জিএছটিৰ অভিযানত ১৫০ কোটি টকাৰ চুপাৰি জব্দ

‘আমাৰ অসম’ৰ মিৰ্জাৰ প্ৰতিবেদক, ৯ ফেব্ৰুৱাৰীঃ  পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জাৰ মণিয়েৰী তিনিআলি ৰে’ল ষ্টেচনত শনিবাৰে ৰাজ্যিক জিএছটি বিভাগে এক অভিযান চলাই নথিপত্ৰবিহীন এখন মালভৰ্তি ৰে’ল আৰু কেইবাখনো ট্ৰাকসহ এজন ট্ৰাক চালকক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ গুটখা, চুপাৰি, বৈদু্যতিক সা-সামগ্ৰীকে ধৰি বহু সামগ্ৰী জব্দ কৰে৷ এনে ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ এক গোপন সূত্ৰে, ৰাজ্যিক জিএছটি বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে আজি এখন মালবাহী ৰে’লসহ কেইবাখনো ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ খবৰ মতে, কোনো বৃহৎ পুঁজিপতি মালিকপক্ষই বহিঃৰাজ্যৰ পৰা জিএছটি ফাঁকি দি এখন ৰে’লেৰে এই বৃহৎ পৰিমাণৰ সা-সামগ্ৰীখানি পলাশবাৰী আৰক্ষী থানাৰ মিৰ্জাৰ সমীপৰ মণিয়েৰী তিনিআলিৰ ৰে’ল ষ্টেচনলৈ আনে৷


এই সামগ্ৰীবোৰ এই ষ্টেচনত নমাই ট্ৰাকেৰে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক ক্ষেত্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল৷ কিন্তু আয়কৰ বিভাগে এই খবৰ লাভ কৰি মিৰ্জাৰ এই ষ্টেচনত উপস্থিত হৈ এই বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰে৷ জব্দকৃত চুপাৰিখিনিৰ মূল্য প্ৰায় ১৫০ কোটি টকা হ’ব৷ একসূত্ৰে আয়কৰ বিভাগৰ এই খবৰ লাভ কৰি একাংশ ট্ৰাক চালক পলাই পত্ৰং দিয়ে৷ অঞ্চলটোত এই খবৰ বিয়পি পৰাত লগতে আৰক্ষীৰ লোক উপস্থিত হৈ অভিযান চলায়৷